অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পত্নী (চলচ্চিত্ৰ)

পত্নী (Patni) ২০০৩ চনত মুক্তি পোৱা পুলক গগৈ পৰিচালিত আৰু পি জি ফিল্মছ (পুলক গগৈ ফিল্মছ) প্ৰযোজিত এখন ৰঙীন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। ছবিৰ সংগীত অতুল মেধিৰ। মূল ভুমিকাত অভিনয় কৰিছে জয়ন্ত ভাগৱতী আৰু পাকিজা বেগমে।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

পত্নী (Patni) ২০০৩ চনত মুক্তি পোৱা পুলক গগৈ পৰিচালিত আৰু পি জি ফিল্মছ (পুলক গগৈ ফিল্মছ) প্ৰযোজিত এখন ৰঙীন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। ছবিৰ সংগীত অতুল মেধিৰ। মূল ভুমিকাত অভিনয় কৰিছে জয়ন্ত ভাগৱতী আৰু পাকিজা বেগমে। ম্যানমাৰৰ কথাশিল্পী জাগিয়াইৰ চুটিগল্প The Wife-ৰ আধাৰত পৰিচালক গগৈয়ে পত্নীৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে।১

কাহিনীৰ সাৰাংশ

কাতিৰামক গাঁৱৰ ৰাইজে এজন ধোদ বুলিয়ে ভাবে। ঘৈণীয়েক মাধনে হাটত শাক-পাচলি বিক্ৰি কৰি ঘৰখনৰ প্ৰয়োজনীয় খা-খৰচ উলিয়ায় আৰু কাতিৰামে ৰন্ধা-বঢ়া, ধোৱা-পখলা আৰু ল’ৰা-ছোৱালীহালৰ চোৱাচিতা কাম কৰে। তাৰোপৰি তেওঁৰ এটা ভাল গুণ আছে, তেওঁ এটা সুৰীয়া কণ্ঠস্বৰৰ অধিকাৰী। তেওঁ যেতিয়া সুৰ লগাই নামঘৰত ঘোষা-পদ গায়, ৰাইজে ৰ লাগি শুনে।১

গাঁৱৰ নামঘৰীয়াজন ইতিমধ্যে যথেষ্ঠ বুঢ়া হৈছিল আৰু নামঘৰৰ কামকাজ কৰিব নোৱাৰা হৈ আহিছিল। সেয়েহে ৰাইজে কাতিৰামকে নামঘৰীয়াৰ বাব দিয়াৰ কথা গুণা-গঠা কৰে। তেওঁ কিন্তু ঘৰখন এৰি আহি নামঘৰৰ দায়িত্ব লোৱাৰ ইচ্ছা নকৰে যদিও ডেকা ভকত ধনাইৰ প্ৰৰোচনাত তেওঁ অৱশেষত নামঘৰীয়াৰ বাব লয়। সাংসাৰিক দা-দায়িত্বলৈ পিঠি দি তেওঁ নামঘৰতে থাকিবলৈ লয়। মাজেমাজে যেনিবা ঘৰলৈ মাহ-প্ৰসাদ এমুঠি লৈ গৈ ল’ৰা-ছোৱালীহালৰ খবৰ কৰি আহে। ইতিমধ্যে এদিন নিশা চোৰ এটাই নামঘৰত চুৰ কৰিবলৈ আহি ধৰা পৰে। কাতিৰামৰ বুজনিত চোৰটোৰ শুধৰণি হয়৷ সংসাৰত তাৰ কেওকিছুৱে নাছিল৷ সেয়েহে কাতিৰামে তাক নামঘৰতে নাচনি-পাচনি কৰিবলৈ ৰাখি থলে।১

গিৰিয়েকৰ অবৰ্তমানত হাট বেহাবলৈ যোৱা, ৰন্ধা-বঢ়া কৰা, ল’ৰা-ছোৱালী তদাৰক কৰা আদি কামত অকলশৰীয়া মাধনৰ ভীষণ অসুবিধা হয়। কাতিৰামক ঘূৰাই আনিবলৈ মাধনহঁতৰ পেহীয়েক এগৰাকীয়ে মাধনৰ সৈতে যুক্তি হৈ এটা বুদ্ধি পাঙে। কাতিৰামে নিজৰ ভুল উপলব্ধি কৰিবলৈ সক্ষম হয় আৰু নামঘৰৰ কাম-কাজৰ দায়িত্ব চোৰ-ভকতটোৰ হাতত অৰ্পণ কৰি নিজৰ ঘৰখনলৈ প্ৰত্যাৱৰ্তন কৰে।১

অভিনয় শিল্পী

  • জয়ন্ত ভাগৱতী (কাতিৰাম)
  • পাকিজা বেগম (মাধন)
  • বিক্ৰম হাজৰিকা (ধনাই)
  • গীতাৱলী ৰাজকুমাৰী (ৰুমা)
  • চেতনা দাস (পেহী)
  • জ্যোতি গায়ন
  • সাৰংগ বৰা
  • মলয় পবন
  • প্ৰকাশ বৰা
  • মেৰী লস্কৰ
  • ৰুমি দেৱী
  • নিলীমা বৰকাকতি
  • ৰাতুল লস্কৰ
  • দেৱজিত ভূঞা
  • ঈশান হাজৰিকা
  • গৌতম বৰা
  • হিৰণ্য চমুৱা
  • মনালিচা (শিশুশিল্পী)
  • ময়ুৰকৃষ্ণ (শিশুশিল্পী)১২

সংগীত

সংগীত পৰিচালনা অতুল মেধিৰ। সংগীত ব্যৱস্থাপনা কৰিছে ৰূপম তালুকদাৰে। কেশৱ মহন্তই ৰচনা কৰা দুটা গীতৰ উপৰিও ছবিখনত একাধিক লোক-সংগীত আৰু ঘোষা-পদ অন্তৰ্ভূক্ত কৰা হৈছে। শান্তা উজীৰ, কৃষ্ণমণি নাথ, চাজু, খগেন গগৈ, নিৰঞ্জন কলিতা, দিলীপ ফুকন, মধুস্মিতা ভট্টাচাৰ্য আৰু গুণীন ওজাই।১

বাহ্যিক সংযোগ

ইউটিউৱত পত্নী ছবি

তথ্যসূত্ৰ

  1. ↑ Assamese Movie Listː Patni. www.boxofficeassam.com/
  2. ↑ Casting of Assamese Movie Patni. Pulak Gogoi

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পত্নী (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮৫৩১৫ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।