অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

খেৰসূতী

খেৰসূতী বা খেৰশুতী আই ( Khersuti Aai) শ্ৰীমন্ত শংকৰদেৱৰ আইতাক আছিল। শংকৰদেৱৰ মাতৃ কম বয়সতে ঢুকোৱাত তেওঁক ডাঙৰ-দীঘল কৰাত খেৰশুতীৰ যথেষ্ট অৱদান আছিল৷

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২৫ ২৭২ শব্দ · ২ মিনিট সংগৃহীত ৪৫
সংশোধনৰ পৰামৰ্শ

খেৰসূতী বা খেৰশুতী আই ( Khersuti Aai) শংকৰদেৱৰ আইতাক আছিল।১ শংকৰদেৱৰ মাতৃ কম বয়সতে ঢুকোৱাত তেওঁক ডাঙৰ-দীঘল কৰাত খেৰশুতীৰ যথেষ্ট অৱদান আছিল৷২

সংক্ষিপ্ত জীৱনী

খেৰশুতীৰ পিতৃৰ নাম আছিল ৰাম চৌধাৰী২ আৰু মাতৃৰ নাম আছিল জয়ন্তী৷ জয়ন্তীয়ে প্ৰসৱ কালত শোৱা পাটী এৰি খেৰৰ শয্যা কৰি শুই তাতে প্ৰসৱ কৰিছিল বাবে জন্ম পোৱা কন্যা সন্তানটিৰ নাম ৰাখিছিল খেৰশুতী বা কোনো কোনোৰ মতে খেৰসূতী৷ ৰাজধৰৰ আন তিনিটি পুত্ৰ জয়ন্তা, মাধৱ আৰু হলায়ুধলৈ খেৰশুতীৰ তিনিগৰাকী ভগ্নী বিয়া কৰোৱা হয়৷৩ অসমৰ বাৰ ভূঞা পৰিয়ালৰ “ৰাজধৰ’’ৰ পুত্ৰ আছিল সূৰ্যবৰ৷ নিঃসন্তান ৰাজধৰে সূৰ্যক আৰাধনা কৰি পুত্ৰলাভ কৰিছিল বাবে সেই পুত্ৰৰ নাম সূৰ্যবৰ ৰাখিছিল৷ যৌৱন কাল পোৱাত সূৰ্যবৰৰ খেৰশুতীৰ সৈতে বিয়া হয়৷ সূৰ্যবৰৰ সৈতে বিবাহ হোৱাৰ বহুদিন পাছলৈ খেৰশুতীৰো কোনো সন্তান নোহোৱাত অনেক দান-দক্ষিণা কৰাৰ অন্তত আহিন মাহৰ এদিন যোৱাত শুক্লা দশমীত শুক্ৰবাৰে কুসুম্বৰৰ জন্ম হয়৷৪ কুসুম্বৰ যৌৱনপ্ৰাপ্ত হোৱাত অনিৰুদ্ধ আৰু সৰ্বস্বতীৰ কন্যা সত্যসন্ধাৰ সৈতে বিবাহ হয়৷ বহুদিন সন্তান হীন হৈ থকা দেখি তেওঁ শান্তি অনুষ্যতি নামে আন এগৰাকী কন্যাও বিয়া কৰাইছিল যদিও শিৱক আৰাধনা কৰাৰ পাছত সত্যসন্ধা গৰ্ভৱতী হয়৪ আৰু কাতি মাহৰ সংক্ৰান্তি, বৃহস্পতিবাৰে, পূৰ্ণিমা তিথিত শ্ৰৱণা নক্ষত্ৰত (১৩৭১ শকত) শংকৰদেৰ জন্ম হয়৷৪ শংকৰদেৱৰ জন্মৰ কিছুকাল পিছতে পিতৃ কুসুম্বৰৰ মৃত্যু হয় আৰু মাক সত্যসন্ধা স্বামীৰ সৈতে সতী হয়৷ কোনো কোনোৰ মতে শংকৰদেৱৰ জন্মৰ পোন্ধৰ দিন পাছত প্ৰসূতা ৰোগত তেওঁৰ মৃত্যু হয়৷৪

শংকৰদেৱে বাৰ বছৰ বয়সলৈ পঢ়া-শুনা নকৰি উমলি ফুৰা বাবে খেৰশুতীয়ে এদিন কিছু খং আৰু বুজনি দি গুৰু মহেন্দ্ৰ কন্দলিৰ টোলত নাম লগাই দিছিল৷ তাৰপিছতো শংকৰদেৱৰ লৰালিকালৰ পথ-প্ৰদৰ্শকৰূপে খেৰশুতী আইৰ ভূমিকা আছিল৷ তেওঁ সূৰ্য ভূঞাৰ কন্যা সূৰ্যৱতীক শংকৰদেৱলৈ খোজা-বঢ়া কৰি বিয়া কৰাই দিছিল৷ সূৰ্যৱতীৰ মৃত্যুৰ পাছত প্ৰথমবাৰ তীৰ্থ ভ্ৰমণলৈ গৈ উভতি অহালৈ আইতাক খেৰশুতী জীয়াই আছিল২ আৰু তীৰ্থভ্ৰমণৰ পৰা ৰাতি উভতি অহা শংকৰদেৱৰ মাত শুনি উজুতিত আঁঠুমূৰ ভাঙি “মোৰ বাপু’’ বুলি সাৱটি ধৰিছিলহি৷৪ তেওঁ শংকৰদেৱক পুনৰবিবাহ কৰোৱাৰ বাবে জোৰ দিছিল যদিও শংকৰদেৱে সেই কথা ৰখা নাছিল৷ ইয়াৰ কিছুবছৰ পাছতে আইতাক খেৰশুতীৰ মৃত্যু হয়৷৩ পিছত জয়ন্তা, মাধব আৰু পৰিয়ালৰ আন আন সদস্যৰ অনুৰোধত অনিচ্ছাস্বত্বেও বংশ ৰক্ষাৰ বাবে তেওঁৰ দুকুৰি চৌদ্ধ বছৰ বয়সত পুনৰ কালিন্দী আইক বিবাহ কৰায়৷

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৬
  2. ↑ বৰ্মন, শিৱনাথ. (১৯৯২). অসমীয়া জীৱনী অভিধান. বনলতা. পৃ. ৫৫. ISBN 978-81-7339-428-7
  3. ↑ বেজবৰুৱা, লক্ষ্মীনাথ. (১৯১৪ প্ৰথম প্ৰকাশ, ১৯৯৫). মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধবদেৱ. লয়াৰ্ছ বুক ষ্টল. পৃ. ৭
  4. ↑ নেওগ, মহেশ্বৰ(সম্পা:). (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃ. ১২,১৩,১৬,২১,২৮,২৯

সম্পৰ্কিত শ্ৰেণী

শংকৰদেৱমহাপুৰুষীয়া ধৰ্মৰ অনুগামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খেৰসূতী” প্ৰবন্ধৰ সংশোধন ৪৭১৫০৬ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।