অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

ত্ৰিপুৰী খেল আৰু ক্ৰীড়া

ত্ৰিপুৰী সম্প্ৰদায়ৰ নিজস্ব পৰম্পৰাগত ক্ৰীড়া আছে, যাক ককবৰক (ত্ৰিপুৰী) ভাষাত থ্ৱংমুং বুলি কোৱা হয়। শেহতীয়া বছৰসমূহত আধুনিক খেল আৰু ক্ৰীড়াৰ প্ৰতি অধিক লোক আকৰ্ষিত হোৱাৰ ফলত এই পৰম্পৰাগত ক্ৰীড়াসমূহ ক্ৰমে পৰিত্যক্ত হৈ আহিছে, কিন্তু কিছুমান খেল এতিয়াও খেলা হয় আৰু গ্ৰাম্য ত্ৰিপুৰাত অধিক পছন্দ কৰা…

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ৩৯০ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ত্ৰিপুৰী সম্প্ৰদায়ৰ নিজস্ব পৰম্পৰাগত ক্ৰীড়া আছে, যাক ককবৰক ভাষা (ত্ৰিপুৰী) ভাষাত থ্ৱংমুং বুলি কোৱা হয়। শেহতীয়া বছৰসমূহত আধুনিক খেল আৰু ক্ৰীড়াৰ প্ৰতি অধিক লোক আকৰ্ষিত হোৱাৰ ফলত এই পৰম্পৰাগত ক্ৰীড়াসমূহ ক্ৰমে পৰিত্যক্ত হৈ আহিছে, কিন্তু কিছুমান খেল এতিয়াও খেলা হয় আৰু গ্ৰাম্য ত্ৰিপুৰাত অধিক পছন্দ কৰা হয়। তলত তেনে কিছুমান খেলৰ তালিকা দিয়া হ’ল।১২

আচুগুই ফান সোহলাইমুং

এইটো এক প্ৰকাৰৰ মল্লযুঁজ, যি দুজন যুৱকৰ মাজত শক্তি পৰীক্ষাৰ উদ্দেশ্যে খেলা হয়। খেলুৱৈসকলে মুখামুখিকৈ মাটিত বহি ভৰি মেলি দিয়ে। তেওঁলোকৰ ভৰি দুখন থিৰ কৰিবলৈ মাজত পাতল গছ বা বাঁহৰ খুঁটা এটা ৰখা হয়। দুয়ো প্ৰতিদ্বন্দ্বীয়ে প্ৰায় আঢ়াই হাত দীঘল বাঁহৰ টুকুৰা এটা অনুভূমিকভাৱে ধৰি ৰাখে, যিটো তেওঁলোকৰ মাজত মাটিৰ ওপৰত ওখকৈ থাকে। টান আৰম্ভ হোৱাৰ পাছত প্ৰতিজনে বাঁহটো নিজৰ ফালে টানিবলৈ চেষ্টা কৰে।

বুমানিকোটৰ

বুমানিকোটৰ এক প্ৰকাৰৰ লুকাভাকু খেল, যি দুটা গোটত খেলা হয়। এটা দলে লুকাই থাকে আৰু আনটো দলে লুকাই থকা গোটটোক বিচাৰি উলিয়াবলৈ চেষ্টা কৰে।

ড্ৱখুই সোটনমুং

এইটো দুটা গোটৰ ল’ৰা বা পুৰুষৰ মাজত খেলা টাগ অৱ ৱাৰৰ এক ৰূপ।

ফান সোহলাইমুং

এই খেলত খেলুৱৈসকলে ইজনে সিজনৰ পৰা নিৰ্দিষ্ট দূৰত্বত থিয় হয় আৰু মাজত এটা চিহ্ন দিয়া হয়। বাঁহৰ খুঁটা এটাৰ দুয়ো মূৰ খেলুৱৈসকলে সোঁ বগলীৰ তলত ৰাখি দুহাতেৰে দৃঢ়ভাৱে ধৰে। তাৰ পাছত ইজনে সিজনক পিছলৈ ঠেলি মাজৰ চিহ্ন পাৰ কৰাবলৈ চেষ্টা কৰে।

কালডং বা কাডং

মাটিৰ পৰা প্ৰায় দুফুট ওপৰত দুটা বাঁহৰ ওপৰত সৰু ভৰিৰ মঞ্চ বান্ধি থোৱা হয়। খেলুৱৈয়ে এই মঞ্চত খোজ কাঢ়ে। অধিক সময় নপৰি থকাতো বা বেছি বেগেৰে আগবাঢ়িব পৰা ক্ষমতাৰ ওপৰত প্ৰতিযোগিতা হয়।

লংগোই চকমুং

এইখন ত্ৰিপুৰী শিশুৰ মাজত জনপ্ৰিয় দোলনা খেল। গছৰ ডালত দুটা দীঘল ৰছী বা মজবুত লতা বান্ধি তলত কাঠৰ আসন সংলগ্ন কৰা হয়। পাল পাতি শিশুসকলে দোল খায় আৰু আনসকলে ঠেলি দিয়ে। দোল খাই গীত গোৱা হয়।

মুফুক সাগৱনাং

এজন যুৱকৰ শক্তি পৰীক্ষাৰ বাবে এই খেল খেলা হয়। এজন মানুহৰ কঁকালত ৰছীৰ এটা মূৰ বান্ধি থোৱা থাকে আৰু এটি শিশু তেওঁৰ বুকুত আঁকোৱালি লৈ থাকে। আন এজন মানুহে ৰছীৰ আনটো মূৰ ধৰি পিছফালে থিয় হয়। খেল আৰম্ভ হ’লে আগৰজন আগবাঢ়িবলৈ চেষ্টা কৰে আৰু পিছফালৰজন প্ৰতিপক্ষক পিছলৈ টানিবলৈ চেষ্টা কৰে।৩

মুস্তা চেক্লাইও

দুজন যুৱকৰ মাজত গ্ৰিপৰ শক্তি পৰীক্ষাৰ বাবে এই খেল খেলা হয়। বাঁহৰ ডালৰ পৰা নলাকাৰ অংশ এটা কাটি লোৱা হয়। এজন ব্যক্তিয়ে ইয়াক মাটিত দৃঢ়ভাৱে ধৰি ৰাখে। আনজনে প্ৰথমজনৰ হাতৰ ওপৰত অংশটো ধৰি ঘূৰাই টানি কাঢ়ি নিবলৈ চেষ্টা কৰে।

সোহলাইমুং

ত্ৰিপুৰী শব্দ “সোহলাইমুং”ৰ আক্ষৰিক অৰ্থ হৈছে মল্লযুঁজ। এইটো নিৰ্দিষ্ট নিয়ম-নীতিৰ সৈতে খেলা মুক্ত-হাতৰ মল্লযুঁজ। সাধাৰণতে জ্যেষ্ঠ দৰ্শকৰ এজন ৰেফাৰী হিচাপে কাৰ্য কৰে।

টেংডাং

টেংডাং গাঁওসমূহত জনপ্ৰিয় আন এক খেল। ভাৰতৰ আন অঞ্চলত জনাজাত গিলি-ডাণ্ডা খেলৰ সৈতে ইয়াৰ সাদৃশ্য আছে।৪

তথ্যসূত্ৰ

  1. ↑ Tripura Sports, Traditional Games of Tripura, Wrestling in Tripura. www.tripuraonline.in
  2. ↑ Das, S. C. (2021-06-01). STUDY ON THE SELECTED INDIGENOUS SPORTS OF TRIPURA: A THEMATIC APPROACH. Vidyabharati International Interdisciplinary Research Journal
  3. ↑ Tripura, the land of fourteen gods and million statues. www.tripura.org.in
  4. ↑ Debbarma, Khumtia. (2020-10-16). Here's How Tripura's Tribal Communities Play Tengdang, A Popular Traditional Game. Adivasi Lives Matter

সম্পৰ্কিত শ্ৰেণী

লোক-খেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ত্ৰিপুৰী খেল আৰু ক্ৰীড়া” প্ৰবন্ধৰ সংশোধন ৫৯৪৭৬৯ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।