অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বৰহাইঠা

বৰহাইঠা (Thick-billed Green Pigeon, বৈজ্ঞানিক নাম: Treron curvirostra) হাইঠা চৰাইৰ এটা প্ৰজাতি। ই সাধাৰণতে জাক পাতি বাস কৰে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বৰহাইঠা (Thick-billed Green Pigeon, বৈজ্ঞানিক নাম: Treron curvirostra) হাইঠা চৰাইৰ এটা প্ৰজাতি। ই সাধাৰণতে জাক পাতি বাস কৰে।

বিৱৰণ

আকাৰ ২৭ চেণ্টিমিটাৰ। মতা চৰাইটো আৰু মাইকী চৰাইজনী দেখাত অলপ বেলেগ। মতা চৰাইটোৰ মূৰ ছাই বৰণৰ,বুকু সেউজীয়া, দেউকা বাদামী ৰঙৰ, নেজৰ পাখি মটীয়া ৰঙচুৱা বৰণৰ, ঠোঁট সেউজ-হালধীয়া, ঠোঁটৰ কাষ ৰঙা, ভৰি ৰঙা আৰু চকুৰ কাষ সেউজীয়া। মাইকী চৰাইজনীৰ মূৰ সেউজীয়া, ডেউকাত সেউজীয়া পাখি,নেজৰ পাখি ধূসৰ হালধীয়া আৰু ঠেং ৰঙা বৰণৰ।

বিতৰণ

পৃথিৱীৰ প্ৰায় সকলো অঞ্চলত ইয়াক দেখা যায় যদিও নেপাল, চীন, ফিলিপাইন, ভিয়েটনাম, কম্বোডিয়া, থাইলেণ্ড ইয়াৰ বিশেষ অৱস্থিতি দেখা যায়। সাধাৰণতে ক্ৰান্তীয় বৰ্ষাঅৰণ্যত ইয়াৰ অৱস্থিতি দেখা যায়।ইহঁতৰ জনসংখ্যা দিনক দিনে কমি আহিছে।১

আচৰণ

ই সাধাৰণতে বিভিন্ন গছৰ গুটি খাই জীয়াই থাকে। ইহঁতৰ প্ৰজনন কাল মে-জুন মাহ। এবাৰত সাধাৰণতে দুটাকৈ কণী পাৰি পোৱালি উলিয়ায়। ইহঁত যুগ্মভাবে বা সৰু সৰু দলত বিভক্ত হৈ উৰি ফুৰা দেখা যায়। ইহঁতক পৰ্বতৰ পাদদেশৰ অৰণ্যত ফল লাগিব ধৰা বৃক্ষত দেখা যায়। তাত সিহঁতে অন্য হাইঠাৰ সৈতে মিলিত হয়। সিহঁতৰ "WoOOOOO" শব্দ লানি নিচিগাকৈ স্পন্দিত হৈ থাকে।

তথ্যসূত্ৰ

  1. ↑ www.zoothailand.org/index.php/en/animal-encyclop

সম্পৰ্কিত শ্ৰেণী

পাৰঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰহাইঠা” প্ৰবন্ধৰ সংশোধন ৫৪০৬৫৬ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।