অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

বিশ্ব পৰম্পৰাগত ক্ৰীড়া সমাৰোহ

বিশ্ব পৰম্পৰাগত ক্ৰীড়া সমাৰোহ (World Indigenous Games) হৈছে বিশ্বৰ বিভিন্ন পৰম্পৰাগত খেলৰ এক প্ৰতিযোগিতা তথা প্ৰদৰ্শনীমূলক সমাৰোহ। এই সমাৰোহত বিভিন্ন অঞ্চলৰ স্থানীয় খেলুৱৈসকলে অংশগ্ৰহণ কৰে। ২০১৫ চনৰ অক্টোবৰ মাহত ক্ৰীড়া সমাৰোহখন প্ৰথমবাৰৰ বাবে নদিনীয়া কাৰ্যসূচীৰে ব্ৰাজিলৰ পালমাছত অনুষ্ঠিত হয়।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৫ ১৮৬ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

বিশ্ব পৰম্পৰাগত ক্ৰীড়া সমাৰোহ (World Indigenous Games) হৈছে বিশ্বৰ বিভিন্ন পৰম্পৰাগত খেলৰ এক প্ৰতিযোগিতা তথা প্ৰদৰ্শনীমূলক সমাৰোহ। এই সমাৰোহত বিভিন্ন অঞ্চলৰ স্থানীয় খেলুৱৈসকলে অংশগ্ৰহণ কৰে। ২০১৫ চনৰ অক্টোবৰ মাহত ক্ৰীড়া সমাৰোহখন প্ৰথমবাৰৰ বাবে নদিনীয়া কাৰ্যসূচীৰে ব্ৰাজিলৰ পালমাছত অনুষ্ঠিত হয়।১ ১৯৯৬ চনৰ পৰা ব্ৰাজিলিয়ান স্বেচ্ছাসেৱক সংস্থা ইণ্টাৰ ট্ৰাইবেল কাউঞ্চিলে এনে ক্ৰীড়া সমাৰোহৰ তদাৰক কৰি আহিছে।২

প্ৰথমটো সমাৰোহৰ সমাপ্তিৰ পিছত পৰম্পৰাগত ক্ৰীড়া অনিৰ্দিষ্ট সময়ৰ মূৰে মূৰে অনুষ্ঠিত কৰা হ’ব বুলি আশা কৰা হৈছে।

ইতিহাস

বিশ্ব পৰম্পৰাগত ক্ৰীড়া সমাৰোহৰ উদ্ভৱ হয় ব্ৰাজিলৰ স্থানীয় লোকৰ ক্ৰীড়া সমাৰোহৰ পৰা। এই জাতীয় ক্ৰীড়া সমাৰোহৰ ১২টা সংস্কৰণ আছে আৰু ইয়াত প্ৰায় ১,৫০০ লোকে অংশগ্ৰহণ কৰি আহিছে।৩ ১৯৮০ চনত পৰম্পৰাগত ক্ৰীড়াৰ অলিম্পিক সমাৰোহ অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ উথাপিত হয়। ১৯৯৬ চনত সেই সময়ৰ ক্ৰীড়ামন্ত্ৰী পেলেৰ উদ্যোগত স্থানীয় লোকৰ ক্ৰীড়া সমাৰোহৰ আয়োজন কৰা হয় আৰু ইয়াৰ প্ৰথমখন সমাৰোহ গ’ইয়ানিয়াত অনুষ্ঠিত হয়। ২০১৩ চনত অনুষ্ঠিত ত্ৰয়োদশ স্থানীয় লোকৰ ক্ৰীড়া সমাৰোহত ১৭খন দেশ আৰু ব্ৰাজিলৰ ৪৮ স্থানীয় জনগোষ্ঠীয়ে পৰম্পৰাগত ক্ৰীড়া সমাৰোহৰ জন্ম দিয়াৰ বিষয়ে আলোচনা কৰে। ২০১৫ চনৰ ২৫ জুনত ব্ৰাজিলিয়াত আনুষ্ঠানিকভাৱে উক্ত অনুষ্ঠানটোৰ জন্ম দিয়া হয়।৪৫.

বিভিন্ন ঠাইত অনুষ্ঠিত সমাৰোহসমূহ

বৰ্ষসমাৰোহআয়োজক দেশকালঅংশগ্ৰহণকাৰী দেশখেলৰ সংখ্যাঅংশগ্ৰহণকাৰীৰ সংখ্যাবিজয়ী দেশ
২০১৫প্ৰথম বিশ্ব পৰম্পৰাগত ক্ৰীড়া সমাৰোহব্ৰাজিলপালমাছ২৩ অক্টোবৰ-৩ নৱেম্বৰ২৩১০২,০০০৬
২০১৭দ্বিতীয় বিশ্ব পৰম্পৰাগত ক্ৰীড়া সমাৰোহকানাডা৭

অন্তৰ্ভুক্ত খেলসমূহ

* এথলেটিকচ * মল্লযুদ্ধ * ফুটবল * কেন’য়িং * জলক্ৰীড়া * সাঁতোৰ* শ্বুটিং * যাঠী নিক্ষেপ/জেভলীন থ্ৰ’ * ধনুৰ্বিদ্যা/আৰ্চাৰী * ৰেচ (১০০ মিটাৰ) * জিকনাহিটি

প্ৰথম বিশ্ব পৰম্পৰাগত ক্ৰীড়া সমাৰোহ

প্ৰথমখন ক্ৰীড়া সমাৰোহ নদিনীয়া কাৰ্যসূচীৰে (২৩ অক্টোবৰ-৩ নৱেঅম্বৰ) ব্ৰাজিলৰ পালমাছত অনুষ্ঠিত হয়। ইয়াত ২৩খন দেশে ১০ বিধ খেলত অংশগ্ৰহণ কৰে।

অংশগ্ৰহণকাৰী দেশ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Hinson, Tamara. (9 January 2015). 19 events worth traveling for in 2015. edition.cnn.com. CNN
  2. ↑ (16 January 2015). 2015’s top travel trends and destinations. BBC
  3. ↑ Dana, Felipe. (15 November 2013). Indigenous Games in Brazil: 'competition is a thing for the west'. The Guardian. Associated Press
  4. ↑ Jogos Mundiais Indígenas . Destino Palmas
  5. ↑ Dilma lança Jogos Mundiais Indígenas, que vão ocorrer em outubro, no Tocantins . Empresa Brasil de Comunicação, 25 de junho de 2015
  6. ↑ Bruce Douglas. (29 October 2015). World Indigenous Games draw 2,000 athletes amid protests over groups' rights. The Guardian
  7. ↑ Stephanie Nolen. (3 November 2015). Canada to host World Indigenous Peoples' Games in 2017. The Globe and Mail
  8. ↑ (October 15, 2015). Philippine tribes vie in World Indigenous Games. Philippine Star

সম্পৰ্কিত শ্ৰেণী

ক্ৰীড়া সমাৰোহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব পৰম্পৰাগত ক্ৰীড়া সমাৰোহ” প্ৰবন্ধৰ সংশোধন ৫৪৬৪৯৭ (৩১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।