ইম্ফাল (ꯏꯝꯐꯥꯜ), ভাৰতৰ মণিপুৰ ৰাজ্যৰ ৰাজধানী আৰু মহানগৰ। চহৰ খনৰ কেন্দ্ৰত পুৰণি মণিপুৰ ৰাজ্যৰ ৰাজ হাউলি কাংলা মহলৰ ভগ্নাৱশেষ চাৰিওফালে গড়াৰে আৱৰি আছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪৪ চনৰ মাৰ্চ মাহৰ পৰা জুলাইলৈকে ইয়াত ইম্ফল যুদ্ধ সংঘটিত হৈছিল।১
ইম্ফাল মহানগৰৰ বৰ্তমান মেয়ৰ এল. লোকেশ্বৰ সিং।
জনগাঁঠনি
২০১৬ চনত ইম্ফল মহানগৰৰ জনসংখ্যা ২,৬৮,২৪৩ জন। ইম্ফলৰ সাক্ষৰতা হাৰ ৯০%, তাৰে ভিতৰত পুৰুষৰ হাৰ ৯৫% আৰু মহিলাৰ হাৰ ৮৭%। ইম্ফলৰ ৭০% হিন্দু, ১০% খ্ৰীষ্টান, ৩.৮% সনাম ধৰ্ম, ৩.৭% মুছলমান, ০.৫৪% বৌদ্ধ, ০.৪৫% জৈন আৰু ০.১৮% শিখ সম্প্ৰদায়ৰ।২
যাতায়ত
বিমানপথ

বীৰ টিকেন্দ্ৰজিৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ইম্ফল নগৰৰ পৰা ৮ কিঃমিঃ নিলগত অৱস্থিত। ইয়াৰ পৰা নতুন দিল্লী, কলিকতা, আইজ্বল, গুৱাহাটী, হাইদৰাবাদ, বেংগালুৰু আৰু আগৰতলালৈ নিয়মীয়া বিমান আছে।৩
ৰে'লপথ
২০১২ চনত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে জিৰিবাম শিলচৰ ৰে'লপথ ইম্ফললৈ প্ৰসাৰিত কৰিবলৈ ঘোষণা কৰিছিল।৪৫
স্থলপথ

ইম্ফালৰ মাজেৰে ১৫০ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। ই স্থল পথেৰে উত্তৰ পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ নগৰ গুৱাহাটী, কহিমা, আগৰতলা, শ্বিলং, ডিমাপুৰ, আইজল, শিলচৰ আদিৰ লগত সংযোজিত।
পৰ্যটন
কাংলা



কাংলা গড় ইম্ফল নদীৰ পাৰত অৱস্থিত। ইয়াক কাংলা মহল বুলিও জনা যায়। মেইতেই ভাষাত কাংলা মানে শুকান ঠাই। এই মহল মণিপুৰ ৰাজ্যৰ ৰজা পাখাংবাৰ ৰাজ হাউলি আছিল। ধৰ্মীয় দৃষ্টিকোণৰ পৰাও ই গুৰুত্বপূৰ্ণ। গড়ৰ ভিতৰত কেইবাটাও মন্দিৰ আৰু আৰু ইয়াৰ চাৰিওফালে দ খাৱৈ আছে।
বিহু লৌকন
বিহু লৌকন বোকা মাটিৰে সজা প্ৰাচীন তৰা আকাৰৰ গড়। ই পশ্চিম ইম্ফাল জিলাৰ মাকলাঙত অৱস্থিত।

হিয়ানথাং লাইৰেম্বি মন্দিৰ
হিয়ানথাং লাইৰেম্বি মন্দিৰ অঞ্চলত কেইবাটাও পুৰণি মন্দিৰ আছে। ইয়াত প্ৰতি বছৰে দুৰ্গা পূজা অনুষ্ঠিত হয়।
ভাৰত শান্তি স্মৃতিসৌধ
ইম্ফল নগৰৰ পৰা ১৭ কিঃমিঃ দূৰত চিদ্দিম পথত অৱস্থিত ৰঙা পাহাৰত ভাৰত শান্তি স্মৃতিসৌধ আছে। দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰ বাহিনী আৰু জাপানী সন্যৰ মাজত ঘটা যুদ্ধৰ স্মৃতি স্বৰূপে ইয়াক নিৰ্মাণ কৰোৱা হৈছিল।
ইম্ফল যুদ্ধ কবৰস্থান

১৯৪৪ ইম্ফল যুদ্ধত প্ৰাণ হেৰুৱা ব্ৰিটিছ ভাৰতীয় সন্য সকলৰ স্মৃতিত ইম্ফল যুদ্ধ কবৰস্থান নিৰ্মাণ কৰা সুশীল।
ইমা কৈথেল
ইমা কৈথেল বা মহিলাৰ বজাৰ ইম্ফলৰ অন্যতম আকৰ্ষণ। কেৱল মহিলায়ে পৰিচালনা কৰা আৰু সকলো মহিলাৰ দোকান থকা ই পৃথিৱীৰ একমাত্ৰ মহিলাৰ বজাৰ।৬

ত্ৰি মাতৃৰ চিত্ৰ বিঠিকা
ত্ৰি মাতৃৰ চিত্ৰ বিঠিকা ইম্ফল চহৰৰ উল্লেখযোগ্য চিত্ৰ কলা সংগ্ৰাহালয় আৰু বিঠিকা। ই ইম্ফলৰ পৰা ৪ কিঃমিঃ নিলগত ঠাঙাপাত পথত অৱস্থিত।
ক্ৰীড়া
ইম্ফলত খুমন লামপাক মুখ্য ষ্টেডিয়াম নামৰ এখন বহুমুখী ষ্টেডিয়াম আছে। ইয়াত ঘাইকৈ ফুটবল আৰু এথলেটিক্স অনুষ্ঠিত হয়। ৩০,০০০ মানুহ জোৰা এই ষ্টেডিয়ামখন ১৯৯৯ চনত নিৰ্মাণ কৰা হৈছিল। ফুটবলৰ আই লীগৰ ক্লাব এনইআৰঅ'চিএ এফচিৰ ই ঘৰুৱা খেলপথাৰ।
শিক্ষা
বিশ্ববিদ্যালয়
- মণিপুৰ বিশ্ববিদ্যালয়৭
- কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়
- ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়
- মণিপুৰ সাংস্কৃতিক বিশ্ববিদ্যালয়
প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
- ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মণিপুৰ
- মণিপুৰ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
- ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মণিপুৰ৮
- মণিপুৰ প্ৰযুক্তি বিশ্ববিদ্যালয়৯
চিকিৎসা মহাবিদ্যালয়
বিদ্যালয়
ইম্ফলত কেইবাখনো চিবিএছই, আইচিএছই আৰু ৰাজ্যিক বৰ্ডৰ অন্তৰ্গত বিদ্যালয় আছে। সেইসমূহৰ ভিতৰত উল্লেখযোগ্য হ'ল:
- এৰিকা স্কুল, ৰাগাইলং
- কমেট স্কুল, চাংঙেই
- ডাভ পাব্লিক স্কুল, চিংমেইৰং
- ডন বস্ক' স্কুল ইম্ফল
- গুৰু নানক পাব্লিক স্কুল
- হাৰবাৰ্ট স্কুল
- জৱাহৰ নবোদয় বিদ্যালয়
- জনষ্টন পাব্লিক স্কুল ইত্যাদি
উল্লেখযোগ্য ব্যক্তি
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Imphal and Kohima. Britain's Greatest Battles. National Army Museum
- ↑ (2015). Imphal City Population, Manipur. www.census2011.co.in. Census 2011
- ↑ Imphal. Airports Authority of India
- ↑ (26 October 2012). Govt approves rail link to Imphal. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ NFR – Jiribam-Imphal Rail Line – Manipur. Construction Intelligence Centre
- ↑ Ima Keithel – A market by women. She. msn
- ↑ Manipur University
- ↑ Welcome To NIT Manipur
- ↑ MTU. mtu.ac.in
- ↑ Regional Institute of Medical Sciences
- ↑ JNIMS
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইম্ফাল” প্ৰবন্ধৰ সংশোধন ৩৮০১১৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।