অসমৰ বিশ্বনাথ চাৰিআলিৰ পৰা ৪.৫ কি:মি: উত্তৰলৈ থকা বৰকুৰা গাৱত ১৯৪৮ চনৰ ১৩ মাৰ্চত জন্ম লোৱা অসীম বোথ্ৰা স্বৰ্গীয় নবিন চন্দ্ৰ বোথ্ৰা আৰু স্বৰ্গীয় মণিবালা বোথ্ৰাৰ ৪নং সন্তান। বিশ্বনাথ মহাবিদ্যালয়ত থকাৰ পৰাই সাংস্কৃতিক জগতৰ লগত ওতঃপ্ৰোত ভাবে জড়িত। ২০১৬ চনৰ ৩১ মাৰ্চ তাৰিখে তেখেতৰ মৃত্যু হয়।
কৰ্ম্ম জীৱন
তেখেত এজন প্ৰতিস্থিত চলচ্চিত্ৰ কৰ্মী। বহুবছৰ ধৰি নাট্যজগতত অভিনেতা, ৰূপসজ্জাকাৰ, দৃশ্য সজ্জাকাৰ, পৰিচালক হিছাপে অভিজ্ঞতা সঞ্চয় কৰি ১৯৭৩ চনত অভিযান (পৰিচালক: সুজিত সিংহ) কথাছবিত সহকাৰি পৰিচালক হিচাপে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। উক্ত কথাছবিত 'গোসাই' নামৰ এটি চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ প্ৰশংসা লাভ কৰিবলৈও সক্ষম হয়। ১৯৭৩ চনত অতুল বৰদলৈ পৰিচালিত "অনুতাপ" কথাছবিত মুখ্য-সহকাৰি পৰিচালকৰ দায়িত্ব পালন কৰে। ইয়াৰ পাছত উপপথ (পৰিচালক: হেমন্ত দত্ত) আৰু 'বুধু-অৰ্জুন' (পৰিচালক: পদ্ম কৈৰী) কথাছবিত অভিনয়ৰ লগতে মুখ্য সহকাৰি পৰিচালক হিচাপে কাম কৰে। ব্ৰজেন বৰা পৰিচালিত তিনিখন কথাছবি ক্ৰমে 'গৰম বতাহ', 'সত্যম শিৱম সুন্দৰম' আৰু 'মহাপুৰুষ'-ত অভিনয়ৰ লগতে ৰূপসজ্জাকাৰ হিছাপে দায়িত্ব পালন কৰে। সুমন হৰিপ্ৰিয়াৰ 'ককাদেউতাৰ ঘৰজোঁৱাই' আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ বঁটা প্ৰাপ্ত ছবি 'কদমতলে কৃষ্ণ নাচে'ত কলা নিৰ্দ্দেশক ৰূপে কাম কৰে।
বঁটা/পুৰস্কাৰ ইত্যাদি
- ২০১o১ চনত সূৰ্য্য হাজৰিকা পৰিচালিত 'শ্ৰীমন্ত শঙ্কৰদেৱ' কথাছবিত ৰূপসজ্জা আৰু সাজসজ্জাৰ দায়িত্বত থাকি তেখেতে সাজসজ্জাৰ বাবে অসম চৰকাৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে।
- প্ৰাগ চিনে এৱাৰ্ড: ২০১১ চন, শ্ৰেষ্ঠ ৰূপসজ্জাকাৰৰ বঁটা
- প্ৰাগ চিনে এৱাৰ্ড: ২০১১ চন, শ্ৰেষ্ঠ সাজসজ্জাৰ বঁটা
- ২০১৪ বৰ্ষৰ বাবে কলা-সংস্কৃতিৰ বিভিন্ন দিশত আগবঢ়োৱা বৰঙনিৰ বাবে অসম চৰৰকাৰৰ একঁকালীন বিত্তীয় সাহায্য।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসীম বোথ্ৰা” প্ৰবন্ধৰ সংশোধন ২৪৮৫৮৬ (৯ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।