পৃথ্বীৰাজ ৰাভা (জন্ম ১৯৫৭ চন) অসমৰ এগৰাকী ৰাজনীতিবিদ তথা অভিনেতা। তেওঁৰ পিতৃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু মাতৃ কনকলতা ৰাভা। তেওঁ অসমীয়া বোলছবি শ্ৰীমন্ত শঙ্কৰদেৱে (২০১০),১অহেতুক, লখিমী আৰু ফিৰিঙতিত অভিনয় কৰিছিল।২ ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত তেওঁ অসম গণ পৰিষদ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়।৩ পৃথ্বীৰাজ ৰাভা বৰ্তমান তেজপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক।
তথ্যসূত্ৰ
- ↑ about prithiraj rabha
- ↑ Prithviraj Rabha. imdb.com
- ↑ (May 2, 2021). Assam's Prithiraj Rabha wins prestigious Tezpur seat with a marging of 9385 votes. Tezpurbuzz.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৃথ্বীৰাজ ৰাভা” প্ৰবন্ধৰ সংশোধন ৫১৯৯৯৫ (২২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।