বসুন্ধৰা (The Earth) হৈছে, ২০১০ চনৰ ১৫ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চলচ্চিত্ৰ। সুৰভি এন্টাৰপ্ৰাইজৰ বেনাৰত নিৰ্মিত আৰু হীৰেন বৰা পৰিচালিত এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে বৰষা ৰাণী বিষয়া, সৌৰভ হাজৰিকা, বিষ্ণু খাৰঘৰীয়া ইত্যাদি। ছবিখনে ৫৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰে।১২।
কাহিনীৰ সাৰাংশ
হাতী আৰু মানুহৰ সংঘাটৰ আধাৰত বসুন্ধৰাৰ কাহিনীভাগ ৰচনা কৰা হৈছে। সুন্দৰপুৰৰ বনভূমিৰ আবাসিক অঞ্চলত প্ৰায়ে প্ৰায়ে হাতীয়ে আক্ৰমণ চলায়। হাতী-মানুহৰ এই সংঘাটৰ সমাধান বিচাৰি এটা বেচৰকাৰী অনুষ্ঠানৰ সৈতে জড়িত সংবেদনশীল, মেধাবী আৰু সাহসী ছোৱালী বসুন্ধৰাই সুন্দৰপুৰত পদাৰ্পন কৰে। বসুন্ধৰা স্থানীয় যুৱক, সাংবাদিক অৰ্জুনৰ সংস্পৰ্শলৈ আহে। অৰ্জুনেই তাইক বনঞ্চালত চলি থকা সকলো অবৈধ কাৰ্য-কলাপৰ বিষয়ে অৱগত কৰে। অৰ্জুনে লগতে জনায় যে ঠিকাদাৰ তথা স্থানীয় মাফিয়া বিকাশ বৰুৱাৰ এটা শিলৰ কুৱেৰী আছে আৰু তাৰবাবে প্ৰয়োজনীয় শিল আহৰণ কৰিবলৈ বনভূমিৰ ভিতৰত বিস্ফোৰণ ঘটোৱা হয়। সেই শব্দত ভয় খাই হাতীবোৰে আবাসিক অঞ্চলত আক্ৰমণ চলায়।১
বসুন্ধৰাই স্থানীয় যুৱকসকলক লৈ এটা আন্দোলন আৰম্ভ কৰে। কিন্তু দুৰ্নীতিগ্ৰস্থ পক্ষটোৰ পৰা অনেক ভাবুকি আহিবলৈ ধৰে। অৰ্জুনকো দুৰ্বৃত্তই হত্যা কৰে। এনেতে নিৰ্বাচন আহে। দুৰ্নীতিপৰায়ণ ৰেঞ্জাৰজন বদলি হয় আৰু নতুন সৎ ৰেঞ্জাৰ এজনে দায়িত্বভাৰ গ্ৰহণ কৰে। অৱশেষত বসুন্ধৰাহঁত নিজৰ লক্ষ্যত উপনীত হয়।১
অভিনয় শিল্পী
- বৰষা ৰাণী বিষয়া
- বিষ্ণু খাৰঘৰীয়া
- সৌৰভ হাজৰিকা
- ডাঃ ইফটিকাৰ আহমেদ
- ভ্ৰান্তি মেধি
- পৃথ্বিৰাজ ৰাভা
- মৈত্ৰেয়ী গোস্বামী
- ভগবৎ প্ৰীতম
- ৰমেন তামুলী
- ৰীতা বৰা১
সংগীত
ছবিখনৰ সংগীত পৰিচালনা কৰাৰ উপৰিও থীমচংটোত কণ্ঠ দিছে তৰালি শৰ্মাই। থীমচংটোৰ ৰচনা বিৰিঞ্চি কুমাৰ মেধিৰ।১
বঁটা আৰু স্বীকৃতি
- ৫৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত (২০০৯) শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজতকমল।
- কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন।১
- অসম ৰাজ্যিক চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী, শ্ৰেষ্ঠ খলনায়ক, শ্ৰেষ্ঠ সহ-অভিনেতা, শ্ৰেষ্ঠ গীতিকাৰ, শ্ৰেষ্ঠ শব্দগ্ৰহণ আৰু শ্ৰেষ্ঠ শিশুশিল্পীৰ মুঠ নটা বঁটা লাভ।১৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 510
- ↑ pib.nic.in/archieve/others/2010/jan/r2010012302.
- ↑ Hiren Bora's Blog
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বসুন্ধৰা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪২৯৭৮৩ (২৭ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।