ভেংকটৰমণ "ভেংকি" ৰামাকৃষ্ণণ (Venkatraman "Venki" Ramakrishnan; জন্ম: ১৯৫২) ভাৰতীয় বংশোদ্ভূত এগৰাকী আমেৰিকান তথা ব্ৰিটিছ গাঠনিক জীৱবিজ্ঞানী। ২০১৫ বৰ্ষৰ নৱেম্বৰ মাহত ভেংকি ৰামাকৃষ্ণণ ৰয়েল ছ'ছাইটিৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।১ "ৰাইব'জ'মৰ গঠন আৰু কাৰ্যৰ অধ্যয়নৰ বাবে" ২০০৯ চনত থমাছ এ. ষ্টীটজ্ আৰু আডা য'নাটৰ সৈতে ভেংকি ৰামাকৃষ্ণণক যুটীয়াভাবে ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়।২৩৪৫৬
১৯৯৯ চনৰ পৰা ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ কেমব্ৰিজ বায়’মে’ডিকেল কেম্পাছত অৱস্থিত মে'ডিকেল ৰিচাৰ্ছ কাউঞ্চিল (MRC) লেবৰেট'ৰি অৱ মলিকিউলাৰ বায়'ল'জি (LMB) ত গোটৰ লীডাৰ হিচাপে ভেংকি ৰামাকৃষ্ণণে কাম কৰি আহিছে।৭৮
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
তামিলনাডুৰ কাদ্দালোৰ জিলাৰ চিদাম্বৰম নামে ঠাইত এটা তামিল হিন্দু পৰিয়ালত ভেংকি ৰামাকৃষ্ণণৰ জন্ম হৈছিল।৯ ভেংকি ৰামাকৃষ্ণণৰ পিতৃ চি. ভি. ৰামাকৃষ্ণণ আছিল বৰোদাৰ মহাৰাজা ছয়াজীৰাৱ বিশ্ববিদ্যালয়ত জৈৱ ৰসায়ন বিভাগৰ মুৰব্বী অধ্যাপক আৰু মাতৃ ৰাজলক্ষ্মী ৰামাকৃষ্ণণো আছিল এগৰাকী বিজ্ঞানী।১০১১ ভেংকি ৰামাকৃষ্ণণৰ সৰু ভনীয়েক ললিতা ৰামাকৃষ্ণণ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞান বিভাগত ইমিউনল'জি আৰু সংক্ৰমিত ৰোগৰ প্ৰাধ্যাপক১২ আৰু ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সদস্য।১৩
তিনি বছৰ বয়সত ভেংকি ৰামাকৃষ্ণণে পৰিয়ালৰ সৈতে গুজৰাটৰ বৰোদালৈ (বৰ্তমানৰ বদোদৰা) আহে আৰু ইয়াতেই প্ৰাৰম্ভিক শিক্ষা জীৱনৰ পাতনি মেলে। ১৯৭১ চনত ভেংকটৰমণে বৰোদাৰ মহাৰাজা ছয়াজীৰাৱ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।৪ স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছতেই ভেংকটৰমণে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় আৰু ১৯৭৬ চনত অহিঅ’ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ট’ম'য়াচু টানাকাৰ নিৰীক্ষণত পি এইচ ডি লাভ কৰে।১৪১৫১৬১৭ ইয়াৰ পাছত ভেংকটৰমণে কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়, ছান ডিয়েগ’ত স্নাতক ছাত্ৰ হিচাপে দুবছৰ জীৱবিজ্ঞান অধ্যয়ন কৰি কটাইছিল।১৮
জীৱিকা আৰু গৱেষণা
য়েল বিশ্ববিদ্যালয়ত প'ষ্ট-ডক্ট'ৰেল ফেল’ হিচাপে ভেংকি ৰামাকৃষ্ণণে পীটাৰ মূৰৰ সৈতে ৰাইব'জ'মৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰে।৪ প'ষ্ট-ডক্ট’ৰেট কৰাৰ পাছত প্ৰথমাৱস্থাত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত ৫০ খন বিশ্ববিদ্যালয়ত আৱেদন দিয়া সত্বেও ফেকাল্টি স্থান এটা যোগাৰ কৰিব পৰা নাছিল।১৯
১৯৮৩-৯৫ চনৰ পৰা ব্ৰুকহাভেন ৰাষ্ট্ৰীয় গৱেষণাগাৰত এজন বিজ্ঞানী হিচাপে ৰামাকৃষ্ণণে ৰাইব'জ'মৰ ওপৰত কাম অব্যাহত ৰাখে।২০ ১৯৯৫ চনত তেওঁ উটাহ বিশ্ববিদ্যালয়লৈ গৈ তাত জৈৱ ৰসায়নৰ প্ৰাধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু ১৯৯৯ চনৰ পৰা ইংলেণ্ডৰ মে'ডিকেল ৰিচাৰ্ছ কাউঞ্চিল লেবৰেট'ৰি অৱ মলিকিউলাৰ বায়'ল'জিত গোটৰ লীডাৰ হিচাপে কাম কৰি আহিছে।
১৯৯৯ চনত ৰামাকৃষ্ণণৰ গৱেষণাগাৰত ৰাইব'জ'মৰ ৩০এছ উপএককৰ এটা ৫.৫ আংষ্ট্ৰম ৰে'য'লূশ্ব'নৰ গঠন প্ৰকাশ কৰা হৈছে। তাৰ পাছৰ বছৰত, তেওঁৰ গৱেষণাগাৰত ৰাইব'জ'মৰ ৩০এছ উপএককৰ সম্পূৰ্ণ আণৱিক গঠন আৰু কিছুসংখ্যক প্ৰতিজৈৱিকৰ সৈতে ইয়াৰ সংমিশ্ৰণ নিৰ্ণয় কৰা হয়। ২০০৭ চনত তেওঁৰ গৱেষণাগাৰত পৰিবাহী ৰাইব'নিউক্লিক এচিড (tRNA) আৰু বাৰ্তাবাহী ৰাইব'নিউক্লিক এচিডৰ (mRNA) লিগাণ্ডসমূহৰ সৈতে সম্পূৰ্ণ ৰাইব'জ'মৰ পাৰমাণৱিক গঠন জটিলতাৰে নিৰ্ধাৰণ কৰা হৈছিল। নতুন ৰাইব'জ'মৰ গঠন নিৰ্ণয় কৰিবলৈ ২০১৩ চনৰ পৰা ৰামাকৃষ্ণণে প্ৰাথমিকভাবে ক্ৰায়'-বিদ্যুৎচুম্বকীয় তৰংগ ব্যৱহাৰ কৰিছে।২১২২ উল্লেখযোগ্য যে হিষ্ট'ন আৰু ক্ৰ'মেটিনৰ গঠন সম্পৰ্কীয় গৱেষণাৰ বাবেও ভেংকি ৰামাকৃষ্ণণ জনাজাত।
স্ক'পাছৰ মতে ২০১৫ চনলৈ ৰামাকৃষ্ণণৰ আটাইতকৈ উদ্ধৃত গৱেষণা পত্ৰসমূহ নেচাৰ২৩২৪২৫, ছায়েন্স২৬২৭ আৰু চেল২৮২৯৩০ জাৰ্ণেলত প্ৰকাশ হৈছে।
বঁটা আৰু সন্মান


২০০২ চনত ইউৰোপীয়ান মলিকিউলাৰ বায়'ল'জি অগেনাইযেশ্বনৰ (EMBO) সদস্য৩১, ২০০৩ চনত ৰয়েল ছ'ছাইটিৰ সদস্য (FRS)৩২ আৰু ২০০৪ চনত ইউ.এছ. নেচনেল একাডেমী অৱ ছায়েন্সেছৰ সদস্য হিচাপে ভেংকি ৰামাকৃষ্ণণ নিৰ্বাচিত হয়। ২০০৭ চনত ৰামাকৃষ্ণণক চিকিৎসা বিজ্ঞানৰ লুইছ-জীনটেট বঁটা, দত্ত লে'কচাৰশ্বিপ আৰু ফেডাৰেচন অৱ ইউৰোপীয়ান বায়'কেমিকেল ছ'ছাইটিজৰ (FEBS) মেডেল প্ৰদান কৰা হয়। ২০০৮ চনত ৰামাকৃষ্ণণে ব্ৰিটিছ বায়'কেমিকেল ছ'ছাইটিৰ ‘হীটলী মেডেল’ লাভ কৰে। ২০০৮ চনৰ পৰা ৰামাকৃষ্ণণ কেমব্ৰিজৰ ট্ৰিনিটি কলেজৰ অধিসদস্য আৰু ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ বিদেশী অধিসদস্য। ২০১০ চনত একাডেমী অৱ মেডিকেল ছায়েন্সেছৰ এজন সন্মানীয় অধিসদস্য হিচাপে ৰামাকৃষ্ণণ নিৰ্বাচিত হয় আৰু বৰোদাৰ মহাৰাজা ছয়াজীৰাৱ বিশ্ববিদ্যালয়কে ধৰি উটাহ বিশ্ববিদ্যালয় আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডিগ্ৰী লাভ কৰে। ইয়াৰোপৰি অ'ক্সফ'ৰ্ডৰ ছ'মাৰভিল কলেজৰ এজন সন্মানীয় অধিসদস্য হিচাপেও ৰামাকৃষ্ণণ নিৰ্বাচিত হৈছে।৩৩
২০০৯ চনত থ'মাছ এ. ষ্টীটজ্ আৰু আডা য'নাটৰ সৈতে ভেংকি ৰামাকৃষ্ণণক ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়।৩৪ ২০১০ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণৰে ৰামাকৃষ্ণণক সন্মানিত কৰা হয়।৩৫ আণৱিক জীৱবিজ্ঞানলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ বাবে ২০১২ নিউ ইয়েৰ অনাৰ্চত ভেংকি ৰামাকৃষ্ণণলৈ ‘নাইট’ উপাধি প্ৰদান কৰা হৈছিল।৩৬ সেই একেটা বছৰতে তেওঁক ফেডাৰেচন অৱ ইউৰোপীয়ান বায়'কেমিকেল ছ'ছাইটিজে (FEBS) ‘ছাৰ হানছ্ ক্ৰেবছ্’ মেডেল প্ৰদান কৰে। ২০১৪ চনত তেওঁক [[স্পেইনৰ ফাণ্ডাচিয়ন কনচিটা ৰাবাগোয়ে ৪৬ সংখ্যক জিমিনেজ-ডায়াজ বঁটা প্ৰদান কৰে। ২০১৩ চনৰ ১৪ ডিচেম্বৰত ভাৰতৰ এনডিটিভি চেনেলটোৱে ২৫ জন মহান গোলকীয় জীৱিত ভাৰতীয় ব্যক্তিৰ তালিকাত ভেংকি ৰামাকৃষ্ণণৰ নামো অন্তৰ্ভুক্ত কৰিছে। ভেংকি ৰামাকৃষ্ণণৰ ৰয়েল ছ'ছাইটিত নিৰ্বাচনৰ প্ৰমাণ পত্ৰত এইদৰে উল্লেখ আছে:
Ramakrishnan is internationally recognised for determination of the atomic structure of the 30S ribosomal subunit. Earlier he mapped the arrangement of proteins in the 30S subunit by neutron diffraction and solved X-ray structures of individual components and their RNA complexes. Fundamental insights came from his crystallographic studies of the complete 30S subunit. The atomic model included over 1500 bases of RNA and 20 associated proteins. The RNA interactions representing the P-site tRNA and the mRNA binding site were identified and the likely modes of action of many clinically important antibiotics determined. His most recent work goes to the heart of the decoding mechanism showing the 30S subunit complexed with poly-U mRNA and the stem-loop of the cognate phenylalanine tRNA. Anti-codon recognition leaves the "wobble" base free to accommodate certain non-Watson/Crick basepairs, thus providing an atomic description of both codon:anti-codon recognition and "wobble". He has also made substantial contributions to understanding how chromatin is organised, particularly the structure of linker histones and their role in higher order folding.৩৭
ব্যক্তিগত জীৱন
১৯৭৫ চনত ৰামাকৃষ্ণণ এগৰাকী লেখক তথা শিশু গ্ৰন্থৰ চিত্ৰকৰ ভেৰা ৰজেনবেৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ভেংকটৰমণৰ সতীয়া কন্যা টানিয়া কাপকা অৰেগনত এগৰাকী চিকিৎসক আৰু পুত্ৰ ৰমণ ৰামাকৃষ্ণণ নিউ ইয়ৰ্কত এজন বেহেলাবাদক।৩৮
সাহিত্যকৃতি
- Gene machine. The race to decipher the secrets of the ribosome
তথ্যসূত্ৰ
- ↑ Peplow, M. (2015). Structural biologist named president of UK Royal Society. Nature
- ↑ (2009). 2009 Chemistry Nobel Laureates. Nobel Foundation
- ↑ Rodnina, Marina V.; Wintermeyer, Wolfgang. (2010). The ribosome goes Nobel. Trends in Biochemical Sciences. পৃ. 1–5
- ↑ Venkatraman_Ramakrishnan. University of Cambridge
- ↑ Venkatraman Ramakrishnan Audio Interview Official Nobel Foundation website telephone interview
- ↑ Venki Ramakrishnan
- ↑ Nair, Prashant. (2011). Profile of Venkatraman Ramakrishnan. Proceedings of the National Academy of Sciences. পৃ. 15676–15678
- ↑ (2015-03-18). Biologist Venki Ramakrishnan to lead Royal Society. BBC News
- ↑ (8 October 2009). Common root: Tamil Nadu gets its third laureate. Times of India
- ↑ www.asianwindow.com/tag/venkatraman-venki-ramakr
- ↑ Ramakrishnan, C. V.; Banerjee, B. N. (1951). Mould Lipase: Effect of Addition of Vitamins and Sterol to the Cake Medium on the Growth and the Activity of the Lipolytic Mould. Nature. পৃ. 917–918
- ↑ Lalita Ramakrishnan Home page in Department of Medicine, University of Cambridge
- ↑ Lalita Ramakrishnan elected to the U.S. National Academy of Sciences. University of Cambridge
- ↑ Ramakrishnan, Venkatraman. (1976). The Green function theory of the ferroelectric phase transition in KDP. Ohio University
- ↑ Ramakrishnan, Venkatraman; Tanaka, Tomoyasu. (1977). Green's-function theory of the ferroelectric phase transition in potassium dihydrogen phosphate (KDP). Physical Review B. পৃ. 422–426
- ↑ (2009-10-07). Venkatraman Ramakrishnan: a profile. Times of India
- ↑ (2009-10-07). FACTBOX: Nobel chemistry prize – Who are the winners?. Reuters
- ↑ (7 October 2009). Profile: Dr Venkatraman Ramakrishnan. Indian Express
- ↑ (2010-01-05). Nobel laureate Venkat Ramakrishnan failed IIT, medical entrance tests. The Times Of India
- ↑ Cerf, Corinne; Lippens, Guy; Muyldermans, Serge. (1993). Homo- and heteronuclear two-dimensional NMR. Biochemistry. পৃ. 11345–11351
- ↑ Fernández, Israel S.; Bai, Xiao-Chen; Hussain, Tanweer. (2013-11-15). Molecular architecture of a eukaryotic translational initiation complex. Science. পৃ. 1240585
- ↑ Amunts, Alexey; Brown, Alan; Bai, Xiao-Chen. (2014-03-28). Structure of the yeast mitochondrial large ribosomal subunit. Science. পৃ. 1485–1489
- ↑ Ramakrishnan, V.; Wimberly, Brian T.; Brodersen, Ditlev E. (2000). Structure of the 30S ribosomal subunit. Nature. পৃ. 327–339
- ↑ Ramakrishnan, V.; Carter, Andrew P.; Clemons, William M. (2000). Functional insights from the structure of the 30S ribosomal subunit and its interactions with antibiotics. Nature. পৃ. 340–348
- ↑ Ramakrishnan, V.; Finch, J. T.; Graziano, V. (1993). Crystal structure of globular domain of histone H5 and its implications for nucleosome binding. Nature. পৃ. 219–223
- ↑ Ogle, J. M.; Brodersen, DE; Clemons, WM Jr. (2001). Recognition of Cognate Transfer RNA by the 30S Ribosomal Subunit. Science. পৃ. 897–902
- ↑ Semenza, C; Butterworth, B; Panzeri, M. (1990). Word formation: New evidence from aphasia. Neuropsychologia. পৃ. 499–502
- ↑ Brodersen, Ditlev E.; Clemons, William M.; Carter, Andrew P. (2000). The Structural Basis for the Action of the Antibiotics Tetracycline, Pactamycin, and Hygromycin B on the 30S Ribosomal Subunit. Cell. পৃ. 1143–1154
- ↑ Ramakrishnan, V. (2002). Ribosome Structure and the Mechanism of Translation. Cell. পৃ. 557–572
- ↑ Ogle, James M.; Murphy, Frank V.; Tarry, Michael J. (2002). Selection of tRNA by the Ribosome Requires a Transition from an Open to a Closed Form. Cell. পৃ. 721–732
- ↑ The EMBO Pocket Directory. European Molecular Biology Organization
- ↑ Sir Venki Ramakrishnan FRS. Royal Society
- ↑ Emeritus and Honorary Fellows. Somerville College, Oxford
- ↑ All Nobel Laureates in Chemistry. Nobel Foundation
- ↑ (25 January 2010). This Year's Padma Awards announced. Ministry of Home Affairs (India)
- ↑ London Gazette, issue: 60009, date: 31 December 2011
- ↑ (2003). Venkatraman Ramakrishnan: Certificate of Election EC/2003/31. The Royal Society
- ↑ Amit Roy. (17 Oct 2009). 'Venki' makes light of India link – Winner says not to treat science like cricket; league of misses grows. The Telegraph (Kolkata)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেংকটৰমণ ৰামাকৃষ্ণণ” প্ৰবন্ধৰ সংশোধন ৬২৪৮২১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।