পলে পলে উৰে মন হৈছে ২০১১ চনৰ ২০ মে তাৰিখে মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। ডিফুৰ হিলছ ম'চন পিকছাৰ এছ'চিয়েচনৰ বেনাৰত ফুকন কোঁৱৰ, পূৰ্ণানন্দ গগৈ আৰু বিউটি বৰুৱা প্ৰযোজিত ছবিখনৰ পৰিচালনা তিমথি দাস হান্সেৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে নিপন গোস্বামী, বৰষা ৰাণী বিষয়া, ৰবি শৰ্মা, ৰিম্পী দাস, পৰিণীতা, তৰুণ অৰোৰা, মলয়া গোস্বামী ইত্যাদি। উল্লেখযোগ্য যে বলিউডৰ অভিনেতা ৰাজা মুৰাদ আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও ছবিখনত ভূমুকি মাৰে।১
অভিনয় শিল্পী
- নিপন গোস্বামী
- বৰষা ৰাণী বিষয়া
- ৰবি শৰ্মা
- ৰিম্পী দাস
- গায়ত্ৰী মহন্ত
- পৰিণীতা
- তৰুণ অৰোৰা
- মলয়া গোস্বামী
- ৰাজা মুৰাদ
- পুস্পা বাৰ্মা
- আস্থাজিতা
- তৰুণ গগৈ
মুক্তি
ছবিখনে ২০১১ চনৰ ২০ মে তাৰিখে মুক্তি লাভ কৰে।
সংগীত
পলে পলে উৰে মনৰ সংগীত পৰিচালক তিমথী দাস হাঞ্চে, বিমান বৰুৱা আৰু অৰূপ দত্ত। ডo ভূপেন হাজৰিকাৰ "মানুহে মানুহৰ বাবে" শীৰ্ষক গীতটিও বোলছবিখনত শিশুশিল্পী আস্থাজিতা বৰদলৈয়ে গাইছে।
তথ্যসূত্ৰ
- ↑ (10 December 2016). Poley Poley Ure Mon- New big budget Assamese film launch postponed. Assam Journal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পলে পলে উৰে মন” প্ৰবন্ধৰ সংশোধন ৬২৩০২৫ (৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।