)]]
বৰীশেন (Shikra, বৈজ্ঞানিক নাম-Accipiter badius) এবিধ সৰু আকাৰৰ মাংসভোজী চৰাইৰ প্ৰজাতি৷ ই 'Accipitridae' গোটৰ অন্তৰ্ভুক্ত আৰু এছিয়া তথা আফ্ৰিকা মহাদেশত বহুলভাৱে বিস্তৃত৷ ইয়াৰ মাতটো তীক্ষ্ণ আৰু দুটা নোট (note) সম্পন্ন৷
বিৱৰণ

বৰীশেনৰ দেহৰ আকাৰ তুলনামূলকভাৱে সৰু৷ ই দীঘলে প্ৰায় ২৬-৩০ ছে:মি:৷ ইয়াৰ ডেউকা চুটি আৰু ঘুৰণীয়া, নেজডাল ঠেক, দীঘল হয়৷ পূৰ্ণবয়স্ক বৰীশেনৰ দেহৰ তল অংশ বগা -তাতে মাখন বৰণৰ পথালি আঁচ আছে৷ দেহৰ ওপৰ অংশ মুগা বৰণীয়া৷ মতা বৰীশেনৰ চকুৰ মণি ৰঙা কিন্তু মাইকী চৰাইৰ মণি হালধীয়া- কমলা বৰণৰহে হয়৷ মাইকী বৰীশেনৰ আকাৰ মতাটোতকৈ কিছু ডাঙৰ হয়৷ উৰন্ত অৱস্থাত তলৰ পৰা মতা বৰীশেনৰ নেজত আঁচবোৰ দেখা পোৱা যায়৷১
পোৱালি বৰীশেনৰ দেহৰ বুকু অংশত গাঢ় আঁচ আৰু ফুট থাকে৷ ২
ইয়াৰ মাতটো 'পিইই-ৱিইই' ধৰণৰ হয়৷ ইয়াৰে প্ৰথম অংশ উচ্চস্বৰৰ আৰু পিছৰ অংশ দীঘলীয়া হয়৷ উৰন্ত অৱস্থাত ইয়াৰ মাতটো চুটি আৰু বেছি তীক্ষ্ণ হয় শুনিবলৈ 'কিইক-কি..কিক' যেন লাগে৷ ৩৪
শ্ৰেণীবিভাজন
বাহ্যিক গঠন তথা মাতৰ ভিত্তিত বৰ্ত্তমানলৈকে বৰীশেনৰ প্ৰায় সাতবিধ উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে৫ -
- "Accipiter cenchroides'' (Severtzov) -তুৰ্কীস্তান, আফগানিস্তান আৰু পূব ইৰান ত পোৱা যায়৷
- Accipiter dussumieri-হিমালয়ৰ নামনি অংশত দেখা যায়৷
- Accipiter badius-শ্ৰীলংকা
- Accipiter b. poliopsis-ম্যানমাৰ৬
- Accipiter obsoletus -নিকোবৰ দ্বীপপূঞ্জ৩৭
- Accipiter b. sphenurus -ই প্ৰধানকৈ পৰিভ্ৰমণকাৰী
- Accipiterthe b. polyzonoides -এছিয়া২
বাসস্থান

বৰীশেন বিভিন্ন পৰিৱেশত বসবাস কৰাৰ বাবে অভিযোজিত৷ ইয়াক প্ৰধানকৈ বনাঞ্চল, খেতি-পথাৰ আৰু নগৰীয়া অঞ্চল সমূহত দেখা পোৱা যায়৷
আচৰণ
বৰীশেনক সাধাৰণতে অকলশৰে বা যোৰ পাতি থকা দেখা যায়৷ প্ৰজনন কালত বৰীশেনে যোৰ পাতি উৰে৷
খাদ্য
বৰীশেনৰ প্ৰধান খাদ্য হ'ল নিগনি জাতীয় প্ৰাণীসমুহ (rodents),৮), কেৰ্কেটুৱা, সৰু চৰাই, বিভিন্ন সৰীসৃপ, পোক-পতংগ আদি৷ ৯)৭
প্ৰজনন
ভাৰতত বৰীশেনে গ্ৰীষ্মকালত মাৰ্চৰ পৰা জুন মাহৰ ভিতৰত প্ৰজনন কৰে৷ বিভিন ঘাঁহেৰে ই বাহ সাজে৷ মতা-মাইকী উভয়ে বাহ সজাত ভাগ লয় ১০ কেতিয়াবা কাউৰীৰ দৰে ইয়াকো বিভিন্ন ধাতবীয় তাঁৰ আদি বাহ সজাত ব্যৱহাৰ কৰা দেখা যায়৷ ১১ ই এবাৰত ৩-৪ টাকৈ কণী পাৰে৷১২কণীবোৰত নীলা-মুগা আঁচ থাকে৷ ১৮-২০ দিন উমনিৰ অন্তত কণী ফুটি পোৱালি জাগে৷৭
ত এটা মতা বৰীশেন]]

বাহ্যিক সংযোগ
- (Shikra = ) Little Banded Goshawk – Species text in The Atlas of Southern African Birds
- photographs and videos
তথ্যসূত্ৰ
- ↑ Mees, GF. (1981). The Sparrow-Hawks (Accipiter) of the Andaman Islands.. J. Bombay Nat. Hist. Soc.. পৃ. 371–412
- ↑ Herremans M and Louette, M. (2000). A partial post-juvenile molt and transitional plumage in the shikra (Accipiter badius) and Grey Frog Hawk (Accipiter soloensis). Journal of Raptor Research. পৃ. 249–261
- ↑ Rasmussen PC and Anderton, JC. (2005). Birds of South Asia. The Ripley Guide. Volume 2. Smithsonian Institution and Lynx Edicions. পৃ. 97. ISBN 8487334660
- ↑ Blanford WT. (1895). The Fauna of British India, Including Ceylon and Burma. Birds. Volume 3. Taylor and Francis. পৃ. 398–400
- ↑ Gurney JH. Notes on a 'Catalogue of the Accipitres in the British Museum,' by R. Bowdler Sharpe (1874). Ibis. পৃ. 353–370
- ↑ Gurney JH. Bulletin of the British Ornithologists Club. No 50 (January 30th, 1898). Ibis. পৃ. 290–291
- ↑ Ali S and Ripley, S D. (1978). Handbook of the Birds of India and Pakistan. Volume 1. Oxford University Press. পৃ. 234–239. ISBN 0-19-565506-0
- ↑ Kankane, PL. (1996). Strange death of a shikra. J. Bombay Nat. Hist. Soc.. পৃ. 140–141
- ↑ Jha, Samiran. (2002). Attempted feeding by a shikra Accipiter badius family Accipitridae, on buffstriped keelback Amphiesma stolata, family Colubridae. J. Bombay Nat. Hist. Soc.. পৃ. 298
- ↑ Phillips, WWA. (1933). Some observations on the nesting of a pair of Ceylon Shikra Hawks (Astur badius badius Gmelin). J. Bombay Nat. Hist. Soc.. পৃ. 509–511
- ↑ Lowther, EHN. (1944). J. Bombay Nat. Hist. Soc. পৃ. 5–16
- ↑ Biddulph, CH. (1937). Number of eggs laid by the Indian Shikra (Astur badius dussumieri (Temm. & Lang.)). J. Bombay Nat. Hist. Soc.. পৃ. 406
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰীশেন” প্ৰবন্ধৰ সংশোধন ৫৪০৬৪৫ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।