ঢোপ খেল ( Dhop Khel) অসমৰ এবিধ পৰম্পৰাগত খেল৷ এই খেল খেলিবলৈ খেলুৱৈসকল দুটি দলত বিভক্ত হ’ব লাগে৷ দুইটি দলত এঘাৰ জনকৈ মুঠ বাইছজন খেলুৱৈ থাকে৷ চাৰিখন পতাকাৰ দ্বাৰা সীমা নিৰ্ধাৰণ কৰা এটা ক্ষেত্ৰত খেল খেলখন খেলা হয়৷ খেল ক্ষেত্ৰখনৰ নিৰ্দিষ্ট জোখ আছে৷ খেলুৱৈসকলে পাল পাতি প্ৰতিপক্ষৰ ফালে বল দলিয়ায়৷ প্ৰতিপক্ষই এই বলটো ধৰিব লাগে৷ এই খেলত ক্ষিপ্ৰ সিদ্ধান্ত, অংগ সঞ্চালন আৰু মানসিক শক্তিৰ প্ৰয়োজন হয়৷১ অৱশ্যে অসমৰ ঠাই বিশেষে এই খেল কিছু বেলেগ নিয়মেৰেও খেলা হয়৷ সাধাৰণতে এই খেল ছোৱালীবোৰৰ মাজত বেছি জনপ্ৰিয়৷ এই ঢোপ খেল পৰম্পৰাগতভাৱে বিহুৰ সময়ত আৰু নৱবৰ্ষৰ উৎসৱ পালনৰ বাবে কৰা হৈছিল।২ এসময়ত এই খেলখন দৰ্শকৰ খেল হিচাপে আহোম ৰজাঘৰীয়াক আমোদ দিবলৈ খেলা হৈছিল। বৰ্তমান ইয়াক পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে যদিও অসমত এতিয়া ই বহুলভাৱে খেলা নহয়।৩
ঢোপ খেলৰ বল
ঢোপ খেলৰ বাবে বলটো বিশেষধৰণে তৈয়াৰী৷ আক মিটাৰমান কাপোৰ মেৰিয়াই বল এটা সজা হয়৷ বলটোৰ এফুটমান দীঘল নেজ এডাল থাকে৷৪
নিয়ম
ঢোপ খেল খেলিবলৈ খেলপথাৰখনত খেলুৱৈসকল দুটা ভাগত ভাগ কৰা হয়, এটা দলৰ খেলুৱৈয়ে বলটো এনেদৰে নিক্ষেপ কৰিবলৈ চেষ্টা কৰে যাতে ই কঁকালৰ তলৰ অংশত নিৰ্দিষ্ট প্ৰতিদ্বন্দ্বীক খুন্দা মাৰে। যদি এই কাৰ্যত সফল হয়, তেন্তে নিৰ্দিষ্ট প্ৰতিদ্বন্দ্বীয়ে বলটো তেওঁলোকৰ পৰা বলটো উভতি অহাৰ পিছত ধৰিবলৈ চেষ্টা কৰিব লাগিব (বিপক্ষৰ কোনোৱেই বলটো ধৰা নপৰাটো নিশ্চিত কৰিব লাগিব), আৰু তাৰ পিছত কোনোৱে স্পৰ্শ নকৰাকৈ নিজৰ দলৰ আধা অংশলৈ উভতি দৌৰিব লাগিব প্ৰথম দলৰ খেলুৱৈসকলৰ ভিতৰত, সফল হ’বলৈ। খেলৰ শেষত সফল খেলুৱৈৰ সংখ্যা বেছি থকা দলটোৱে জয়লাভ কৰে।৫ ধৰা হ’ল, ১ নম্বৰ খেলুৱৈয়ে ঢোপটোৰ নেজত ধৰি ৫ নম্বৰ খেলুৱৈলৈ মাৰি পঠিয়াব৷ ৫ নম্বৰে যদি ধৰিব পাৰে, তেওঁ যিকোনো এজন খেলুৱৈলে ঢোপটো দলিয়াব৷ যদি দলিয়াওতে লক্ষ্যস্থান অৰ্থাৎ খেলুৱৈজনৰ গাত লাগে, তেন্তে খেলুৱৈজন মৰা পৰিব৷ যদি গাত লগাৰ আগতে ধৰিব পাৰে, তেন্তে তেওঁ আন এজনলৈ দলিয়াব৷ এনেকৈ কৰোঁতে শেষত যিজন ৰ’বগৈ তেৱেঁই খেলখনত জিকিব৷৪ আন কোনো ঠাইত ই কেৱল ছোৱালীৰ মাজতহে খেলা হয় আৰু প্ৰতি দলত ১০ বা ১২ জনী খেলুৱৈ থাকে৷ কাপোৰেৰে সজা ঢোপ বা বল এটা লৈ এটা দলৰ এজনীয়ে আনটো দলৰ মাজলৈ দলিয়াই দিয়ে৷ তেওঁলোকে ঢোপটো ধৰিবলৈ সকলোৱে একেলগে চেষ্টা কৰে৷ কোনোজনীয়ে ধৰিব পাৰিলে বিপক্ষলৈ ঢোপটো দলিয়াই দিয়ে৷ বিপক্ষইয়ো ঢোপটো ধৰিবলৈ খৰখেদা কৰে৷ যিটো দলে ধৰিব নোৱাৰে, সেইটো দল হাৰিল বুলি ধৰা হয়৷৬
তথ্যসূত্ৰ
- ↑ Traditional Sports in India
- ↑ (25 April 2008). Rare dhop khel organized at Jamugurihat. Assam Tribune
- ↑ Das, Gaurav. (20 April 2012). Kids, adults now game for traditional Assamese sports. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ ভকত, ৺লাবণ্য. (২০২১). কোচ ৰাজবংশী সংস্কৃতি কোশ. বনমালী প্ৰকাশন. পৃ. ৪০৪. ISBN 078-93-81678-81-7
- ↑ Dhopkhel- The Indigenous Game of Assam. Chase Your Sport
- ↑ গগৈ, চাও লোকেশ্বৰ. (২০১১). অসমৰ লোকসংস্কৃতি ২. ক্ৰান্তিকাল. পৃ. ৫৯১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঢোপ খেল” প্ৰবন্ধৰ সংশোধন ৪৪৯৩৬৪ (২৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।