অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

তুমি যদি কোৱা

তুমি যদি কোৱা (Tumi Jodi Kuwa) এখন অসমীয়া ভাষাৰ ৰোমাণ্টিক বোলছবি৷ এই বোলছবিখনৰ পৰিচালনা আৰু সংলাপ চিম্পল গগৈৰ৷ এল এন ফিল্মছৰ বেনাৰত জিতুমণি টেৰণে এই বোলছবিৰ প্ৰযোজনা কৰে৷ এই বোলছবিত অভিনয় কৰা উল্লেখযোগ্য শিল্পীসকল হৈছে- প্ৰসেনজিত বৰা, জুপিতৰা ভূঞা, মুনমী কলিতা, ৰূপম শৰ্মা, প্ৰিন্স, ভাস্কৰ ৰঞ্জন,…

হালনাগাদ: ২১ জুলাই ২০২৫ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

তুমি যদি কোৱা (Tumi Jodi Kuwa) এখন অসমীয়া ভাষাৰ ৰোমাণ্টিক বোলছবি৷ এই বোলছবিখনৰ পৰিচালনা আৰু সংলাপ চিম্পল গগৈৰ৷ এল এন ফিল্মছৰ বেনাৰত জিতুমণি টেৰণে এই বোলছবিৰ প্ৰযোজনা কৰে৷১ এই বোলছবিত অভিনয় কৰা উল্লেখযোগ্য শিল্পীসকল হৈছে- প্ৰসেনজিত বৰা, জুপিতৰা ভূঞা, মুনমী কলিতা, ৰূপম শৰ্মা, প্ৰিন্স, ভাস্কৰ ৰঞ্জন, ৰঞ্জন দত্ত আৰু কৃষ্ণ৷ বোলছবিখনৰ কাহিনী গৌতম ৰাভাৰ৷ ২০১৩ চনৰ ১৪ জুন তাৰিখে এই বোলছবিখনে মুক্তি লাভ কৰে৷২

কাহিনীভাগ

নতুন প্ৰজন্মৰ ধ্যান ধাৰণাৰ ভিত্তিত বোলছবিখনৰ কাহিনীভাগ ৰচিত হৈছে৷ এই কাহিনীত সংগীতপ্ৰেমী যুৱককেইজনমানৰ নিজৰ গানৰ বেণ্ডক সংগীতৰ জগতখনত প্ৰতিষ্ঠাৰ বাবে কৰা সংগ্ৰাম দেখুউৱা হৈছে৷

সংগীত

বোলছবিখনৰ সংগীত পৰিচালনা কৰিছে চন্দন বেজবৰুৱাই৷ ৩ গীতসমূহ গাইছে জুবিন গাৰ্গ, অনন্যা, দীক্ষু আদি গায়কসকলে৷ ৪

অভিনয়ত

  • প্ৰসেনজিত বৰা
  • জুপিতৰা ভূঞা
  • মুনমী কলিতা
  • ৰূপম শৰ্মা
  • ভাস্কৰ ৰঞ্জন
  • ৰঞ্জন দত্ত
  • কৃষ্ণ

কলা-কুশলী

  • প্ৰযোজনা-জিতুমণি টেৰণ
  • পৰিচালনা/সংলাপ- চিম্পল গগৈ
  • কাহিনী- গৌতম ৰাভা
  • সংগীত-চন্দন বেজবৰুৱা

তথ্যসূত্ৰ

  1. ↑ Aiyushman Dutta - Simple Gogoi’s debut film to hit big screens next month. on Sentinel Assam Newspaper
  2. ↑ Assamese film 'Tumi Jodi Kuwa'. on Sentinel Assam Newspaper
  3. ↑ Tumi Jodi Kowa and Baralar Ghor. on Rupali Parda News
  4. ↑ Tumi Jodi Kua - Music. Dhingana.com

সম্পৰ্কিত শ্ৰেণী

২০১৩ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুমি যদি কোৱা” প্ৰবন্ধৰ সংশোধন ৫২৫৭৮৫ (২১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।