পিথু হৈছে ভাৰতীয় উপমহাদেশৰ এটা লোকখেল। এই খেলৰ সৈতে এটা বল আৰু সমতল শিলৰ টুকুৰাৰে তৈয়াৰ কৰা এটা স্তূপ অন্তৰ্ভুক্ত থাকে। সাধাৰণতে ঘৰৰ বাহিৰৰ এক ডাঙৰ এলেকাত দুটা দলৰ মাজত এই খেল খেলা হয়। গাওঁসমূহত বৰ্তমানো এই খেলৰ প্ৰচলন আছে।১
বৰ্তমানলৈ, পিথু বা লাগোৰী বিশ্বৰ কমেও ৩০খন ৰাষ্ট্ৰই খেলিছে। ভাৰত হৈছে এই খেলৰ এক ডাঙৰ মঞ্চ আৰু সমসাময়িক দৰ্শকৰ বাবে এক বিস্তৃত পৰিসৰৰ সৈতে খেলবিধৰ বিকাশৰ কেন্দ্ৰবিন্দু। ২০১৭ চনৰ নৱেম্বৰত অনুষ্ঠিত হোৱা ইণ্ডিয়ান লাগোৰী প্ৰিমিয়াৰ লীগে সমগ্ৰ দেশতে যথেষ্ট চৰ্চা লাভ কৰিছিল যিটো ভাৰতীয় অপেচাদাৰী লাগোৰী ফেডাৰেচনৰ দ্বাৰা আয়োজিত হৈছিল।২ তেওঁলোকে খেলখন ভাৰতৰ লগতে আন দেশৰ কেইবাখনো ৰাজ্যলৈ প্ৰসাৰৰ প্ৰচেষ্টাও কৰিছে তথা খেলখন জনপ্ৰিয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। দ্বিতীয় লাগোৰী বিশ্বকাপ (প্ৰথমবাৰৰ বাবে ২০১৫ চনত খেলা) ২০১৯ বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হয়। ভাৰত, ভূটান, হংকং, ব্ৰাজিল, তুৰ্কেট, শ্ৰীলংকা, বাংলাদেশ আৰু নেপালকে ধৰি কেইবাখনো ৰাষ্ট্ৰ এই খেলৰ বাবে মুখামুখি হয়।৩
ইতিহাস
পিথু, ভাৰতীয় উপমহাদেশৰ আটাইতকৈ প্ৰাচীন খেলবোৰৰ ভিতৰত এটা। আজিৰ পৰা ৫০০০ বছৰ পূৰ্বৰ ভাগৱত পুৰণাত এই খেলৰ উল্লেখ আছে। ভাগৱত পুৰাণত উল্লেখ থকা অনুসৰি কৃষ্ণই তেওঁৰ বন্ধুবৰ্গৰ সৈতে এইবিধ খেল খেলিছিল। ৪ এই পৰম্পৰাগত খেলবিধ যোৱা ৫ সহস্ৰাব্দ ধৰি খেলি অহা হৈছে। ভাৰতীয় উপমহাদেশৰ দক্ষিণ প্ৰান্তত এই খেলৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। ১৯৯০ ৰ দশকত ভাৰত আৰু পাকিস্তানৰ ই এক আটাইতকৈ জনপ্ৰিয় বৰ্হিঃক্ৰীড়াসমূহৰ ভিতৰত এটা আছিল। বৰ্তমান এই খেলবিধ প্ৰায় বিলুপ্ত।
খেলৰ নিয়ম
এটি দলৰ এজন সদস্যই খেলৰ বাবে প্ৰস্তুত কৰা শিলৰ স্তুপটোলৈ এটা বল দলিয়াই, শিলৰ টুকুৰাবোৰ খহাবলৈ চেষ্টা কৰিব। তাৰপিছত, প্ৰতিপক্ষ দলটোৱে শিলৰ স্তুপটি পুনৰুদ্ধাৰ কৰাৰ চেষ্টা কৰে যাতে তেওঁলোকে নিজকে বিপক্ষ দলৰ পৰা নিৰাপদে ৰাখিব পাৰে। আঘাতকাৰী সকলৰ (অৰ্থাৎ যিটো দলে বলটো দলিয়াইছিল) উদ্দেশ্যটি হ'ল বিপক্ষ দলটোৱে শিলৰ স্তুপটো গঠন পুনঃসম্পূৰ্ণ কৰাৰ আগতেই তেওঁলোকৰ সদস্যসকলৰ গালৈ বল দলিয়াই স্পৰ্শকৰি তেওঁলোকক খেলৰপৰা বাহিৰ কৰিব পাৰে। যদি বলটোৱে কোনো সদস্যক স্পৰ্শ কৰে, তেন্তে সেই সদস্যজন খেলৰ পৰা বাহিৰ হ'ব লগা হয়। এজন সন্ধানকাৰীৰে তেওঁৰ নিজৰ গাত বল লগাৰ আগেয়ে, বিপক্ষ দলৰ কাৰোবাক চুই নিজকে ৰক্ষা কৰিব পাৰে।
অতিৰিক্ত বিধি
- উভয় দলেই শিলৰ স্তুপটিৰ ওচৰলৈ আহিব নোৱাৰিব। উভয় দলৰ সমুখত একোডাল ৰেখা বা দাগ টনা বা আঁকা থাকে, যাৰ বাহিৰলৈ গৈ তেওঁলোকে শিলৰ স্তুপটিলৈ বল নিক্ষেপ কৰিব নোৱাৰিব।
- যি সদস্যই তিনিবাৰ চেষ্টা কৰিও স্তূপটো খহাব নোৱাৰিব, তেওঁ খেলৰ পৰা বাহিৰ হ'ব।
- যদি কোনো সদস্যই প্ৰথম বাৰ চেষ্টা কৰি শিলৰ স্তুপটিত বল লগাব নোৱাৰিব আৰু যদি দ্বিতীয় প্ৰচেষ্টাৰ সময়ত দলিওৱা বলটো বিপৰীত পক্ষই স্তূপটো লগাৰ পূৰ্বেই ধৰিব পাৰে তেন্তে বল দলিওৱা সদস্যজন খেলৰ পৰা বাহিৰ হ'ব।
- প্ৰতিটো দলত সমান সংখ্যক খেলুৱৈ থাকিব লাগিব।
- শিলৰ স্তূপটোত ৭ বা ৫টা শিলৰ টুকুৰা থাকিব লাগিব।
- নিক্ষেপকাৰীয়ে বলটো হাতত লৈ দৌৰি গৈ বলটো দলিয়াব নোৱাৰিব। বলটো পৰা ঠাইৰ পৰাই বিপৰীত পক্ষলৈ বলটো দলিয়াব লাগিব।
- সন্ধানকাৰী দলে, শিলৰ স্তূপটোৰ গঠন পুনঃসম্পূৰ্ণ কৰাৰ পিছত প্ৰথমখন খেলৰ সমাপ্তি হয়।
অন্যান্য নাম

ভাৰতৰ আন আন প্ৰান্তত, একেবিধ খেলকে আন কেইবাটাও নামেৰে জনা যায়:
- পিথু গৰাম (পাঞ্জাৱ)
- পিথু গৰাম (হিমাচল)
- লাগোৰী (কৰ্ণাটক)
- লিংগোজ (তেলেংগানা)
- লিঙ্গোৰ্চা, লাগোৰি, ছেভেন টিলো (মহাৰাষ্ট্ৰ)
- পিট্টো, পিথু (হাৰিয়ানা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, *উত্তৰ ৰাজস্থান আৰু পশ্চিম বংগ)
- চিটোলিয়া (ৰাজস্থান, বিহাৰ, মধ্য প্ৰদেশ)
- সাতোদিয়ু (গুজৰাট)
- বাম পিট্টো, পিট্টু (বিহাৰ)
- য়েডু পেনকুলাটা, য়েদু ৰাল্লু, ডিকোৰী বা পিটু (অন্ধ্ৰ প্ৰদেশ)
- পল্লী পট্টি (কৰিমনগৰ)
- চেভেণ্টিচ / ডাব্বা কালি (কেৰালা, নাৰিকল পাতৰে তৈয়াৰ কৰা বল ব্যৱহাৰ কৰি খেলা "ওলাপান্থু")৫
- এজু কাল্লু (তামিলনাডু)।৬
- গাৰ্মান, গৰাম, মিণ্টো (কাশ্মীৰ)
- বাস্কেটগ'ল (উৰিষ্যা)
তথ্যসূত্ৰ
- ↑ Lagori league formed to popularise the traditional sport in State
- ↑ Paranjpe, Shailendra. (2015-01-26). Now, a premier league to popularise Lagori. DNA India
- ↑ Sanjiv, Deepthi SanjivDeepthi; Jun 27, Bangalore Mirror Bureau · Updated; 2017. Lagori's global push. Bangalore Mirror
- ↑ Pithoo – The game of seven stones. Urban Vaastu · Best Urban Development Magazine
- ↑ Cohen, Noam. "When Knowledge Isn’t Written, Does It Still Count?" The New York Times. 7 August 2011. Retrieved on 22 September 2011
- ↑ Seven stones (ஏழு கல்லு)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিথু” প্ৰবন্ধৰ সংশোধন ৩৮৫৩৪৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।