অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কলিকতা বিশ্ববিদ্যালয়

কলিকতা বিশ্ববিদ্যালয় (University of Calcutta) পশ্চিমবংগৰ ৰাজধানী কলকাতাত অৱস্থিত এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। ১৮৫৭ চনৰ ২৪ জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল। এইখন এছিয়া মহাদেশৰ অন্যতম প্ৰথম বহুবিভাগীয় পাশ্চাত্যশৈলী বিশ্ববিদ্যালয়।

হালনাগাদ: ২৫ মাৰ্চ ২০২৬ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

কলিকতা বিশ্ববিদ্যালয় (University of Calcutta) পশ্চিমবংগৰ ৰাজধানী কলিকতাত অৱস্থিত এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। ১৮৫৭ চনৰ ২৪ জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল।১ এইখন এছিয়াৰ অন্যতম প্ৰথম বহুবিভাগীয় পাশ্চাত্যশৈলী বিশ্ববিদ্যালয়।২ ভাৰতত কলিকতা বিশ্ববিদ্যালয়য়ে 'পঞ্চতাৰকাযুক্ত বিশ্ববিদ্যালয়' আৰু ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদৰ দ্বাৰা 'এ' গ্ৰেড লাভ কৰিছে। ইয়াৰ লগতে বিশ্ববিদ্যালয় অনুদান আয়োগে এই বিশ্ববিদ্যালয়খনক 'বিশেষ ক্ষেত্ৰত উৎকৃষ্টতাৰ প্ৰতিশ্ৰুতিসম্পন্ন কেন্দ্ৰ' আৰু 'উৎকৃষ্টতাৰ প্ৰতিশ্ৰুতিসম্পন্ন বিশ্ববিদ্যালয়' হিচাপে চিহ্নিত কৰিছে।৩৪

বিশ্ববিদ্যালয়খনৰ সৰ্বমুঠ ১৪টা চৌহদ কলিকতা মহানগৰ আৰু ইয়াৰ আশে-পাশে অৱস্থিত। ২০১২ চনলৈ মুঠ ১৩৬খন মহাবিদ্যালয় কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। ভাৰত চৰকাৰৰ মানৱসম্পদ উন্নয়ন মন্ত্ৰণালয়ে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান মূল্যাঙ্কন তালিকাতৰ '২০১৯ চনৰ শ্ৰেষ্ঠ ভাৰতীয় বিশ্ববিদ্যালয়'-ৰ তালিকাত কলিকতা বিশ্ববিদ্যালয়ে পঞ্চম স্থান লাভ কৰিছিল।৫৬

কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী আৰু অধ্যাপকে ৰাষ্ট্ৰৰ মুৰব্বী, চৰকাৰৰ মুৰব্বী, সমাজ সংস্কাৰক, এগৰাকী অস্কাৰ বঁটা বিজয়ী আৰু দিৰাক পদক বিজয়ী, কেইবাগৰাকী ৰয়েল ছোচাইটিৰ সভ্য, পাঁচ গৰাকী ন'বেল বঁটা বিজয়ী ইত্যাদি ভাৰত তথা বিশ্বৰ আগশাৰীৰ ব্যক্তিত্ব।৭ কলিকত বিশ্ববিদ্যালয় ৰাষ্ট্ৰসংঘৰ একাডেমীক ইমপেক্ট প্ৰকল্পৰ সদস্য।৮

ইতিহাস

১৮৫৭ খনৰ ২৪ জানুৱাৰী তাৰিখে কলিকতা বিশ্ববিদ্যালয় বিধেয়ক কাৰ্যকৰী হৈছিল আৰু বিশ্ববিদ্যালয়খনৰ আঁচনি প্ৰস্তুতকৰণৰ বাবে ৪১ গৰাকী সদস্যৰ চিনেট গঠন কৰা হৈছিল। বিশ্ববিদ্যালয়খনৰ স্থাপনৰ বাবে প্ৰয়োজনীয় ভূমি দ্বাৰভাংগাৰ মহাৰাজ মহেশ্বৰ সিং বাহাদুৰে দান কৰিছিল। ঐতিহাসিক ভাবে বিশ্ববিদ্যালয়খনে ব্ৰিটিছ ভাৰতৰ প্ৰথমখন বিশ্ববিদ্যালয় হিচাপে ইয়াৰ ভৌগোলিক পৰিসৰ পূবে ৰেংগুনৰ (বৰ্তমান ম্যানমাৰত) পৰা উত্তৰ-পশ্চিমে লাহোৰলৈ (বৰ্তমান পাকিস্তানত) আৰু দক্ষিণে সিংহললৈ (বৰ্তমান শ্ৰীলংকা আছিল। ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত ভৌগোলিক পৰিসৰৰ হিচাপে এয়া সৰ্ববৃহৎ।৯১০

১৯০৬ চনৰ পৰা ১৯১৪ চনলৈ ছাৰ আশুতোষ মুখাৰ্জী দুবছৰীয়া চাৰিটা কাৰ্যকালৰ বাবে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য আছিল। ১৯২১ চনত তেওঁ পঞ্চমবাৰলৈ উপাচাৰ্য পদত নিযুক্তি লাভ কৰিছিল। পাঁচ গৰাকী ন'বেল বঁটা বিজয়ী ক্ৰমে: ছাৰ ৰোনাল্ড ৰছ, ৰবীন্দ্ৰনাথ ঠাকুৰ, চি ভি ৰামন, অমৰ্ত্য সেন আৰু অভিজিৎ বেনাৰ্জী কলিকতা বিশ্ববিদ্যালয়ৰ লগত জড়িত।৯

চৌহদসমূহ

আশুতোষ শিক্ষা প্ৰাংগণ, কলেজ ষ্ট্ৰীট চৌহদ
আশুতোষ শিক্ষা প্ৰাংগণ, কলেজ ষ্ট্ৰীট চৌহদছবি: Jeroje at English Wikipedia · CC BY-SA 3.0

কলিকতা বিশ্ববিদ্যালয়ৰ মুঠ ১৪টা চৌহদ কলিকতা মহানগৰ আৰু ইয়াৰ আশে-পাশে সিঁচৰত হৈ আছে। ইয়াৰ মুখ্য চৌহদ সমূহ হল: আশুতোষ শিক্ষা প্ৰাংগণ (কলেজ ষ্ট্ৰীট), ৰাসবিহাৰী শিক্ষা প্ৰাংগণ বা ৰাজাবাজাৰ বিজ্ঞান কলেজ (ৰাজাবাজাৰ), তাৰকানাথ পালিত শিক্ষা প্ৰাংগণ (বালীগঞ্জ) আৰু শ্বহীদ খুদিৰাম শিক্ষা প্ৰাংগণ (আলিপুৰ)। ১১

অন্যান্য চৌহদ সমূহ হ'ল: হাজৰা ৰোড চৌহদ, বিশ্ববিদ্যালয় প্ৰেছ আৰু বুক ডিপো, বি.টি. ৰোড চৌহদ, বিহাৰীলাল কলেজ অফ হম চাইন্স কেম্পাছ, বিশ্ববিদ্যালয় স্বাস্থ্য সেৱা, হাৰিংঘাটা চৌহদ, ঢাকুৰীয়া লেক চৌহদ বিশ্ববিদ্যালয় পথাৰ আৰু টেণ্ট, মৈদান।১১

তথ্যসূত্ৰ

  1. ↑ Department of Higher Education, West Bengal higherednwb.net. Retrieved 6 August 2012
  2. ↑ Retrieved 22 September 2019
  3. ↑ Calcutta University features at 3rd spot on India Today Universities Rankings 2012
  4. ↑ The Telegraph - Calcutta (Kolkata) - Metro - CU makes the highest grade
  5. ↑ Retrieved 22 September 2019
  6. ↑ Retrieved 22 September 2019
  7. ↑ CSIR–UGC National Eligibility Test: a performance indicator of basic science education in Indian universities: Inderpal, S.Chetri, A. Saini and R. Luthra, Current Science, Vol.97, No 4, 25 August 2009 cs-test.ias.ac.in. Retrieved 13 August 2012
  8. ↑ UNAI Members List. Retrieved 17 September 2019
  9. ↑ About the university @ Official site, University of Calcutta. Retrieved 7 December 2011
  10. ↑ Genesis and Historical Overview of the University. University and its Campuses. University of Calcutta
  11. ↑ University Campus caluniv.ac.in. Retrieved 12 August 2012

সম্পৰ্কিত শ্ৰেণী

বিশ্ববিদ্যালয়পশ্চিমবংগভাৰতৰ শৈক্ষিক প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলিকতা বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৯৩৬৫৫ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।