অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পাপ আৰু প্ৰায়শ্চিত্ত (চলচ্চিত্ৰ)

পাপ আৰু প্ৰায়শ্চিত্ত (Paap aru Praischitta) ১৯৭৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালক আছিল আনোৱাৰ হুছেইন। সংগীত জীতেন বৰুৱাৰ। ১৯৭০ চনত ধুবুৰীত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল।

হালনাগাদ: ৬ এপ্ৰিল ২০২৪ ১৯৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

পাপ আৰু প্ৰায়শ্চিত্ত (Paap aru Praischitta) ১৯৭৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালক আছিল আনোৱাৰ হুছেইন।১ সংগীত জীতেন বৰুৱাৰ২। ১৯৭০ চনত ধুবুৰীত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল।৩ অবিভক্ত গোৱালপাৰা জিলাৰ সদ্য অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ উপেন্দ্ৰনাথ ৰাজখোৱাই শীতল মস্তিষ্কৰে তেওঁৰ পত্নী আৰু তিনিজনী গাভৰু জীয়েকক হত্যা কৰি গাঁত খান্দি পুতি থৈছিল। পিছত তেওঁ আৰক্ষীৰ হাতত ধৰা পৰে আৰু আদালতত বিচাৰ চলে। বিচাৰত তেওঁৰ ফাঁচীৰ হুকুম হয়।৪

ছবিখনত অভিনয় কৰিছিল পবিত্ৰ বৰকটকী, তচদ্দুক ইউছুফ, নিবেদিতা শৰ্মা আদিয়ে।

কাহিনীৰ সাৰাংশ

এজন বিচাৰক; যিয়ে জীৱনত কোনোদিনে কাকো ফাঁচী নালাগে, কঠোৰ শাস্তিয়ে আদেশ দি নাপালে। অথচ নিয়তিৰ পাকচক্ৰত নিজে ফাঁচী কাঠত ওলমিব লগা হ’ল। পত্নী আৰু তিনিজনী জীয়ৰীৰ সৈতে বিচাৰকজনৰ এখন সুখৰ সংসাৰ। নিয়তিৰ দৈৱ-দূৰ্বিপাকত এদিন তেওঁ গম পালে যে তেওঁৰ সন্তান জন্ম দিব পৰা ক্ষমতাই নাই। তেন্তে তিনিজনীকৈ জীয়ৰীৰ জন্ম হ’ল কেনেকৈ? পত্নীৰ দুশ্চৰিত্ৰৰ কথা তেওঁৰ চকুত এটা এটাকৈ উন্মোচিত হৈ পৰিল। সহজ-সৰল মানুহজন জীঘাংসু হৈ পৰিল। তেওঁ এক কঠোৰ সিদ্ধান্ত লৈ পেলালে। তেওঁ সংগোপনে হত্যা কৰিলে পত্নী আৰু আটাইকেইজনী জীয়েকক। কিন্তু পাপ লুকাই নাথাকে। তেওঁ ধৰা পৰিল আৰক্ষীৰ হাতত। বিচাৰ চলিল আৰু অৱশেষত শুনোৱা হ’ল ফাঁচীৰ হুকুম।

গীত

সংগীত পৰিচালনা জীতেন বৰুৱাৰ। কণ্ঠদান কৰিছে- ভাস্কৰ দাস, কুল বৰুৱা আৰু মৃদুলা দেৱান দাসে।২

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ অসমীয়া চিনেমাৰ তথ্যকোষ. cinekatha
  2. ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 273
  3. ↑ (5-5-2015). A plot with a past for judicial building. telegraphindia.com
  4. ↑ The State Of Assam vs Upendra Nath Rajkhowa on 6 August, 1974. indiankanoon.org

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৭৭ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাপ আৰু প্ৰায়শ্চিত্ত (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪১৭১৯১ (৬ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।