অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পানী (১৯৯৫ চলচ্চিত্ৰ)

পানী (Paani) ১৯৯৫ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। নবাৰুণ ফিল্মচৰ (অসম) বেনাৰত আৰু নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছিল প্ৰফুল্ল শইকীয়াই। প্ৰফুল্ল শইকীয়া প্ৰথম কাৰ্বি ছবি ‘জিৰচঙ’ৰ পৰিচালক আছিল। ছবিখনৰ গীতৰ কথাংশ আৰু সঙ্গীত আছিল ভূপেন হাজৰিকাৰ।

হালনাগাদ: ৩ জানুৱাৰী ২০২৫ ২৪৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

পানী (Paani) ১৯৯৫ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। নবাৰুণ ফিল্মচৰ (অসম) বেনাৰত আৰু নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছিল প্ৰফুল্ল শইকীয়াই। প্ৰফুল্ল শইকীয়া প্ৰথম কাৰ্বি ছবি ‘জিৰচঙ’ৰ পৰিচালক আছিল। ছবিখনৰ গীতৰ কথাংশ আৰু সঙ্গীত আছিল ভূপেন হাজৰিকাৰ। আবহ সঙ্গীত ৰচনা কৰিছিল জিতু তপনে১২

কাহিনীৰ সাৰাংশ

পাগলাদিয়া নৈৰ পাৰৰ গাঁও বৰজহা। বৰজহা গাঁৱৰে এজন প্ৰতিপত্তিশীল আৰু চহকী ব্যক্তি বলোভদ্ৰ চৌধুৰী। তেওঁৰ একমাত্ৰ জীয়ৰী আল্পনা। শ্বিলঙত পঢ়ে। চহকী ঘৰৰ ছোৱালী হ’লেও তাই অতি সহজ-সৰল। তাইৰ এই সৰল স্বভাৱৰ বাবে গাঁৱৰ সকলো মানুহে তাইক ভাল পায়। দীঘলীয়া বন্ধৰ দিনকেইটা গাঁৱতে কটাব বুলি ভাবি তাই বৰজহা পালেহি। এনেতে আহিল প্ৰলয়ংকৰী বান। ভৱিষ্যতে এম.এল.এ হোৱাৰ বাসনা পুহি ৰখা চৌধুৰীয়ে বান-পীড়িত ৰাইজক অলপ সহায়-সাহায্য কৰি নিজৰ স্বাৰ্খ সিদ্ধি কৰাৰ কথা ভাবিলে। তেওঁৰ এই পৰিকল্পনাক কাৰ্যত পৰিনত কৰাৰ দায়িত্ব দিলে তেওঁৰ সোঁহাতস্বৰূপ নয়ন বৰুৱাক।

পাগলাদিয়াৰ ছিগা মথাউৰি মেৰামতি কৰিবলৈ চহৰৰ পৰা ইঞ্জিনিয়াৰ দিলীপ চলিহা আহিল।দিলীপক বলোভদ্ৰ চৌধুৰীৰ ঘৰতে ৰখাৰ ব্যৱস্থা কৰা হ’ল। লাহেলাহে মথাউৰিৰ মেৰামতিৰ কাম শেষ হৈ আহিল। ইফালে ক্ৰমাৎ আল্পনাও দিলীপৰ ওচৰ চাপি গ’ল। কিন্তু এই অন্তৰঙ্গতাত বাধা হৈ থিয় দিয়ে নয়ন বৰুৱাই। নয়নে ভাবুকি দিলে, আল্পনাই যদি বিয়া কৰাবই লাগে, তেন্তে নয়নকে কৰাব লাগিব, দিলীপক নোৱাৰে।আল্পনাই কিয় বুলি প্ৰশ্ন কৰি যি উত্তৰ পালে, শুনি তাই স্তম্ভিত হৈ গ’ল। এতিয়া কি কৰিব তাই? এফালে বৰজহাৰ বান-পীড়িত ৰাইজ, আনফালে তাইৰ ব্যক্তিগত প্ৰেম। ১

অভিনয় শিল্পী

কলা-কুশলী

  • বেনাৰ- নবাৰুণ ফিল্মচ্ (অসম)
  • কাহিনী, চিত্ৰনাট্য, সংলাপ- নিৰোদ চৌধুৰী
  • শব্দগ্ৰহণ-সতীশ চৌহান, শনিৰাম ডেকা, হীৰেন্দ্ৰ প্ৰসাদ ভট্টাচাৰ্য, দীপক দত্ত
  • কলা নিৰ্দেশনা- বীৰেন সিংহ
  • ক’ৰিয়’গ্ৰাফী- কমল নাথ৩১

সঙ্গীত

পানী ছবিখনৰ গীতৰ ৰচনা, সুৰ আৰু সঙ্গীত ভূপেন হাজৰিকাৰ।২ আবহ সঙ্গীত জীতু-তপনৰ।

তথ্যসূত্ৰ

  1. ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 419
  2. ↑ Assamese Movie *Pani*(1995). www.assamesemoviediary.com/
  3. ↑ Luitor Boliya Baan, Pani (1995). Youtube

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৯৫ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পানী (১৯৯৫ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৬১৪৩৮ (৩ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।