ৰণাংগন (Rananggan) হৈছে ২০১৩ চনৰ ১৯ এপ্ৰিলত মুক্তি প্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ডি জে ফিল্মছৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে মৃণাল দাসে আৰু পৰিচালনা কৰিছে প্ৰণৱ জ্যোতি ভৰালীয়ে। ইয়াত অভিনয় কৰিছে ৰবি শৰ্মা, পল্লৱী মেধি, হিৰণ্য ডেকা, ব্ৰজেন বৰা, প্ৰতুল ডেকা আদিয়ে। চলচিত্ৰখনৰ চিত্ৰনাট্য প্ৰস্তুত কৰিছে ডাঃ নয়ন জ্যোতি তালুকদাৰে আৰু সংগীত দিছে নিপন চুতীয়াই। ইয়াত প্ৰস্তুতি পৰাশৰে এটা গীতত অতিথি শিল্পীৰ হিচাপে অভিনয় কৰিছে।
অভিনয়ত
- ৰবি শৰ্মা১
- পল্লৱী মেধি
- হিৰণ্য ডেকা
- ব্ৰজেন বৰা
- প্ৰতুল ডেকা
- প্ৰস্তুতি পৰাশৰ (অতিথি শিল্পী)
- ধনস্মিতা (শিশুশিল্পী)
কলা-কুশলী
- পৰিচালক - প্ৰণৱ জ্যোতি ভৰালী
- প্ৰযোজক - মৃণাল দাস
- চিত্ৰনাট্য - ডাঃ নয়ন জ্যোতি তালুকদাৰ
- কাহিনী - ৰবি শৰ্মা
- সংগীত পৰিচালক - নিপন চুতীয়া
- চিত্ৰগ্ৰহণকাৰী - বেদদ্যুতি দত্ত
- কৰিঅ'গ্ৰাফ - উদয় শংকৰ, পংকজ ইংতি, হেমেন শৰ্মা
সংগীত
চলচ্চিত্ৰখনৰ সংগীত পৰিচালক নিপন চুতীয়া।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Assamese Film & Theatre. (16 March 2013). Assamese Films: News This Week (11-17 March 2013). newslivetv.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰণাংগন” প্ৰবন্ধৰ সংশোধন ৪৪৬১৬১ (১৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।