ডক্তৰ বেজবৰুৱা ২ ( Dr. Bezbaruah 2 ) ৩ ফেব্ৰুৱাৰী ২০২৩-ত মুক্তি পোৱা অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ভাষাৰ ছাচপেন্স থ্ৰিলাৰ ছবি।১ এইখন ১৯৬৯ চনত মুক্তি পোৱা ডক্তৰ বেজবৰুৱাৰ চিকুৱেল। ডক্তৰ বেজবৰুৱা ২ নিপন গোস্বামীয়ে পৰিচালনা কৰিছে। গোস্বামীয়ে পূৰ্বৰ ডক্তৰ বেজবৰুৱাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।২ ছবিৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ ৰাজদ্বীপৰ, সংগীত জুবিন গাৰ্গৰ। এ.এম. টেলিভিচনৰ বেনাৰত নিৰ্মিত ছবিখন প্ৰযোজনা কৰিছে সঞ্জীৱ নাৰায়ণে। সহ-প্ৰযোজক অক্ষতা নাৰায়ণ।৩৪
অভিনয় শিল্পী
- আদিল হুছেইন (ড. বেজবৰুৱা)
- জুবিন গাৰ্গ (ডিএছপি মহাদেৱ বৰবৰুৱা)
- সিদ্ধাৰ্থ নিপন গোস্বামী (অধিবক্তা শান্তনু চৌধুৰী)
- কিংকিনি গোস্বামী (স্নেহা)
- নিপন গোস্বামী (প্ৰদীপ দুৱৰা)
- মাধুৰীমা চৌধুৰী
- অৰুণ হাজৰিকা৫৬
সংগীত
ৰমেন বৰুৱাৰ সুৰ আৰোপিত ডক্তৰ বেজবৰুৱা১ ছবিখনৰ তিনিটা পুৰনি গীত ৰিমেক্ কৰা হৈছে ডক্তৰ বেজবৰুৱা ২ ত।
'কি নাম দি মাতিম' শিৰোনামেৰে নতুন গীত এটি সৃষ্টি কৰিছে সংগীতশিল্পী দিগন্ত ভাৰতীয়ে।
উদীয়মান গীতিকাৰ ৰাহুল গৌতমে লিখা 'ডক্তৰ বেজবৰুৱা (শীৰ্ষগীত)'টি সুৰ আৰু সংগীতেৰে সজাইছে জুবিন গাৰ্গে।
সংগীত ব্যৱস্থাপনা কৰিছে জুবিন গাৰ্গ, পলাশ সূৰ্য গগৈ, শেখৰ জ্যোতি গোস্বামী আৰু ভদ্ৰ কান্ত দাসে।
তথ্যসূত্ৰ
- ↑ (13 January 2023). Unravel the mystery as you enter the world of Dr Bezbaruah 2 In cinemas on 3rd February 2023!. Prag News
- ↑ Desk, Inside Chronicle Digital. (2020-09-03). 'Dr Bezbarua 2': Adil Hussain to Play Lead Role in Assamese Film Dr. Bezbarua Sequel. Inside Chronicle
- ↑ Dr Bezbaruah to thrill the people once again with its sequel Dr
- ↑ (2020-09-10). Agreed to do 'Dr Bezbarua 2' without getting the script, says Adil Hussain
- ↑ Seta, Keyur. Sequel to 50-year-old Assamese classic Dr Bezbaruah is on the cards. Cinestaan
- ↑ (2020-10-14). Mahurat of 'Dr Bezbaruah II' to be held at Jyoti Chitraban in Guwahati. Midage
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডক্তৰ বেজবৰুৱা ২” প্ৰবন্ধৰ সংশোধন ৪১৪০২৮ (২৪ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।