অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পুৱতি নিশাৰ সপোন

পুৱতি নিশাৰ সপোন (Puwati Nishar Sapon) ১৯৫৯ত মুক্তি পোৱা এখন অসমীয়া কথাছবি। ফণী শৰ্মাই ছবিখন পৰিচালনা কৰাৰ উপৰিও কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। ৰূপজ্যোতি প্ৰডাকচনৰ বেনাৰত গামা প্ৰসাদ আগৰৱালাই ছবিখন প্ৰযোজনা কৰিছিল।

হালনাগাদ: ১০ ছেপ্তেম্বৰ ২০২৩ ১১৭ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

পুৱতি নিশাৰ সপোন (Puwati Nishar Sapon) ১৯৫৯ত মুক্তি পোৱা এখন অসমৰ চলচ্চিত্ৰ। ফণী শৰ্মাই ছবিখন পৰিচালনা কৰাৰ উপৰিও কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। ৰূপজ্যোতি প্ৰডাকচনৰ বেনাৰত গামা প্ৰসাদ আগৰৱালাই ছবিখন প্ৰযোজনা কৰিছিল। এজন মৌজাদাৰ, এটা চাহ খেতিয়কৰ পৰিয়াল আৰু এজন ভণ্ড তপস্বী মাৰোৱাৰী মহাজনক কেন্দ্ৰ কৰি জাল-জুৱাচুৰি, হত্যা, প্ৰবঞ্চনা আদিৰ মাজেৰে কাহিনীভাগ আগবাঢ়িছে আৰু অৱশেষত পুৱতি নিশাৰ সপোন বাস্তৱায়িত হয়।১

অভিনয় কৰিছিল ইভা আচাও, জ্ঞানদা কাকতি, তচদ্দুক ইউছুফ, দুৰ্গা গোস্বামী, ফণী শৰ্মা, নিত্য মহন্ত, প্ৰবীণ ফুকন, কুলেন গোস্বামী, নবীন গোস্বামী আদিয়ে। মুখত হৰে কৃষ্ণ, হৰে ৰাম নুগুচা এজন কুখ্যাত মাৰোৱাৰী চোৰাং বেপাৰীৰ ভাওত অভিয়ত কৰা বিৰাজ দাসৰ অভিনয় প্ৰশংসনীয় হৈছিল।

সঙ্গীত

ভূপেন হাজৰিকাই ছবিখনৰ সঙ্গীত পৰিচালনা আৰু গীত ৰচনা কৰিছিল। কণ্ঠ দিছিল ভূপেন হাজৰিকা, ইলা চক্ৰৱৰ্তী আৰু বিৰজা দাসে।১২

ক্ৰমিক নংগীতৰ শীৰ্ষকগীতিকাৰকণ্ঠ
১কঁহুৱা বন মোৰ অশান্ত মন আলফুল হাতেৰে লোৱা সাবতিভূপেন হাজৰিকাভূপেন হাজৰিকা
২সোঁৱৰণী মোৰ ৰাঙলী জীৱনৰ ৰংবোৰ কেনিবা গ’লভূপেন হাজৰিকাভূপেন হাজৰিকা

তথ্যসূত্ৰ

  1. ↑ মঞ্চলেখা, পৃষ্ঠা ৩২১, ((অতুলচন্দ্ৰ হাজৰিকা)), লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭
  2. ↑ বাবুল দাস. (১৯৮৫). অসমীয়া বোলছবিৰ গীতৰ সংকলন (পৃঃ ৭২). বাণী মন্দিৰ, ডিব্ৰুগড়

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৫৯ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুৱতি নিশাৰ সপোন” প্ৰবন্ধৰ সংশোধন ৩৭৭৫৭৯ (১০ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।