ইটাগুৰীয়া ১ (Cinnamon Bittern বা Chestnut Bittern, বৈজ্ঞানিক নামকৰণ পদ্ধতি-Ixobrychus cinnamomeus) এটা সৰু আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷ ই প্ৰধানকৈ এছিয়া মহাদেশৰ পাকিস্তান, চীন, ইণ্ডোনেছিয়া আদি দেশত প্ৰজনন কৰে বুলি জনা যায়৷
বিৱৰণ

ইটাগুৰীয়াৰ দেহৰ আকাৰ সৰু, দৈৰ্ঘ্য প্ৰায় ৩৮ ছে: মি:৷ ইয়াৰ ডিঙি চুটি, ঠোঁট দীঘল৷ পূৰ্ণবয়স্ক মতা ইটাগুৰীয়াৰ দেহটো মাখন বৰণীয়া আৰু পেট অংশ বগা৷ মাইকী ইটাগুৰীয়া চৰাই মতাটোৰ সৈতে দেখিবলৈ একে যদিও ইয়াৰ পৃষ্ঠ অংশ আৰু মূৰৰ মুকুটটো ক'লা বৰণৰ হোৱা দেখা যায়৷ পোৱালি ইটাগুৰীয়াৰ দেহটো মটীয়া ঘন আঁচেৰে পূৰ্ণ হৈ থাকে৷
বিতৰণ
ইটাগুৰীয়া বাংলাদেশ, কম্বোডিয়া, চীন, ভাৰত, ইণ্ডোনেছিয়া, জাপান, কোৰিয়া, মালয়েছিয়া, মালদ্বীপ, ম্যানমাৰ, নেপাল, পাকিস্তান, ফিলিপাইন্ছ, ছিংগাপুৰ, শ্ৰীলংকা, টাইৱান, থাইলেণ্ড, ভিয়েটনাম আদি দেশত স্থানীয় চৰাই৷ আনহাতে আফগানিস্তান, ওমান, আৰব আদিত ইয়াক কেতিয়াবা কেতিয়াবা দেখা পোৱা যায়৷২
আচৰণ
ইটাগুৰীয়াক বাহত বা অন্য ঠাইত চৰি থকা অৱস্থাত ভয় খুৱালে বা সজাগ কৰি তুলিলে ই এবিধ বিশেষ ধৰণৰ আচৰণ দেখুৱায়৷ ইয়াৰ ডিঙিটো উলম্বভাৱে মেলি দি ঠোঁটটো আকাশলৈ টোঁৱাই সমগ্ৰ দেহতো ঠাইতে থৰ লাগে আৰু বাহ্যিক পৰিৱেশৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া নেদেখুৱায়৷৩
খাদ্য
ইটাগুৰীয়া চৰায়ে সাধাৰণতে পোক-পতংগ, মাছ, উভচৰ প্ৰাণী আদি চিকাৰ কৰি খায়৷ ইয়াক সহজে দেখা পোৱা নাযায় কাৰণ ই গধূলি সময়তহে খাদ্যৰ সন্ধানত ওলাই আহে৷
প্ৰজনন
ইটাগুৰীয়াই সাধাৰণতে জলচৰ ঘাঁহজাতীয় বননিত চৰে৷ এনে বননিত পানীয়ে ঢুকি নোপোৱাকৈ ই জোপোহাৰ মাজত বাহ সাজে৷ এবাৰত ৪-৬ টাকৈ কণী পাৰে৷
স্থিতি তথা সংৰক্ষণ
ইটাগুৰীয়া সমগ্ৰ এছিয়া মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে৷ ইয়াৰ জনসংখ্যা বৰ্তমান প্ৰায় স্থিতাৱস্থাত আছে৷ এই দিশসমূহলৈ লক্ষ্য কৰি আই. ইউ. চি. এন. এ ইয়াক সংকটৰ পৰা মুক্ত বুলি স্বীকৃতি দিছে৷৪
তথ্যসূত্ৰ
- Birds of India by Grimmett, Inskipp and Inskipp, ISBN 0-691-04910-6
তথ্যসূত্ৰ
- ↑ N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
- ↑ IUCN. 2012. IUCN Red List of Threatened Species (ver. 2012.1). Available at: www.iucnredlist.org. (Accessed: 19 June 2012)
- ↑ Ali, Salim. (1983). The book of Indian Birds, Twelfth Centenary edition. Bombay Natural History Society/Oxford University Press
- ↑ IUCN. 2012. IUCN Red List of Threatened Species (ver. 2012.1). Available at: www.iucnredlist.org. (Accessed: 19 June 2012)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইটাগুৰীয়া” প্ৰবন্ধৰ সংশোধন ৫৪০৬৬৭ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।