অসমৰ চৰাই
১৩৬ প্ৰবন্ধ
-
হেটুলুকা
হেটুলুকা (Barbet) ভাৰত উপমহাদেশৰ উত্তৰৰ অঞ্চলসমূ্ত দেখা পোৱা এটা চৰাইৰ প্ৰজাতি৷ ই প্ৰধানকৈ হিমালয়ৰ নামনি, বাংলাদেশ আৰু পশ্চিমবংগত বিস্তৃত হৈ আছে৷
-
আমৰ’লীয়া হাঁহ
আমৰ'লীয়া হাঁহ বা পাতিহাঁহ (Mallard বা Wild Duck, Anas platyrhynchos) এবিধ মজলীয়া আকাৰৰ হাঁহৰ প্ৰজাতি৷ ই নাতিশীতোষ্ণ তথা ক্ৰান্তীয় অঞ্চল যেনে আমেৰিকা, ইউৰোপ, এছিয়া, উত্তৰ আমেৰিকা আদিত প্ৰজনন কৰে৷ তাৰোপৰি এই প্ৰজাতিবিধক নিউজিলেণ্ড তথা অষ্ট্ৰেলিয়া আদিত নতুনকৈ সংস্থাপন কৰা হৈছে৷ মতা আমৰ'লীয়া…
-
কণামুছৰি
কণামুছৰি (Indian Pond Heron, বৈজ্ঞানিক নাম:Ardeola grayii) এবিধ হেৰন (Heron) গোটৰ অন্তৰ্ভুক্ত সৰু আকাৰৰ চৰাই৷ ই দক্ষিণ ইৰাণ, ভাৰত, বাৰ্মা, বাংলাদেশ আৰু শ্ৰী লংকাত প্ৰজনন কৰা বুলি জনা যায় ৷ কণামুছৰি বহুলভাৱে বিস্তৃত আৰু প্ৰায় সকলো জলাশয়তে ইয়াক দেখা যায়৷ উৰন্ত সময়ত উজ্জ্বল বগা ডেউকাৰে ইয়াক…
-
কুটুম চৰাই
কুটুম চৰাই (Watercock, বৈজ্ঞানিক নাম: Gallicrex cinerea) 'Rallidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি। ই সমগ্ৰ দক্ষিণ-পূব এছিয়াতে বহুলভাৱে বিস্তৃত হৈ আছে।
-
কেতেকী
কেতেকী ( Indian Cuckoo, বৈজ্ঞানিক নাম: Cuculus micropterus) কুকুলিফৰমছ (Cuculiformes) বৰ্গৰ অন্তৰ্ভুক্ত কুলিজাতীয় এবিধ চৰাইৰ প্ৰজাতি। ই অকলশৰীয়াকৈ থকা লাজকুৰীয়া (solitary and shy ) বিধৰ চৰাই। এই চৰাইবিধ এছিয়াৰ পাকিস্তান, ভাৰত, শ্ৰীলংকা, ইণ্ডোনেছিয়া তথা চীন আৰু ৰাছিয়ালৈকে পোৱা যায়।
-
চাকৈ-চকোৱা
চাকৈ-চকোৱা এটা হাঁহৰ প্ৰজাতি। সংস্কৃতত ইয়াক ব্ৰাহ্মণি হাঁহ বুলি কয়।
-
দলমৰা
দলমৰা, ইংৰাজী নাম: Pheasant-Tailed Jacana, বৈজ্ঞানিক নাম: Hydrophasianus chirurgus, অত্যন্ত দীঘল নখ আৰু ভৰিৰে মধ্যমীয়া আকৃতিৰ জলচৰ চৰাই৷
-
দহিকতৰা
দহিকতৰা চৰাইৰ ইংৰাজী নাম Magpie Robin আৰু বৈজ্ঞানিক নাম: Copsychus saularis। এই চৰাইবিধ সাধাৰণতে নাতিশীতোষ্ণ দক্ষিণ এছিয়াৰ বাংলাদেশ, ভাৰত, পাকিস্তান, শ্ৰীলংকা, ইন্দোনেছিয়া, মালয়েছিয়া, চীনৰ দক্ষিণাঞ্চল আৰু ফিলিপাইনত দেখিবলৈ পোৱা যায়।
-
বৰমূগী হাঁহ
বৰমূগী হাঁহ বা খদাহাঁহ(Indian Spot-billed Duck, বৈজ্ঞানিক নাম-Anas poecilorhyncha) বিষূৱীয় অঞ্চল সমূহত প্ৰজনন কৰা এবিধ হাঁহৰ প্ৰজাতি৷ ইয়াক প্ৰধানত: এছিয়া মহাদেশত দেখা পোৱা যায়৷
-
লক্ষ্মী ফেঁচা
লক্ষ্মী ফেঁচা (Barn Owl, বৈজ্ঞানিক নাম: Tyto alba) সমগ্ৰ চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰতে বহুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰত এটা। ইয়াক দুই মেৰু আৰু মৰুভূমি অঞ্চল তথা প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহৰ বাহিৰে পৃথিৱীৰ প্ৰায় সকলো ঠাইতে পোৱা যায়।
-
শামুকভঙা
শামুকভঙা (Asian Openbill/Asian Openbill Stork, বৈজ্ঞানিক নাম: Anastomus oscitans) এবিধ সাৰেং জাতীয় চৰাই।
-
শেন
শেন (Shaheen Falcon,বৈজ্ঞানিক নাম-Falco peregrinus peregrinator) ভাৰত উপ-মহাদেশ তথা শ্ৰীলংকাত দেখা পোৱা এটা মাংসভোজী চৰাইৰ প্ৰজাতি৷ শেন চৰাইৰ বিষয়ে পোনপ্ৰথমে বৰ্ণনা কৰিছিল ১৮৩৭ চনত কাৰ্ল জেকব সুন্দাভল (Karl Jakob Sundevall) এ৷ ইয়াক মাজে সময়ে Falco atriceps বা Falco shaheen বুলিও উল্লেখ কৰা দেখা…
-
হয়কলি
হয়কলি ( Swamp Partridge বা Swamp Francolin, বৈজ্ঞানিক নাম:Francolinus gularis) লাজকুৰীয়া আৰু স্থলচৰ (terrestrial) কুকুৰা (pheasant family, Phasiandae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাই। ইয়াক সাধাৰণতে ভাৰতৰ কিছু অংশত, নেপাল আৰু বাংলাদেশ ত পোৱা যায়।
-
ইটাগুৰীয়া হাইঠা
ইটাগুৰীয়া হাইঠা (Pompadour Green Pigeon, বৈজ্ঞানিক নাম-Treron sp.) 'Treron' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই দক্ষিণ তথা দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ আছে৷
-
কনুৱা
কনুৱা (Woolly-necked Stork বা White-necked Stork, বৈজ্ঞানিক নাম-Ciconia episcopus) এবিধ ডাঙৰ আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷
-
কাঠ শালিকা
কাঠ-শালিকা (Chestnut-tailed Starling, বৈজ্ঞানিক নাম: Sturnia malabarica) ) শালিকা জাতীয় চৰাইৰ প্ৰজাতি সমূহৰ অন্যতম প্ৰজাতি৷ দক্ষিণ-পূব এছিয়া তথা ভাৰত ত ইয়াক থলুৱাভাৱে দেখা পোৱা যায় যদিও ই আংশিকভাৱে পৰিভ্ৰমণকাৰী চৰাই বুলিও জানিব পৰা গৈছে৷
-
কামচৰাই
কামচৰাই (Purple Swamphen, বৈজ্ঞানিক নাম-Porphyrio porphyrio) 'Rallidae' পৰিয়ালৰ অন্তৰ্ভু্ক্ত এবিধ চৰাইৰ প্ৰজাতি৷ ই কুকুৰাৰ সমান আকাৰৰ আৰু গাৰ উজ্জল বৰণ তথা ৰঙা ঠোঁটৰ বাবে ইয়াক সহজে চিনাক্ত কৰিব পৰা যায়৷
-
কোকলোঙা
কোকলোঙা (Rufous Treepie, বৈজ্ঞানিক নাম-Dendrocitta vagabunda) দক্ষিণ-পূব এছিয়াত স্থানীয়ভাৱে পোৱা এবিধ চৰাইৰ প্ৰজাতি। ই কাউৰী পৰিয়াল (Corvidae)ৰ অন্তৰ্ভুক্ত। ইয়াৰ নেজ অতি দীঘল আৰু ইয়াৰ ডাঙৰ মাতৰ বাবে চকুত পৰা বিধৰ হয়।
-
কৰ্চন চৰাই
কৰ্চন চৰাই (বৈজ্ঞানিক নাম: Grus antigone) গ্ৰুইডু গোত্ৰ বা পৰিয়ালৰ অন্তৰ্গত বক গণৰ অন্তৰ্গত এবিধ ডাঙৰ আকাৰৰ চৰাই। সহজে দৃষ্টিগ্ৰাহ্য ও দৰ্শনীয় ইয়াক দেশীয় শাৰস বুলিও কোৱা হয়। এই চৰাইবিধ উৰিব পৰা চৰাইৰ ভিতৰত দীৰ্ঘতম, প্ৰায় ১.৮ মিটাৰ (৫.৯ ফুট)।
-
খন্তীয়া হাঁহ
খন্তীয়া হাঁহ (Northern Shoveler, বৈজ্ঞানিক নাম-Anas clypeata) এবিধ বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি। ই প্ৰধানকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে। । শীতকালত খন্তীয়া হাঁহে দক্ষিণ ইউৰোপ, আফ্ৰিকা, ভাৰত উপমহাদেশ, দক্ষিণ এছিয়া তথা আমেৰিকালৈ পৰিভ্ৰমণ কৰে।
-
গো-বগ
গো-বগ বা গৰু বগলী (Cattle Egret, বৈজ্ঞানিক নাম-Bubulcus ibis) এটা বহুলভাৱে বিস্তৃত হৈ থকা বগলীৰ প্ৰজাতি। ই Ardeidae পৰিয়াল তথা Bubulcus গোত্ৰৰ অন্তৰ্ভুক্ত। পূৰ্বতে ই কেৱল এছিয়া, আফ্ৰিকা তথা ইউৰোপত বিস্তৃত হৈ আছিল যদিও শেহতীয়াকৈ ইয়াৰ জনসংখ্যাই পৃথিৱীৰ অন্য অঞ্চলসমূহলৈ দ্ৰুত বিস্তৃতি লাভ কৰিছে।
-
ঘিলা হাঁহ
ঘিলা হাঁহ বা নাক খেচখেচী, বৈজ্ঞানিক নাম-Nettapus coromandelianus) এটা সৰু আকাৰৰ হাঁহৰ প্ৰজাতি। ই ঘাইকৈ পাকিস্তান, ভাৰত, বাংলাদেশ আৰু অষ্ট্ৰেলিয়াত প্ৰজনন কৰে।
-
চাতক
চাতক বা টেলটুপী (Barn Swallow, বৈজ্ঞানিক নাম-Hirundo rustica) চাতক(Swallow) এইজাতীয় চৰাইসমূহৰ ভিতৰত আটাইতকৈ বহুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতি। ই এবিধ সহজে চিনিব পৰা চৰাই-ইয়াৰ দেহৰ ওপৰভাগ নীল-বৰণীয়া, নেজ জোঙা আৰু দকৈ দুভাগকৈ কটা।
-
ডাউক
ডাউক (ইংৰাজী: "White-breasted waterhen" আৰু বৈজ্ঞানিক নাম: "Amaurornis Phoenicurus") চৰাই, দক্ষিণ তথা দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ জলচৰ পক্ষী।
-
পানীডাউক
পানীডাউক (Common Moorhen, বৈজ্ঞানিক নাম-Gallinula chloropus) 'Rallidae' গোটৰ অন্তৰ্ভুক্ত আৰু বহুলভাৱে বিস্তৃত এবিধ চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে জলজ উদ্ভিদেৰে পৰিপূৰ্ণ পুখুৰী আৰু অন্যান্য জলাশয়ত চৰি থকা দেখা যায়।
-
বতা চৰাই
__NOTOC__ বটা চৰাই (Common Quail), বৈজ্ঞানিক নাম- Coturnix coturnix) Phasianidae পৰিয়ালৰ অন্তৰ্গত এটা সৰু আকাৰৰ চৰাই৷ ই বহুলভাৱে বিস্তৃত আৰু ইউৰোপৰ বিভিন্ন অংশত ইয়াক দেখিবলৈ পোৱা যায়৷
-
বিহুৱতী চৰাই
বিহুৱতী চৰাই (Common Iora, বৈজ্ঞানিক নাম-Aegithina tiphia) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। ই বিষুৱীয় অঞ্চলত, প্ৰধানকৈ এছিয়া মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে। i
-
বৰশৰালি
বৰশৰালি (Fulvous Whistling Duck, বৈজ্ঞানিক নাম: Dendrocygna bicolor) এবিধ হাঁহৰ প্ৰজাতি৷ ই দেখাত একেধৰণৰ শৰালিৰ প্ৰজাতিতকৈ আকাৰত কিছু ডাঙৰ হয়৷ তাৰোপৰি দুয়োটা প্ৰজাতিৰ মাজত কিছু গঠনগত পাৰ্থক্যও দেখা পোৱা যায়৷
-
ভদৰকলি
ভদৰকলি (great tit, বৈজ্ঞানিক নাম-Parus major) ‘’Paridae’’ পৰিয়ালৰ অন্তৰ্ভুক্ত এটা সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই ইউৰোপ, এছিয়া তথা আফ্ৰিকা মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে৷ ইয়াক সাধাৰণতে স্থানীয়ভাৱে দেখা পোৱা যায়৷ ভদৰকলিৰ আকাৰ সৰু৷ ইয়াৰ মূৰ আৰু ডিঙি অংশ ক’লা, মুখ বগা আৰু গাৰ তলৰ অংশ হালধীয়া হয়৷
-
মৌপিয়া
মৌপিয়া (Crimson Sunbird, বৈজ্ঞানিক নাম-Aethopyga siparaja) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই ঘাইকৈ ফুলৰ ৰস খায় বাবে ইয়াক মৌপিয়া বুলি কোৱা হয়৷ অৱশ্যে প্ৰজনন কালত ই পোক-পতংগও খোৱা দেখা যায়৷ ই চিংগাপুৰৰ ৰাষ্ট্ৰীয় চৰাই৷