ক্ৰীড়াত খেলুৱৈসকলৰ দৰমহাৰ লিংগ ব্যৱধান বিশ্বৰ বহু দেশত দেখা যায়। বিবিচিয়ে (BBC) কৰা গৱেষণা অনুসৰি "বৰ্তমান মুঠ ৮৩% খেলত পুৰুষ আৰু মহিলাক সমানে পুৰস্কৃত কৰা হয়"।১ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ক্ৰীড়াক্ষেত্ৰত মজুৰিৰ ব্যৱধান কমিছে বা নাইকিয়া হৈছে। ২০১৮ চনত ফৰ্বছে নামৰ আলোচনিখনে শীৰ্ষ ১০০ গৰাকী সৰ্বাধিক দৰমহা পোৱা খেলুৱৈৰ তালিকা প্ৰকাশ কৰে, আৰু তেওঁলোকৰ সকলো পুৰুষ খেলুৱৈ আছিল। ২ ২০১৭ চনতো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, য’ত মাত্ৰ এগৰাকী মহিলা খেলুৱৈ আছিল – টেনিছ খেলুৱৈ ছেৰেনা উইলিয়ামছ — যিয়ে এই তালিকাত যোগদান কৰি ৫৬ নং স্থান লাভ কৰিছিল। ১৯৭০ চনৰ আৰম্ভণিত বিলি জিন কিঙ নামৰ এগৰাকী মহিলা খেলুৱৈয়ে অসমান দৰমহাৰ বিষয়টোৰ প্ৰতি সজাগতা আনিছিল, যেতিয়া তেওঁক ইটালিয়ান অ'পেনত তেওঁৰ লগত খেলা পুৰুষ সমকক্ষতকৈ ২,৯০০ ডলাৰ কমকৈ বঁটা প্ৰদান কৰা হৈছিল।৩।
কাৰকসমূহ
পুৰস্কাৰৰ ধনৰ বাহিৰেও মহিলা খেলুৱৈৰ আয়ত প্ৰভাৱ পেলোৱা আন কিছুমান অভ্যন্তৰীণ আৰু বাহ্যিক কাৰক আছেছ
- অনুমোদন: পুৰুষৰ ক্ৰীড়াই মহিলাৰ বহু বেছি চাহিদা আৰু ক্ৰীড়াতকৈ বহু বেছি দৰ্শক আকৰ্ষণ কৰে। অধিকাংশক্ৰীড়া পুৰুষ বেছি দেখা যায়। ইয়াৰ কাৰক কেইবাটাও। প্ৰথম কাৰকটো হ’ল মহিলা খেলুৱৈসকলে অনুমোদন চুক্তিৰ সৈতে আলোচনা কৰাৰ সম্ভাৱনা কম দেখা যায়। সাধাৰণতে ক'বলৈ গ'লে এজন পুৰুষ আৰু এগৰী মহিলা খেলুৱৈয়ে সমান পুৰস্কাৰৰ ধন লাভ কৰিব পাৰে, কিন্তু অধিক পৃষ্ঠপোষকতা আৰু অনুমোদন চুক্তিৰ বাবে শীৰ্ষত থকা পুৰুষ খেলুৱৈসকলে শীৰ্ষত থকা মহিলা খেলুৱৈতকৈ অধিক বেছি উপাৰ্জন কৰে।৪ যুক্তৰাজ্যৰ এটা সংস্থাই কৰা গৱেষণাৰ পৰা দেখা গৈছে যে পুৰুষ খেলুৱৈসকল অধিক বিক্ৰয়যোগ্য হোৱাৰ প্ৰৱণতা থকাৰ বাবে পৃষ্ঠপোষকসকল পুৰুষ খেলুৱৈৰ প্ৰতি অধিক আকৰ্ষিত হয়।৫ এটা অধ্যয়নত দেখা গৈছে যে কোম্পানীসমূহে মহিলা খেলুৱৈসকলক মুখপাত্ৰ হিচাপে খুব কমেইহে নিয়োগ কৰে।৬ ২০১১ চনৰ পৰা ২০১৩ চনৰ ভিতৰত আন এক অধ্যয়নত দেখা গৈছে যে মুঠ ক্ৰীড়াৰ পৃষ্ঠপোষকতাৰ ০.৪% হে কেৱল মহিলা ক্ৰীড়াৰ। অনুমোদন চুক্তিৰ ভাৰসাম্যহীনতাই পুৰুষ আৰু মহিলা খেলুৱৈৰ মাজত আয়ৰ ব্যৱধান বৃদ্ধি কৰে। তেওঁলোকৰ পুৰস্কাৰৰ ধনৰ ভিত্তিত ৰজাৰ ফেডাৰাৰৰ আয়ৰ সৈতে ছেৰেনা উইলিয়ামছৰ আয়ৰ তুলনা কৰিলে দেখা যায় যে উইলিয়ামছে ফেডাৰেৰৰ তুলনাত ২০ লাখ ডলাৰ বেছি উপাৰ্জন কৰিছিল। কিন্তু ফেডাৰাৰ অনুমোদন বহু বেছি, সেয়েহে তেওঁ ৫৮ মিলিয়ন ডলাৰ উপাৰ্জন কৰে, যিটো চেৰেনা উইলিয়ামছতকৈ পাঁচগুণ বেছি।৭
- বিজ্ঞাপন

বিজ্ঞাপন আৰু সংবাদ মাধ্যম বহুতো ৰূপত দেখা যায় যেনে বাতৰিৰ প্ৰতিবেদন, টেলিভিছন (টিভি) অনুষ্ঠান, আৰু ছ’চিয়েল মিডিয়াৰ প্ৰবন্ধ। সংবাদ মাধ্যমৰ কভাৰেজে খেলুৱৈসকলৰ জনপ্ৰিয়তা বৃদ্ধি কৰাই নহয়, ক্ৰীড়াৰ বাণিজ্যিক প্ৰকৃতিও প্ৰকাশ কৰে।৮ পুৰুষৰ খেলৰ উৎপাদন মূল্য অধিক আৰু অধিক ৰোমাঞ্চকৰ বুলি গণ্য কৰা হয়। ৯ পুৰুষৰ একক টেনিছৰ প্ৰাক্তন বিশ্ব নং ১ ন’ভাক জ’কভিচয়ে কয় যে মহিলা খেলুৱৈতকৈ পুৰুষ খেলুৱৈয়ে অধিক দৰমহা পোৱাৰ যোগ্য কাৰণ “পৰিসংখ্যাই দেখুৱাইছে যে পুৰুষৰ টেনিছ খেলত বহু বেছি দৰ্শক”, অৰ্থাৎ পুৰুষ খেলুৱৈয়ে অধিক আগ্ৰহ আৰু মনোযোগ লাভ কৰে।১০ অৰ্থনৈতিক যুক্তিটো হ’ল, দৰ্শকৰ সংখ্যাই খেলৰ বাণিজ্যিক মূল্য নিৰ্ধাৰণ কৰে, কিয়নো সংবাদ মাধ্যমৰ প্ৰযোজকসকলে লাভৰ বাবে অধিক দৰ্শকক আকৰ্ষণ কৰাৰ আশা কৰে। এই কাৰকে মহিলা খেলুৱৈসকলৰ সংবাদ মাধ্যমৰ কভাৰেজত প্ৰভাৱ পেলায়। ক্ৰীড়াত মহিলাৰ অংশগ্ৰহণ বহু পৰিমাণে বৃদ্ধি পোৱাৰ পিছতো বছৰৰ পিছত বছৰ ধৰি মহিলা খেলুৱৈসকলৰ বিষয়ে সংবাদ মাধ্যমৰ প্ৰচাৰ অপৰিৱৰ্তিত হৈ আছে।১১
সম্প্ৰচাৰ চুক্তি আৰু দূৰদৰ্শনৰ উন্মোচনে খেলুৱৈসকলৰ পৃষ্ঠপোষক আৰু অনুমোদন লাভ কৰাৰ সামৰ্থ্যত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বৰ্ধিত টিভি বিপণনৰ লগে লগে অধিক পৃষ্ঠপোষক আগবাঢি আহে, আৰু তেতিয়া উদ্যোগ এটাত লাভৰ সম্ভাৱনা বাঢে আৰু লগতে খেলুৱৈৰ মজুৰি বৃদ্ধি হোৱাৰ সম্ভাৱনা বাঢে। তেনেদৰে মিলা খেলুৱৈৰ মজুৰি বৃদ্ধি হʼব পাৰে।১২ যদিও পৰম্পৰাগত আৰু অনলাইন মিডিয়া আউটলেটত মহিলা খেলুৱৈসকলৰ কভাৰেজৰ অভাৱ আছে, ব্যক্তিগত ছ'চিয়েল মিডিয়া একাউণ্টবোৰে খেলুৱৈ মহিলাসকলক নিজকে প্ৰচাৰ কৰিবলৈ, অনুৰাগী সংখ্যা বঢোৱাত সহায় কৰে। ১৩ আনহাতে এটা অধ্যয়নত চাৰিটা মুখ্য আমেৰিকাৰ ক্ৰীড়া নেটৱৰ্কৰ ইনষ্টাগ্ৰাম একাউণ্টত 1,587 খন ছবি পৰীক্ষা কৰা হৈছিল আৰু দেখা গৈছিল যে লিংগ "উপযুক্ত" ক্ৰীড়াত মহিলাসকলক অখেলুৱৈ আৰু পুৰুষৰ কাষত প্ৰদৰ্শিত হোৱাৰ সম্ভাৱনা অধিক দেখা যায়। ১৪
অষ্ট্ৰেলিয়াত, মহিলাৰ ক্ৰীড়া সকলো ক্ৰীড়া মাধ্যমৰ কভাৰেজৰ ৭% হয়, যি হৈছে যুক্তৰাজ্যৰ দৰে। একেদৰে, আমেৰিকা যুক্তৰাষ্ট্ৰত, প্ৰায় 40% খেলুৱৈ মহিলা, কিন্তু তেওঁলোকৰ ৪%হে মিডিয়াত প্ৰদৰ্শিত হয়। ১৫ ২০১৫ চনৰ এক অধ্যয়নত বিলিংছ এণ্ড ইয়ঙে ইএছপিএনৰ ক্ৰীড়া কেন্দ্ৰ আৰু ফক্স স্পৰ্টছ ১ৰ ফক্স স্পৰ্টছ লাইভত মহিলাৰ ক্ৰীড়াৰ প্ৰদৰ্শিনৰ তুলনা কৰিছিল, য'ত দুয়োটা টিভি অনুষ্ঠানই ১% তকৈ কম সময়হে মহিলাৰ ক্ৰীড়া প্ৰদৰ্শিত কৰা দেখা গৈছিল। ১৬ নৰ্ডিক ৰাজ্যসমূহত মহিলাসকলে নিয়মীয়া বাতৰি কাকত বা টিভি ক্ৰীড়া 10% প্ৰদৰ্শিত হয়। ১৭ আন্তৰ্জাতিক ক্ৰীড়া বাতৰি ৱেবছাইটসমূহৰ ২০১৫ চনৰ বিশ্লেষণত তিনিটা ৱেবছাইটত মহিলা এথলেটিকছ প্ৰদৰ্শন কেৱল 7% পোৱা গৈছিল।
- অৰ্থনৈতিক লাভালাভ
৪৬০টাতকৈও অধিক বৃত্তি বিশ্লেষণ কৰা এক অধ্যয়নত খেলুৱৈসকলৰ লিংগবাষেশ পাৰিতোষিক ব্যৱধান অধিক পোৱা গৈছিল। গড়ে ৩৮,০০৮ ডলাৰ উপাৰ্জন কৰা পুৰুষ খেলুৱৈৰ তুলনাত গড় মহিলা খেলুৱৈয়ে ১৫,২৩২ ডলাৰ উপাৰ্জন কৰে। ১৮ পুৰুষ দলৰ তুলনাত মহিলা দলসমূহে কম অনুৰাগী আকৰ্ষণ কৰে, ইয়াৰ পৰা বুজা যায় যে মহিলা দলসমূহৰ খেলত কম টিকট বিক্ৰী হয় আৰু সেয়েহে কম ৰাজহ আহৰণ হয়। সৰ্বাধিক দৰমহা পোৱা মহিলা মল্লযুঁজাৰু ৰণ্ডা ৰাউজেই কয় যে মহিলা খেলুৱৈসকলে কিমান দৰমহা পায় তাৰ ওপৰত নিৰ্ভৰ হয় তেওঁলোকে কিমান ৰাজহ আনে।১৯ খেলুৱৈৰ বিভিন্ন বজাৰযোগ্যতাই পুৰুষ আৰু মহিলা খেলুৱৈৰ সংশ্লিষ্ট উপাৰ্জনত প্ৰভাৱ পেলায়। যেতিয়ালৈকে মহিলা খেলুৱৈসকলে তেওঁলোকৰ পুৰুষ সমকক্ষসকলৰ দৰে অসাধাৰণ ৰাজহ আহৰণ কৰিব তেতিয়ালৈকে অৰ্থনৈতিক লাভ হ'ব।২০
- আনবোৰ
আন কিছুমান কাৰকে মহিলা খেলুৱৈৰ উপাৰ্জনত প্ৰভাৱ পেলায়, যেনে ক্ৰীড়া সংস্থাত মহিলাৰ শাসকীয় পদত কম অধিষ্ঠিত হোৱা। ইউৰোপৰ ক্ৰীড়া ফাউণ্ডেশ্যনত সকলো সিদ্ধান্ত গ্ৰহণৰ পদৰ ১৪%হে কেৱল মহিলাৰ দখলত।২১ মাতৃত্বই মহিলা খেলুৱৈসকলৰ উপাৰ্জনও হ্ৰাস কৰে কাৰণ তেওঁলোকে শাৰীৰিক অৱস্থাৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণৰ বহু সম্ভাৱনা হেৰুৱাই পেলায়। প্ৰসৱৰ পিছতো প্ৰশিক্ষণ আৰু শৰীৰৰ আকৃতি পুনৰ নিৰ্মাণ কৰিবলৈ সময় লাগে।২২ গৰ্ভাৱস্থাই বাণিজ্যিক পাৰ্থক্য আনে, আৰু ই মূলতঃ এণ্ডাৰছমেণ্ট চুক্তিৰ জৰিয়তে প্ৰতিফলিত হয়।২৩ পেছাদাৰী বিচ ভলীবল খেলুৱৈ কেৰী ৱালছে এবাৰ কৈছিল যে তেওঁক পৃষ্ঠপোষকে গৰ্ভৱতী হোৱাৰ পৰা আঁতৰি থাকিবলৈ কৈছিল। পেছাদাৰী স্নোবৰ্ডাৰ কিমি ফাছানীয়েও গৰ্ভৱতী হোৱাৰ কথা গম পাই এণ্ডাৰছমেণ্ট চুক্তি হেৰুৱাৰ ভয়ৰ সন্মুখীন হ’বলগীয়া হয়।২৪
তথ্যসূত্ৰ
তথ্যসূত্ৰ
- ↑ "Women's Sport Week 2017: Gender prize money gap narrowing, new study shows". 19 June 2017. Retrieved 9 May 2019
- ↑ The World's Highest Paid Athletes 2018. Forbes
- ↑ (12 April 2016). Equal pay for equal play. What the sport of tennis got right. PBS NewsHour
- ↑ Perasso, Valeria (23 October 2017). "Is the gender pay gap in sport closing?". Retrieved 9 May 2019
- ↑ Sports sponsors overwhelmingly favour men over women. www.playthegame.org
- ↑ (28 August 2012). Few female athletes get endorsement deals. Futurity
- ↑ 1. Cristiano Ronaldo. Forbes
- ↑ Perry, Monique; Ramiscal, Kayla. (8 March 2019). Women's sport: If we build it, they will come. Mumbrella
- ↑ Bodenner, Chris. (9 June 2015). Why Aren't Women's Sports as Big as Men's?. The Atlantic
- ↑ Association, Press. (21 March 2016). Novak Djokovic: men's tennis should fight for more prize money than women. The Guardian
- ↑ Romney, Miles; Johnson, Rich G. (8 April 2019). The Ball Game Is for the Boys: The Visual Framing of Female Athletes on National Sports Networks' Instagram Accounts. Communication & Sport. পৃ. 738–756
- ↑ To what extent is there a gender pay gap in sport?. www.withersworldwide.com
- ↑ Toffoletti, Kim; Thorpe, Holly. (8 February 2018). Female athletes' self-representation on social media: A feminist analysis of neoliberal marketing strategies in "economies of visibility". Feminism & Psychology. পৃ. 11–31
- ↑ Romney, Miles; Johnson, Rich G. (8 April 2019). The Ball Game Is for the Boys: The Visual Framing of Female Athletes on National Sports Networks' Instagram Accounts. Communication & Sport. পৃ. 738–756
- ↑ TuckerCenter. (29 July 2015). Media Coverage and Female Athletes – Full Documentary
- ↑ Cooky, Cheryl; Messner, Michael A.; Musto, Michela. (31 December 2019). 10. "It's Dude Time!" A Quarter Century of Excluding Women's Sports in Televised News and Highlight Shows. No Slam Dunk. Rutgers University Press. পৃ. 209–234. ISBN 978-0-8135-9208-4
- ↑ Hovden, Jorid; von der Lippe, Gerd. (21 May 2020). The gendering of media sport in the Nordic countries. Sport, Outdoor Life and the Nordic World. Routledge. পৃ. 111–124. ISBN 978-1-003-00904-7
- ↑ Heinrich, P. C.; Raydt, G.; Puschendorf, B. (1976-02-02). Subcellular distribution of histone-degrading enzyme activities from rat liver. European Journal of Biochemistry. পৃ. 37–43
- ↑ (19 October 2015). Ronda Rousey Explains Why She Deserves To Make More Money Than Male Fighters. UPROXX
- ↑ (16 April 2019). 'Gender wage gap' in sport makes perfect sense. Herald Sun
- ↑ Sport. European Institute for Gender Equality
- ↑ Pearce, Linda. (6 July 2015). Women in sport: when pregnancy spells the end of a career. The Sydney Morning Herald
- ↑ Draznin, Haley. (26 February 2018). What pregnancy means for top female athletes and endorsements. CNNMoney
- ↑ What pregnancy means for top female athletes and endorsements. www.kq2.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ৰীড়াক্ষেত্ৰত পাৰিতোষিক লিংগ ব্যৱধান” প্ৰবন্ধৰ সংশোধন ৬০৬৯৬৬ (১৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।