পুৰী হৈছে ভাৰতৰ ওড়িশাৰ এখন লেখতলবলগীয়া চহৰ। ই পুৰী জিলাৰ সদৰ ঠাই। বংগোপসাগৰৰ পাৰৰ এই ঠাইডোখৰ উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰৰ পৰা ৬০ কিঃ মিঃ দক্ষিণে অৱস্থিত। ১১শ শতিকাত নিৰ্মিত 'জগন্নাথ মন্দিৰৰ' পৰা ইয়াক জগন্নাথ পুৰী বুলিও জনা যায়। হিন্দু সকলৰ পুণ্য তীৰ্থৰ চাৰি ধামৰ অন্যতম হৈছে পুৰী; বাকী তিনি ধাম হৈছে দ্বাৰকা, বদ্ৰীনাথ আৰু ৰামেশ্বৰম। হিন্দু আধ্যাত্মিক শিক্ষা মতে পুৰী দৰ্শন অবিহনে কোনো তীৰ্থ ভ্ৰমণ সম্পূৰ্ণ বুলিব নোৱাৰি।
ৰেল সংযোগ
অসমৰ পৰা পুৰীলৈ পোনপতীয়া ৰেলসেৱা
- গুৱাহাটী-পুৰী এক্সপ্ৰেছ/ পুৰী-গুৱাহাটী এক্সপ্ৰেছ - এইখন সপ্তাহিক ট্ৰেইন (ট্ৰেইন নং ১৫৬৪০) গুৱাহাটীৰ পল্টন বজাৰ ষ্টেচনৰ পৰা প্ৰত্যেক দেওবাৰে ৬.৩৫ত ৰাওনা হৈ মঙলবাৰে পুৱা পুৰীত গৈ উপস্থিত হয়।১ মঙলবাৰে দুপৰীয়া ২ বজাত উক্ত ট্ৰেইন খনে (ট্ৰেইন নং ১৫৬৩৯) নিজৰ উভতনি যাত্ৰা আৰম্ভ কৰি বৃহস্পতিবাৰে নিশা ১০.২০ত আহি গুৱাহাটীত উপস্থিত হয়।২ উক্ত ট্ৰেইন খন ৰঙিয়া, কোচবেহাৰ, দুৰ্গাপুৰ, আছানছল, বালাচ'ৰ হৈ পুৰীলৈ যায়।
- কামাখ্যা-পুৰী এক্সপ্ৰেছ/ পুৰী-কামাখ্যা এক্সপ্ৰেছ - এইখন সপ্তাহিক ট্ৰেইন (ট্ৰেইন নং ১৫৬৪৪) গুৱাহাটীৰ মালিগাঁওস্থিত কামাখ্যা ষ্টেচনৰ পৰা প্ৰত্যেক বৃহস্পতিবাৰে নিশা ১১.৪৫ত ৰাওনা হৈ শনিবাৰে পুৱা ৭.৪০ত পুৰীত গৈ উপস্থিত হয়।৩ শনিবাৰে নিশা ১০.১৫ বজাত উক্ত ট্ৰেইন খনে (ট্ৰেইন নং ১৫৬৪৩) নিজৰ উভতনি যাত্ৰা আৰম্ভ কৰি সোমবাৰে সন্ধ্যা ৬.১০ত আহি কামাখ্যাত উপস্থিত হয়।৪ উক্ত ট্ৰেইন খন গোৱালপাৰা, শিলিগুৰি, হাওড়া, খড়গপুৰ হৈ পুৰীলৈ যায়।
লগতে চাওক
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুৰী” প্ৰবন্ধৰ সংশোধন ১৯৪৫১৫ (৩০ এপ্ৰিল ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।