অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নতুন পৃথিৱী

নতুন পৃথিৱী (Natun Prithibi) আনোৱাৰ ফিল্মচৰ বেনাৰত নিৰ্মিত আৰু আনোৱাৰ হুছেইন পৰিচালিত আৰু প্ৰযোজিত এখন অসমীয়া কথাছবি। আনোৱাৰ ফিল্মচৰ দ্বাৰা নিৰ্মিত এয়া দ্বিতীয় ছবি। ১৯৫৮ চনত ছবিখনে মুক্তি পাইছিল। কাহিনীটোৱো আনোৱাৰ হুচেইনে ৰচনা কৰিছিল। সংলাপ লিখিছিল পদ্ম বৰকটকী আৰু সৰ্বানন্দই।

হালনাগাদ: ৩ এপ্ৰিল ২০২৪ ১২৬ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

নতুন পৃথিৱী (Natun Prithibi) আনোৱাৰ ফিল্মচৰ বেনাৰত নিৰ্মিত আৰু আনোৱাৰ হুছেইন পৰিচালিত আৰু প্ৰযোজিত এখন অসমীয়া কথাছবি। আনোৱাৰ ফিল্মচৰ দ্বাৰা নিৰ্মিত এয়া দ্বিতীয় ছবি। ১৯৫৮ চনত ছবিখনে মুক্তি পাইছিল। কাহিনীটোৱো আনোৱাৰ হুচেইনে ৰচনা কৰিছিল। সংলাপ লিখিছিল পদ্ম বৰকটকী আৰু সৰ্বানন্দই। কলিকতাৰ ২নং নিউ থিয়েটাৰ্চ ষ্টুডিঅ'ত ছবিখন নিৰ্মাণ কৰা হৈছিল। নতুন পৃথিৱীৰ শব্দগ্ৰহণ আৰ.চি.এ. পদ্ধতিত কৰা হৈছিল।১ ছবিৰ প্ৰচাৰৰ বাবে ট্ৰেলাৰ মুক্তি দিয়া এইখনে প্ৰথম অসমীয়া ছবি।২

নতুন পৃথিৱী এখন নাৰীকেন্দ্ৰিক ছবি। বিধৱা বিবাহক বিষয়-বস্তু হিচাপে লৈ ছবিৰ কাহিনীভাগ ৰচনা কৰা হৈছিল।৩

অনুপমা ভট্টাচাৰ্য, বিমল নাথ,মলয়া দাস, বীণা দাস মান্না, বুধীন শৰ্মা, বিভূতি চক্ৰৱৰ্তী, সৰ্বানন্দ পাঠক, গীতা ভট্টাচাৰ্য, কল্পনা ৰায়, হেমেন চৌধুৰী আদিৰ উপৰিও পশ্চিমবঙ্গৰ নিতীশ মুখাৰ্জী, পদ্মা দেৱী, তপতী ঘোষ, অৰুণ কুমাৰ আদিয়েও ছবিখনত অভিনয় কৰিছিল।১

সঙ্গীত পৰিচালনা কৰিছিল ত্ৰিধাৰাই।১ অন্য কিছুমান উৎসৰ মতে ছবিখনৰ সঙ্গীত পৰিচালক আছিল মুকুল বৰুৱা আৰু ৰাজেশ্বৰ বৰদলৈ।৪২ কণ্ঠ দিছিল- শেৱালী দেবী, মিহিৰ বৰদলৈ, জ্যোতিৰ্ময় কাকতি আৰু মুকুল বৰুৱাই।১

তথ্যসূত্ৰ

  1. ↑ মঞ্চলেখা, পৃষ্ঠা ৩১৯, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭
  2. ↑ Released Assamese Feature Films
  3. ↑ 'Women are the prime force of society''Women are the prime force of society'
  4. ↑ Notun Prithibi directed by Anowar Hussain

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৫৮ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নতুন পৃথিৱী” প্ৰবন্ধৰ সংশোধন ৪১৬৭২৩ (৩ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।