অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অসীমা চেটাৰ্জী

অসীমা চেটাৰ্জী (২৩ ছেপ্টেম্বৰ ১৯১৭ – ২২ নৱেম্বৰ ২০০৬) এগৰাকী ভাৰতীয় জৈৱ ৰসায়ন বিজ্ঞানী। তেওঁ জৈৱ ৰসায়ন আৰু উদ্ভিদ ৰসায়নৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত। তেওঁ বিশেষকৈ ভিংকা এলকালয়ডৰ ওপৰত কৰা গৱেষণাৰ বাবে বিখ্যাত।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ৩৬১ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

অসীমা চেটাৰ্জী (২৩ ছেপ্টেম্বৰ ১৯১৭ – ২২ নৱেম্বৰ ২০০৬) এগৰাকী ভাৰতীয় জৈৱ ৰসায়ন বিজ্ঞানী। তেওঁ জৈৱ ৰসায়ন আৰু উদ্ভিদ ৰসায়নৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত।১ তেওঁ বিশেষকৈ ভিংকা এলকালয়ডৰ ওপৰত কৰা গৱেষণাৰ বাবে বিখ্যাত। ইয়াৰ উপৰিও তেওঁ উদ্ভিদ ৰসায়ন অধ্যয়ন কৰি মেলেৰিয়া আৰু মৃগীৰোগ ৰোগৰ ঔষধ উদ্ভাৱন কৰিছিল। তেওঁ ভাৰত উপমহাদেশত উপলব্ধ ঔষধি উদ্ভিদ সমূহক একগোট কৰি লিপিবদ্ধ কৰিছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদজাত দ্ৰব্যৰ ৰসায়ন আৰু কৃত্ৰিম জৈৱ ৰসায়ন বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। ভাৰতত বিজ্ঞান বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা তেওঁ প্ৰথম গৰাকী ভাৰতীয় মহিলা।১

প্ৰাৰম্ভিক জীৱন

১৯১৭ চনৰ ২৩ ছেপ্টেম্বৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ বংগ প্ৰদেশৰ কলিকতাত অসীমা চেটাৰ্জীৰ জন্ম হৈছিল।২ তেওঁৰ পিতৃ ডাঃ ইন্দ্ৰ নাৰায়ণ মুখাৰ্জী আৰু মাতৃ কমলা দেৱী। অসীমা তেওঁলোকৰ জ্যেষ্ঠ সন্তান আছিল।৩ কলিকতাৰ এক মধ্যবিত্ত পৰিয়ালত তেওঁ শৈক্ষিক পৰিৱেশৰ মাজত ডাঙৰ হৈছিল।৪ তেওঁৰ পিতৃ উদ্ভিদ বিজ্ঞান ৰ প্ৰতি বিশেষভাৱে আকৃষ্ট আছিল আৰু তেওঁৰ পৰায়ে অসীমায়ে এই বিষয়ৰ প্ৰতি আকৰ্ষিত হয়।৫ তেওঁ ১৯৩৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত স্কটিছ চাৰ্চ কলেজৰ পৰা ৰসায়ন বিজ্ঞানত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল।৬৭

শিক্ষা আৰু গৱেষণা

অসীমা চেটাৰ্জীয়ে ১৯৩৮ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা জৈৱ ৰসায়নত স্নাতকোত্তৰ আৰু ১৯৪৪ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। বিজ্ঞান বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা তেওঁ প্ৰথম গৰাকী ভাৰতীয় মহিলা।৪ তেওঁৰ ডক্টৰেট গৱেষণাৰ বিষয়বস্তু আছিল উদ্ভিদজাত দ্ৰব্যৰ ৰসায়ন আৰু কৃত্ৰিম জৈৱ ৰসায়ন।৮ তদুপৰি তেওঁ ৱিজকনচিন বিশ্ববিদ্যালয়, মেডিচন আৰু কেলটেকতো গৱেষণা কৰিবলৈ সুযোগ লাভ কৰিছিল।৯

তেওঁৰ গৱেষণা ঘাইকৈ উদ্ভিদজাত প্ৰাকৃতিক দ্ৰব্যৰ ওপৰত কেন্দ্ৰিত আছিল। তেওঁ গৱেষণাৰ দ্বাৰা কিম'থেৰাপিৰ, মেলেৰিয়া আৰু মৃগীৰোগৰ ঔষধ উদ্ভাৱন কৰিছিল।৮ তেওঁ প্ৰায় ৪০ বছৰ কাল বিভিন্ন এলকালয়ডৰ ওপৰত গৱেষণা কৰিছিল।১০১১ তেওঁৰ গৱেষণাৰ পৰা মৃগী ৰোগৰ এটি ঔষধ হল আয়ুষ-৫৬।১০

অসীমা চেটাৰ্জীয়ে প্ৰায় ৪০০ খন গৱেষণা পত্ৰ বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলত প্ৰকাশিত হৈছে।৫

কৰ্মজীৱন

তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত লেডী ব্ৰাবৌৰ্ণে কলেজত ৰসায়ন বিজ্ঞানৰ অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। তেওঁ তাত পোন প্ৰথমবাৰৰ বাবে ৰসায়ন বিজ্ঞান বিভাগ আৰম্ভ কৰিছিল।৩ ১৯৫৪ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ ইউনিভাৰ্চিটি কলেজ অফ চাইন্সত বিশুদ্ধ ৰসায়নৰ ৰিডাৰ হিচাপে যোগদান কৰে।

বঁটা আৰু সন্মান

১৯৬০ চনত অসীমা চেটাৰ্জী ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ ফেল' হিচাপে নিৰ্বাচিত হয়। ১৯৬১ চনত তেওঁ প্ৰথম মহিলা হিচাপে ৰসায়ন বিজ্ঞানত শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছিল। তেওঁৰ অৱদানৰ প্ৰতি স্বীকৃতি জনায় ভাৰত চৰকাৰে ১৯৭৫ তেওঁক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা প্ৰদান কৰে। একে বছৰে তেওঁ ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি নিৰ্বাচিত হয়। ১৯৮২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ১৯৯০ চনৰ মে' মাহলৈ তেওঁ ৰাজ্যসভাৰ মনোনীত সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১ ২০১৭ চনৰ ২৩ ছেপ্টেম্বৰ তাৰিখে গুগুলে তেওঁৰ ১০০ তম জন্মদিন উপলক্ষে এক ডুডুল প্ৰদৰ্শিত কৰিছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ The Shaping of Indian Science. p. 1036. Indian Science Congress Association, Presidential Addresses By Indian Science Congress Association. Published by Orient Blackswan, 2003
  2. ↑ Chatterjee, Asima.; Parks, Lloyd M. (1 May 2002). The Structure of Verbenalin. Journal of the American Chemical Society. পৃ. 2249–2250
  3. ↑ (2017-11-02). Asima Chatterjee And Her Pioneering Work In Medicinal Chemistry · #IndianWomenInHistory. Feminism in India
  4. ↑ Smith, K.N. (23 September 2017). Today's Google Doodle Honors Chemist Asima Chatterjee. Forbes
  5. ↑ Keating, Fiona. (2017-09-23). First Indian woman in history to be awarded a PhD for science would be 100 today. The Independent
  6. ↑ Some Alumni of Scottish Church College in 175th Year Commemoration Volume Scottish Church College, 2008, p. 584
  7. ↑ Chemistry alumni of Scottish Church College
  8. ↑ valentinaproject. (2014-08-06). Asima Chatterjee, chemist. The Valentina Project
  9. ↑ Nagarajan, K. (2014). History of natural products chemistry in India.. Indian Journal of History of Science. পৃ. 377–398
  10. ↑ Jayaraj, Nandita. Asima Chatterjee, the Scientist Who Did So Much More in a Time of Less. The Wire
  11. ↑ Basak, Swati. (May 2015). WOMEN, SCIENCE, EDUCATION AND EMPOWERMENT: ASIMA CHATTERJEE, THE GENIUS LADY. IMPACT: International Journal of Research in Humanities, Arts and Literature. পৃ. 133–138

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় বিজ্ঞানীপদ্মভূষণ বঁটা বিজয়ীৰসায়নবিদবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসীমা চেটাৰ্জী” প্ৰবন্ধৰ সংশোধন ৪৮৫১০১ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।