প্ৰিয়ংকা হনুমন্ত ইংলে (ইংৰাজী ভাষা: Priyanka Hanumant Ingle; জন্ম: ৩ অক্টোবৰ ২০০০)১ মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় খো-খো খেলুৱৈ। তেওঁ ভাৰতীয় মহিলাৰ ৰাষ্ট্ৰীয় খো খো দলৰ এগৰাকী অলৰাউণ্ডাৰ হিচাপে খেলে। তেওঁ ২০২৫ চনৰ জানুৱাৰী মাহত দিল্লীত অনুষ্ঠিত উদ্বোধনী খো খো বিশ্বকাপত বিজয়ী হোৱা ভাৰতীয় মহিলা দলৰ অধিনায়কত্ব কৰিছিল।২৩
প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ
ইংলে মহাৰাষ্ট্ৰৰ পুনেৰ বাসিন্দা। তেওঁৰ পিতৃ হনুমন্ত ইংলে বীড জিলাৰ কাইজ তালুকৰ এজন কৃষক। তেওঁ পুনেৰ ওচৰৰ পিম্পৰী-চিঞ্চৱাদৰ ৱাদমুখৱাড়ীত অৱস্থিত শ্ৰী সয়াজিনাথ মহাৰাজ বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ নিজৰ বিদ্যালয়ত পঞ্চম শ্ৰেণীত পঢ়ি থকাৰপৰাই খো খো খেলিবলৈ আৰম্ভ কৰে আৰু তেওঁৰ প্ৰথম প্ৰশিক্ষক অবিনাশ কৰৱাণ্ডেৰপৰা প্ৰাৰম্ভিক শিক্ষা লাভ কৰে। তেওঁ এম.কম সম্পূৰ্ণ কৰি বৰ্তমান পুনেৰ আয়কৰ বিভাগত কৰ্মৰত হৈ আছে।২
কেৰিয়াৰ
২০২৫ চনৰ জানুৱাৰী মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা প্ৰথম খো খো বিশ্বকাপত জয়ী হোৱা ভাৰতীয় মহিলা দলৰ নেতৃত্ব ইংলে দিছিল।৪৫ ভাৰতীয় দলটোৱে গ্ৰুপ পৰ্যায়ত দক্ষিণ কোৰিয়া, ইৰান আৰু মালয়েছিয়াক, কোৱাৰ্টাৰ ফাইনেলত বাংলাদেশক আৰু ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল।৬ তেওঁলোকে ফাইনেলত নেপালক ৭৮-৪০ ব্যৱধানত পৰাস্ত কৰে।৭ তেওঁক প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয়।৮ ইয়াৰ পূৰ্বে ২০১৬ চনত এছিয়ান খো খো চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰা ভাৰতীয় দলটোৰো তেওঁ অংশ আছিল।৯
বঁটা আৰু সন্মান
২০২২ চনত তেওঁক জ্যেষ্ঠ ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে প্ৰদান কৰা ৰাণী লক্ষ্মীবাঈ বঁটা প্ৰদান কৰা হয়।৯
২০২৫ চনৰ ২২ জুনত নাগপুৰত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীয়ে তেওঁৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবে তেওঁক ফেমাছ এৱাৰ্ডছ ২০২৫ প্ৰদান কৰে।
তথ্যসূত্ৰ
- ↑ kheloindia.gov.in/uploads/Khelo%20India%20Athlet Serial number 157
- ↑ (2025-01-24). Priyanka Ingle, India's Kho Kho World Cup winning captain arrives in Pune to a grand welcome. The Indian Express
- ↑ Skipper Priyanka Ingle calls winning Kho Kho World Cup "proud moment", says sport has reached "global level". ANI News
- ↑ IANS. (2025-01-15). Kho Kho World Cup: Indian women make history with 157-point rout of South Korea. The Statesman
- ↑ Krishnan, Vivek. (2025-01-09). Pratik Waikar, Priyanka Ingle to lead Indian men's and women's teams at Inaugural Kho Kho World Cup. Sportstar
- ↑ (19 January 2025). Indian Women create history at Kho Kho World Cup 2025 with commanding victory over rivals Nepal to secure coveted trophy. The Tribune
- ↑ (19 January 2025). Indian women clinch Kho Kho World Cup 2025 with commanding win over Nepal in final. ianslive.in
- ↑ PTI. (2025-01-19). Fulfilling my responsibilities as captain feels amazing: Priyanka Ingle on India's Kho Kho World Cup win. Sportstar
- ↑ (10 January 2025). Kho Kho World Cup 2025: Who is Priyanka Ingle? Know all about Indian women's team captain. www.msn.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়ংকা ইংলে” প্ৰবন্ধৰ সংশোধন ৬০৩৪৪৭ (২৯ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।