অসমৰ চৰাই
১৩৬ প্ৰবন্ধ
-
নীলা নাচনী
নীলা নাচনী চৰাই (Slaty-blue Flycatcher বৈজ্ঞানিক নাম-Ficedula tricolor) 'Muscicapidae' পৰিয়ালৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি।
-
পাত চৰাই
পাত চৰাই বা সোণকপালী পাত চৰাই ( Chloropsis aurifrons ) ( ইংৰাজী: Golden-fronted Leafbird ), পাত চৰাই বা সোণকপালী পাত চৰাই হৈছে ক্ল'ৰ'পচিডি ( Chloropseidae ) পৰিয়াল বা গোত্ৰ অন্তৰ্গত এক প্ৰজাতিৰ পাত চৰাই। ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ কিছু দেশ ইহঁতৰ প্ৰধান বাসস্থান।
-
পানী বগলী
পানী বগলী (Intermediate Egret বা Median Egret, বা Smaller Egretবা Yellow-billed Egret, বৈজ্ঞানিক নাম-Mesophoyx intermedia) এটা মজলীয়া আকাৰৰ বগলীৰ প্ৰজাতি৷ ই পূব আফ্ৰিকা, দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়াৰ এটা স্থানীয় চৰাই৷
-
ফুলটোকা চৰাই
ফুলটোকা চৰাই (Scarlet-backed Flowerpecker, বৈজ্ঞানিক নাম-Dicaeum cruentatum) পেচ্চেৰিফৰমিছ বৰ্গৰ আৰু 'Dicaeidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি। এই চৰাইবিধৰ মতা আৰু মাইকী চৰাই দুটা দেখাত বেলেগ হয়। এই চৰাইবিধ দক্ষিণ আৰু পূব এছীয়াৰ বনাঞ্চল তথা উদ্যান সমূহত দেখিবলৈ পোৱা যায়।
-
বগা চকুৱা টিপচী
বগা চকুৱা টিপচী (Zosterops palpebrosus) বগা চকুৱা পৰিয়ালৰ এটি সৰু পেচেৰিন চৰাই। ইহঁতক চছমা চকুৱা বা বগা চকুৱা টিপচী বুলিও কোৱা হয়। ইহঁত সৰু সৰু গোটত বিভক্ত হৈ বিচৰণ কৰে। অমৃত (nectar) আৰু সৰু সৰু পোক-পৰুৱা খায়।
-
বগা বালিমাহী
বগা বালিমাহী, ( White Wagtail, বৈজ্ঞানিক নাম-Motacilla alba) এটা সৰু আকাৰৰ বালিমাহী চৰাইৰ প্ৰজাতি৷ ই ঘাইকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আফ্ৰিকাত প্ৰজনন কৰে৷ বগা বালিমাহী পতংগভোজী৷ ইহঁতে প্ৰধানকৈ জলাশয় বা পানীৰ অন্যান্য উৎসৰ আশে পাশে চৰে৷
-
বালিঘোৰা
বালিঘোৰা (Red-wattled Lapwing, বৈজ্ঞানিক নাম-Vanellus indicus) 'Charadriidae' গোটৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ মাতটো ডাঙৰ আৰু ইংৰাজীত ইয়াৰ মাতটো শুনিবলৈ did he do it বা pity to do it যেন লগা বুলি কোৱা হয়৷ ইয়াক সাধাৰণতে যোৰ পাতি বা সৰু গোটত চৰা দেখা যায় যদিও প্ৰজনন নোহোৱা কালত ই…
-
বালিৰ মইনা
বালিৰ মইনা (Bali myna; বৈজ্ঞানিক নামঃ Leucopsar rothschildi)ক ৰথচাইল্ড'চ মইনা বা বালিৰ ষ্টাৰ্লিং বুলিও জনা যায়৷ স্থানীয়ভাৱে ই জলাক বালি নামেৰে পৰিচিত। মধ্যমীয়া আকাৰৰ এবিধ চৰাবিধ ২৫ ছেঃমি (৯.৮ ইঞ্চি) পৰ্যন্ত দীঘল হয়।
-
বৰডুবি
বৰডুবি (Podiceps cristatus) জলচৰ চৰাইৰ এটা জাত। এই চৰাইটোৰ বৈশিষ্ট্য হৈছে ইয়াৰ সুকীয়া ৰূপ, ইয়াৰ আকৰ্ষণীয় ক'লা আৰু বগা পাখি। লগতে এই চৰায়ে প্ৰজননৰ সময়ত কৰা সমন্বিত নৃত্য আৰু প্ৰদৰ্শন (courtship display)ও যথেষ্ট বৈশিষ্ট্যপূৰ্ণ।
-
বৰাশগুণ
বৰাশগুণ (Griffon Vulture, বৈজ্ঞানিক নাম-Gyps fulvus) 'Accipitridae' পৰিয়ালৰ অন্তৰ্ভুক্ত শগুণৰ এবিধ প্ৰজাতি৷ ইহঁতক পাহাৰী শগুণ নামেৰেও জনা যায়।
-
শিল কপৌ
শিল কপৌ (Common Emerald Dove, বৈজ্ঞানিক নাম: Chalcophaps indica) কলাম্বিডি (Columbidae) গোত্ৰৰ এবিধ থলুৱা চৰাইৰ প্ৰজাতি৷ এই চৰাইবিধ ভাৰত উপমহাদেশ তথা ম্যানমাৰ, থাইলেণ্ড, মালয়েছিয়া, ইণ্ডোনেছিয়া তথা অষ্ট্ৰেলিয়া পৰ্য্যন্ত বিস্তৃত হৈ আছে৷ শিল কপৌ ভাৰতৰ তামিলনাডু ৰাজ্যৰ জাতীয় চৰাইৰূপে পৰিচিত৷
-
সেন্দূৰীপিঠীয়া মৌ-পিয়া
সেন্দূৰীপিঠীয়া মৌ-পিয়া(Purple Sunbird) হৈছে অসমৰ বিভিন্ন প্ৰজাতিৰ মৌ-পিয়াৰ এবিধ প্ৰজাতি। ই সৰু চৰাই ৷ প্ৰায় ৫-৩০ গ্ৰাম ওজনৰ এই চৰাই বিধ অন্যান্য কেবাটাও প্ৰজাতিৰ অন্যতম ৷ এই চৰাইবিধ আফ্ৰিকাৰ মধ্য-পূৰ্ব অঞ্চল, দক্ষিণএচিয়া, দক্ষিণ-পূব এচিয়া, চীন ৰ দক্ষিণ অঞ্চলৰ পৰা আৰম্ভ কৰি ইণ্ডোনেছিয়া, নিউ…
-
ৰঙা টুনি
ৰঙা টুনি (Red Avadavat বা Red Munia, বৈজ্ঞানিক নাম-Amandava amandava) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক সাধাৰণতে এছিয়াৰ মুকলি খেতি-পথাৰ বা ঘাঁহনি আদিত দেখা পোৱা যায়৷
-
ৰঙাচিলনী
ৰঙাচিলনী (Brahminy Kite, বৈজ্ঞানিক নাম-Haliastur indus) এটা মজলীয়া আকাৰৰ মাংসহাৰী চৰাইৰ প্ৰজাতি৷ ই 'Accipitridae' পৰিয়ালৰ অন্তৰ্ভুক্ত চিলনীৰ প্ৰজাতি৷ এই ৰঙাচিলনী প্ৰধানকৈ ভাৰত উপমহাদেশ, দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়াত দেখা পোৱা যায়৷
-
ৰাজকোঁৱৰ (চৰাই)
ৰাজকোঁৱৰ (Black-naped Monarch, বৈজ্ঞানিক নাম-Hypothymis azurea) পেচ্চেৰিফৰামিছ বৰ্গৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ এই চৰাইবিধৰ মতা আৰু মাইকী চৰাই দেখাত ভিন্ন হয়৷ ঠাইবিশেষে চৰাইবিধৰ দেহৰ বাহ্যিক গঠনৰো কিছু পাৰ্থক্য দেখা পোৱা যায়৷
-
ৰূপহী চমকা চৰাই
ৰূপহী চমকা চৰাই (Jerdon's Bush Chat, বৈজ্ঞানিক নাম-Saxicola jerdoni) 'Muscicapidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ বিখ্যাত পক্ষী নীৰিক্ষক 'Thomas C. Jerdon' ৰ স্মৰণত এই চৰাইবিধৰ ইংৰাজী নাম Jerdon's Bush Chat ৰখা হৈছে৷