কুৰুলী ফেঁচা (Spotted Owlet, বৈজ্ঞানিক নাম-Athene brama) এবিধ সৰু আকাৰৰ ফেঁচাৰ প্ৰজাতি। ই প্ৰধানকৈ বিষুৱীয় অঞ্চল অৰ্থাৎ ভাৰতৰ পৰা দক্ষিণ-পূব এছিয়ালৈকে প্ৰজনন কৰে। খেতি-পথাৰ বা মানুহৰ বসতিপূৰ্ণ মুকলি অঞ্চলত বাস কৰিবলৈ ই বিশেষভাৱে অভিযোজিত আৰু সেইবাবেই ইয়াক নগৰ অঞ্চলতো দেখা পোৱা যায়। ই অট্টালিকা বা শিলত থকা সুৰুঙা অথবা গছৰ খোৰোঙত সৰু গোটত জিৰণি লয়। ১
বিৱৰণ
ত এটা পূৰ্ণবয়স্ক কুৰুলী ফেঁচা]]
কুৰুলী ফেঁচাৰ দেহটো থোপোকা। দৈৰ্ঘ্য প্ৰায় ২১ ছে:মি:। দেহৰ ওপৰৰ অংশ মটিয়া-মুগা বৰণৰ আৰু বগা ফুটুকীয়া দাগেৰে পৰিপূৰ্ণ। তলৰ অংশ বগা আৰু মটিয়া ৰঙৰ ফুটুকীয়া। ইয়াৰ চকুৰ মণিৰ বৰণ হালধীয়া। ইয়াৰ চকুৰ চেলাউৰি (supercilium) আৰু ডিঙিৰ পটা বগা ৰঙৰ। মতা আৰু মাইকী দেখিবলৈ একে হয়।২
টেক্স'নমি
কুৰুলী ফেঁচাৰ পাঁচবিধ উপ-প্ৰজাতি বৰ্তমানলৈকে চিনাক্ত কৰা হৈছে-
- Athene albida (Koelz, 1950 )- পশ্চিম এছিয়াৰ ইৰান আৰু পাকিস্তান ত পোৱা যায়।
- "Ahene indica'' (Franklin, 1831) -উত্তৰ ভাৰত;
- Athene brama (Temminck, 1821)-দক্ষিণ ভাৰত;
- Athene ultra (Ripley, 1948)-উত্তৰ-পূব ভাৰতত দেখা যায়। আৰু
- Athene pulchra (Hume, 1873)- দক্ষিণ-পূব এছিয়াৰ ম্যানমাৰৰ পৰা থাইলেণ্ড পৰ্যন্ত বিস্তৃত। ৩৪
আচৰণ
ত কুৰুলী ফেঁচা]]
কুৰুলী ফেঁচা সাধাৰণতে নিশাচৰ যদিও ইয়াক কেতিয়াবা দিনৰ ভাগতো দেখা পোৱা যায়। ৫ গছত জিৰণি লোৱা অৱস্থাত অন্য চৰা্য়ে ইয়াকজাক পাতি খেদা (mob) দেখা যায়। ইয়াৰ মাতটো তীক্ষ্ণ (harsh and loud)। ই প্ৰধানকৈ পুৱতি নিশা বা সূৰ্য্য অস্ত যোৱাৰ পিছত মাত মাতে। ২৬
খাদ্য
কুৰুলী ফেঁচাই সাধাৰণটে বিভিন্ন ধৰণৰ পোক-পতংগ আৰু সৰু আকাৰৰ মেৰুদণ্ডী প্ৰাণী চিকাৰ কৰি খায়। t৭ মেৰুদণ্ডী প্ৰাণীৰ ভিতৰত নিগনি, বাদুলী, ভেকুলী, সৰু সাপ আদিয়ে প্ৰধান। ৮৯ তদুপৰি কেতিয়াবা ইহঁতে বৃশ্চিক তথা মলাস্কা আদিও আহাৰ হিচাপে গ্ৰহণ কৰে বুলি জনা যায়। ১০
প্ৰজনন
কুৰুলী ফেঁচাই সাধাৰণতে নৱেম্বৰৰ পৰা এপ্ৰিল মাহত প্ৰজনন কৰে। ২ ই গছৰ সুৰুঙা বা ওখ মথাউৰিত গাঁত খান্দিও বাহ সাজে। ১১ বাহটোত গছৰ পাত, গাৰ পাখি আদিৰে সাজে। এবাৰত ই সাধাৰণতে তিনিৰ পৰা চাৰিটাকৈ কণী পাৰে। পোৱালিক ই প্ৰথমে পোক-পতংগ, পইতাচোৰা আদি আৰু পিছলৈ সৰু প্ৰাণী যেনে নিগনি আদি খুৱায়। ১২ পোৱালিয়ে জন্মৰ ২০-২৮ দিনৰ ভিতৰত বাহ এৰে।৮
লগতে চাওক
- Kumar,TS; Rao,JVR. (1984). Diurnal changes in the body temperature of nestling Spotted Owlet, Athene brama brama (T). Geobios, Jodhpur. পৃ. 216–218
- Lamba,BS; Tyagi,AK. (1976). Incubation period in Northern Spotted Owlet, Athene brama indica (Franklin). Newsl. Zool. Surv. India. পৃ. 128–129
- Suresh, Kumar T. (1980). The life-history of the Spotted Owlet (Athene brama brama Temminck) in Andhra Pradesh.. Raptor Research Centre, Hyderabad. Pub. No. 4.
- Mahmood-ul-Hassan, Muhammad; Beg, Mirza Azhar; Mushtaq-ul-Hassan, Muhammad; Rana, Shahnaz Ahmed. (2007). Nesting and Breeding Habits of the Spotted Owlet (Athene brama) in Punjab, Pakistan. Journal of Raptor Research. পৃ. 50–52
)]]
বাহ্যিক সংযোগ
- Compilers: Stuart Butchart, Jonathan Ekstrom. (2008). Spotted Owlet – BirdLife Species Factsheet. Evaluators: Jeremy Bird, Stuart Butchart. BirdLife International.*
- Spotted Owlet videos, photos & sounds on the Internet Bird Collection
- Owl pages
তথ্যসূত্ৰ
- ↑ Pande, Satish; Amit Pawashe; Murlidhar N. Mahajan; Charu Joglekar & Anil Mahabal. (2007). Effect of Food and Habitat on Breeding Success in Spotted Owlets (Athene brama) Nesting in Villages and Rural Landscapes in India. Journal of Raptor Research. পৃ. 26–34
- ↑ Rasmussen PC & JC Anderton. (2005). Birds of South Asia: The Ripley Guide.. Smithsonian Institution & Lynx Edicions. পৃ. 246–247
- ↑ Ali, S & S D Ripley. (1981). Handbook of the birds of India and Pakistan. Oxford University Press. পৃ. 299–302. ISBN 0-19-562063-1
- ↑ Baker, E. C. S. (1919). Descriptions of subspecies of Carine brama'. Bulletin B.O.C.''. পৃ. 60–61
- ↑ Ali, Salim. (1996). The Book of Indian Birds.. Oxford University Press. ISBN 0-19-561634-0
- ↑ Brahmachary, R. L.; Basu, T. K.; Sengupta, A. J. (1972). On the daily screeching time of a colony of spotted owls Athene brama (Temminck). J. Bombay Nat. Hist. Soc.. পৃ. 649–651
- ↑ Jain AP, R Advani. (1983). Winter food of spotted owlet, Athene brama indica'. Journal of the Bombay Natural History Society''. পৃ. 415–416
- ↑ Anika Jadhav, Parasharya, B. M. (2003). Some observations on the nesting behaviour and food of the spotted owlet Athene brama. Zoos'print journal. পৃ. 1163–1165
- ↑ Santhanakrishnan R; Ali AHMS; Anbarasan U. (2011). Food habits and prey spectrum of Spotted Owlet (Athene brama) in Madurai District, Tamil Nadu, southern India. Chinese Birds. পৃ. 193–199
- ↑ Pande, S., A. Pawashe, D.B. Bastawade & P.P. Kulkarni. (2004). Scorpions and molluscs: some new dietary records for Spotted Owlet Athene brama in India. Newsletter for Ornithologists. পৃ. 68–70
- ↑ Satish Pande, Amit Pawashe, M.N. Mahajan & Anil Mahabal. (2006). Changing nest site preference for holes in earth cuttings in Spotted Owlet Athene brama. Indian Birds. পৃ. 7–8
- ↑ Pande S; Pawashe A; Mahajan MB; Mahabal A; Yosef R; Dahanukar N. (2011). Biometry based ageing of nestling Indian Spotted Owlets ( Athene brama brama). Zookeys. পৃ. 75–88
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুৰুলী ফেঁচা” প্ৰবন্ধৰ সংশোধন ৬৩১৬১৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।