অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

ডেকাথলন

ডেকাথলন (Decathlon) হৈছে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এক সংযুক্ত ক্ৰীড়া প্ৰতিযোগিতা। ১৯১২ চনৰ পৰা অলিম্পিকত ডেকাথলন প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। এই প্ৰতিযোগিতাত প্ৰতিজন প্ৰতিযোগীয়ে দহটাকৈ খেলত অংশগ্ৰহণ কৰিব লাগে।

হালনাগাদ: ২৮ আগষ্ট ২০২১ ১৮২ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ডেকাথলন (Decathlon) হৈছে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এক সংযুক্ত ক্ৰীড়া প্ৰতিযোগিতা। ১৯১২ চনৰ পৰা অলিম্পিকত ডেকাথলন প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। এই প্ৰতিযোগিতাত প্ৰতিজন প্ৰতিযোগীয়ে দহটাকৈ খেলত অংশগ্ৰহণ কৰিব লাগে। পুৰুষৰ ক্ষেত্ৰত ইয়াৰে প্ৰথম পাঁচটা হ'ল- ১০০ মিটাৰ দৌৰ, দীঘল জাঁপ, শ্বটপুট, ওখ জাঁপ আৰু ৪০০ মিটাৰ দৌৰ। এই পাঁচবিধ খেল প্ৰথম দিনা খেলোৱা হয় আৰু ইয়াৰ দ্বাৰা খেলুৱৈ জনৰ বেগ আৰু শক্তি নিৰ্ণয় কৰা হয়। দ্বিতীয় দিনা খেলোৱা খেলবোৰ হ’ল- ১১০ মিটাৰ হাৰ্ডলছ, ডিছকাছ থ্ৰ’, প’ল ভল্ট, জেভেলিন থ্ৰ’ আৰু ১৫০০ মিটাৰ দৌৰ। এই খেলকেইবিধৰ দ্বাৰা খেলুৱৈ জনৰ পৰিশ্ৰম শক্তি, ষ্টেমিনা, ধৈৰ্য আৰু কলা-কৌশল নিৰূপণ কৰা হয়।

খেলসমূহ

পুৰুষ

প্ৰথম দিন

  • ১০০ মিটাৰ দৌৰ
  • দীঘল জাঁপ
  • শ্বটপুট
  • ওখ জাঁপ
  • ৪০০ মিটাৰ দৌৰ

দ্বিতীয় দিন

  • ১১০ মিটাৰ হাৰ্ডলছ
  • ডিছকাছ থ্ৰ’
  • প’ল ভল্ট
  • জেভেলিন থ্ৰ’
  • ১৫০০ মিটাৰ দৌৰ

মহিলা

প্ৰথম দিন

  • ১০০ মিটাৰ দৌৰ
  • ডিছকাছ থ্ৰ’
  • প’ল ভল্ট
  • জেভেলিন থ্ৰ’
  • ৪০০ মিটাৰ দৌৰ

দ্বিতীয় দিন

  • ১১০ মিটাৰ হাৰ্ডলছ
  • দীঘল জাঁপ
  • শ্বটপুট
  • ওখ জাঁপ
  • ১৫০০ মিটাৰ দৌৰ

প্ৰসিদ্ধ ক্ৰীড়াবিদ

ইংৰাজ খেলুৱৈ ডালে থম্পছনক (Daley Thompson) এজন শ্ৰেষ্ঠ ডেকাথলন চেম্পিয়ন বুলি ধৰা যায়। তেওঁ একেলেথাৰিয়ে ১৯৮০ আৰু ১৯৮৪ চনৰ অলিম্পিকত ডেকাথলন চেম্পিয়ন হৈছিল। দুবাৰকৈ অলিম্পিকত ডেকাথলন চেম্পিয়ন হোৱা তেঁৱেই বিশ্বৰ প্ৰথমগৰাকী খেলুৱৈ।১

তথ্যসূত্ৰ

  1. ↑ শান্তনু কৌশিক বৰুৱা, জ্ঞানাঞ্জন, প্ৰান্তিক, ৩৫শ বছৰ, ৪ৰ্থ সংখ্যা, পৃষ্ঠা নং: ১৮

সম্পৰ্কিত শ্ৰেণী

পেছাদাৰী ক্ৰীড়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেকাথলন” প্ৰবন্ধৰ সংশোধন ২৯২৭৫৭ (২৮ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।