অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বাঁকৰ পুতেক

বাঁকৰ পুতেক ২০১২ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া কথাছবি। ছবিখনৰ প্ৰযোজক অমল বৰুৱা আৰু পৰিচালক চন্দ্ৰ মুদৈ। প্ৰচলিত জন বিশ্বাসৰ ওপৰত ভিত্তি কৰি এই ছবিখনৰ কাহিনী ভাগ আগবাঢ়িছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩০৭ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

বাঁকৰ পুতেক ২০১২ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া কথাছবি। ছবিখনৰ প্ৰযোজক অমল বৰুৱা আৰু পৰিচালক চন্দ্ৰ মুদৈ। প্ৰচলিত জন বিশ্বাসৰ ওপৰত ভিত্তি কৰি এই ছবিখনৰ কাহিনী ভাগ আগবাঢ়িছে।

কাহিনী

ঘোঁৰাবাঁক অসমীয়া জনবিশ্বাসত পানীত বাস কৰা এবিধ অপদেৱতা বুলি কোৱা হয়। এই অপদেৱতাই মাছ খায় ভাল পায়, আৰু সুযোগ বুজি কোনো ব্যক্তিক হত্যা কৰি তেখেতৰ ৰূপ ল'ব পাৰে বুলি বিশ্বাস কৰা হয়। ছবিৰ নায়ক পোৱালক বাঁকে হত্যা কৰি পোৱালৰ ৰূপ লৈ নায়িকা পদ্মাৰ লগত যুগ্মজীৱন পতা বুলি ৰাইজে সন্দেহ কৰে। সেই সন্দেহৰ ভিত্তিতে পোৱাল আৰু পদ্মাৰ সন্তানক সকলোৱে বাঁকৰ পুতেক বুলি কয়।১ পদ্মা আৰু পোৱালে সমাজৰ পৰা লাঞ্ছনা সহ্য কৰিবলগীয়া হয়।১ সমাজৰ অন্ধবিশ্বাস, অপবাদ আৰু ঘৃণাৰ নায়িকাৰ যুঁজ ছবিৰ কাহিনীৰ সাৰ।

নিৰ্মাণ

অমল বৰুৱাৰ প্ৰযোজনাত নিৰ্মিত 'বাঁকৰ পুতেক'ৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা চন্দ্ৰ মুদৈৰ।২ ছবিখনত যথেষ্ট পৰিমাণে স্পেছিয়েল এফেক্ট ব্যৱহাৰ কৰা হৈছে। মৰিগাঁও আৰু আশ-পাশৰ ভিতৰুৱা অঞ্চলত ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছিল। চিত্ৰগ্ৰহণৰ বাবে দুটাকৈ কেমেৰা ব্যৱহাৰ কৰা হয়। এটা 'ৰেড কেমেৰা' আৰু এটা 'ষ্টেডি কেম'। ৰেড কেমেৰা নিয়ন্ত্ৰণত আছিল মুম্বাইৰ সত্য প্ৰকাশ ৰাউথ, আৰু 'ষ্টেডি কেম'ৰ নিয়ন্ত্ৰণ কৰিছিল মুম্বাই স্থিত অসমীয়া যুৱক বেদান্ত চমুৱাই। এইখন ছবিতে প্ৰথম বাৰৰ বাবে অসমীয়া ছবিত 'ষ্টেডি কেম' ব্যৱহাৰ কৰা হৈছে।১

মুক্তি

২০১২ চনৰ ১ মাৰ্চ তাৰিখত ছবিখনৰ প্ৰিমিয়াৰ শ্ব' কৰা হয় গুৱাহাটীৰ অনুৰাধা প্ৰেক্ষাগৃহত।২ পাছদিনা ২ মাৰ্চ তাৰিখে সমগ্ৰ অসমতে ছবিখন মুক্তি দিয়া হয়। ছবিখনৰ তিনিটা প্ৰিণ্ট প্ৰস্তুত কৰা হৈছিল আৰু ইয়াৰ বাহিৰেও ইউ এফ ও-ৰ যোগেদি ৩০টা ছবিগৃহত ছবিখন মুক্তি দিয়া হয়।১

ৰাইজৰ সঁহাৰি

'বাঁকৰ পুতেক'-এ দৰ্শকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছে।২১ চলচ্চিত্ৰ জগতৰ লগত জড়িত ব্যক্তিয়ে ছবিখন সম্বন্ধে ঋণাত্মক মন্তব্য আগবঢ়ায়।৩

বিতৰ্ক

২০১২ চনৰ ২০ মাৰ্চ তাৰিখে 'আমাৰ অসম' বাতৰিকাকতলৈ দিয়া এটা বিবৃতিত গল্পকাৰ ইমৰান হুছেইন-এ 'বাঁকৰ পুতেক'ৰ কাহিনীভাগ তেখেতৰ দ্বাৰা ১৯৯৯ চনত ৰচিত গল্প 'বাঁক'ৰপৰা আহৰিত বুলি দাবী কৰে।৪ এই বিবৃতিত তেখেতে ২৪-টা মিল আৰু ৩-টা অমিল দেখুৱাই, বাঁকৰ পুতেকৰ কাহিনী শতকৰা ৮০%-ই 'বাঁক' গল্পটোৰপৰা লোৱা বুলি কয়। এই বিবৃতি সমৰ্থন কৰি ২২ মাৰ্চ তাৰিখে ডাঃ সান্ত্বনা বৰদলৈয়ে 'আমাৰ অসম' বাতৰিকাকততে আন এখন পত্ৰ প্ৰকাশ কৰে।৩

অভিনয়ত

  • আকাশদীপ
  • আঙুৰলতা ডেকা
  • ৰাগ ঐনিতম
  • অমল বৰুৱা
  • প্ৰসেনজিত বৰুৱা
  • অজিত নাথ
  • হেমেন কাকতী
  • সুদৰ্শন বৰুৱা
  • ৰঞ্জনজ্যোতি দত্ত
  • মনিকা দাস
  • পুষ্পেন্দু নাথ
  • সুশীলা কোঁৱাৰ
  • মহী বৰা
  • সমীৰণ বৰুৱা
  • সীমান্ত ঠাকুৰীয়া

কলা-কুশলী

  • সম্পাদনা: প্ৰাঞ্জুল কাশ্যপ (জ্যোতি চিত্ৰবন)
  • সংগীত পৰিচালক: চন্দ্ৰ মুদৈ আৰু ড॰ হিতেশ বৰুৱা
  • মুখ্য সহকাৰী পৰিচালক: মনীষ দাস
  • সহকাৰী পৰিচালক: নয়ন মেধি, দিব্যজ্যোতি
  • সহকাৰী সংগীত পৰিচালক: অজয় ফুকন
  • নৃত্য পৰিচালক: উদয় শংকৰ
  • কলা নিৰ্দেশক: জ্যোতিশংকৰ ভট্টাচাৰ্য
  • পোছাক: মনিকা বৰুৱা
  • লোকেছন ছাউণ:দেববত চলিহা
  • প্ৰযোজনা নিয়ন্ত্ৰক: প্ৰসেনজিত বৰুৱা (লাটু)

সংগীতৰ কণ্ঠ

তথ্যসূত্ৰ

  1. ↑ (February 25, 2012). Bakor Putek to release on March 2. The Sentinel
  2. ↑ বাঁকৰ পুতেকৰ ফেচবুকৰ পৃষ্ঠা; আহৰণ কৰা তাৰিখ:০৫-০৩-২০১২
  3. ↑ 'বাঁকৰ পুতেক' সান্ত্বনা বৰদলৈৰ মুকলি চিঠি, আমাৰ অসম, ২২-০৩-২০১২
  4. ↑ ইমৰান হুছেইন, চন্দ্ৰ মুদৈৰ 'বাঁকৰ পুতেক' বনাম 'বাঁক', আমাৰ অসম, প্ৰথম পৃষ্ঠা, ২০-০৩-২০১২

সম্পৰ্কিত শ্ৰেণী

২০১২ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাঁকৰ পুতেক” প্ৰবন্ধৰ সংশোধন ৩৮২০০০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।