অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জি. মাধৱন নায়াৰ

জি. মাধৱন নায়াৰ (G. Madhavan Nair; জন্ম: ৩১ অক্টোবৰ, ১৯৪৩) ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন অধ্যক্ষ তথা ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ সচিব আছিল। ইয়াৰোপৰি তেওঁ মহাকাশ আয়োগৰ অধ্যক্ষ আৰু বাংগালোৰত অৱস্থিত এণ্ট্ৰিস্ক কৰ্প'ৰেশ্যনৰ অধ্যক্ষ আছিল।

হালনাগাদ: ২ অক্টোবৰ ২০২৩ ২৯৫ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জি. মাধৱন নায়াৰ (G. Madhavan Nair; জন্ম: ৩১ অক্টোবৰ, ১৯৪৩) ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন অধ্যক্ষ তথা ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ সচিব আছিল। ইয়াৰোপৰি তেওঁ মহাকাশ আয়োগৰ অধ্যক্ষ আৰু বেংগালুৰুত অৱস্থিত এণ্ট্ৰিস্ক কৰ্প'ৰেশ্যনৰ অধ্যক্ষ আছিল। ২০০৯ চনত গণৰাজ্য দিৱস (ভাৰত)ৰ দিনা তেওঁক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰা হয়।১

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৪৩ চনৰ ৩১ অক্টোবৰ তাৰিখে ভাৰতৰ ত্ৰৱানকোৰ ৰাজ্যৰ কুলশেখৰম (বৰ্তমানৰ কন্যাকুমাৰী জিলা, তামিলনাডু, ভাৰত) নামে ঠাইত মাধৱন নায়াৰৰ জন্ম হৈছিল। ১৯৬৬ চনত ত্ৰিবান্দ্ৰমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ইলেকট্ৰ'নিক্স আৰু যোগাযোগ অভিযান্ত্ৰিকীত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পাছত মাধৱন নায়াৰে ভাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰত এটা প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল।

জীৱিকা

ৰকেট পদ্ধতিসমূহৰ ক্ষেত্ৰত নায়াৰ এগৰাকী নেতৃস্থানীয় প্ৰযুক্তিবিদ। বহুস্তৰীয় উপগ্ৰহ উৎক্ষেপণ যানসমূহৰ বিকাশ সাধনত তেওঁ ভালেমান গুৰত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ধ্ৰুৱীয় উপগ্ৰহ উৎক্ষেপণ যান (PSLV) প্ৰকল্পটোৰ সঞ্চালক হিচাপে মাধৱন নায়াৰে পি এছ এল ভিৰ বিকাশ সাধনত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।২ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰৰ সঞ্চালক হিচাপে তেওঁ ভাৰতৰ ভূ-সকালীকৃত উপগ্ৰহ উৎক্ষেপণ যানৰ (GSLV) সফল উৎক্ষেপণৰো সাক্ষী হয়। তদুপৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ তৰল প্ৰণোদন পদ্ধতি কেন্দ্ৰৰ সঞ্চালক হিচাপে তেওঁ জি এছ এল ভিৰ বাবে ক্ৰায়'জেনিক্স ইঞ্জিনৰ ৰূপৰেখা আৰু বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰিছিল।

মাধৱন নায়াৰে আগতে গ্ৰহণ কৰা স্থিতি নিম্নোক্ত তালিকাখনত উল্লেখ কৰা হ'ল:

২০১০–?অধ্যক্ষ, চেণ্টাৰ ফৰ মেনেজমেণ্ট ডেভেল'পমেণ্ট, ত্ৰিবান্দ্ৰম
২০০৩–০৯অধ্যক্ষ, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, বাংগালোৰ
১৯৯৯–২০০৩সঞ্চালক, বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ, ত্ৰিবান্দ্ৰম
১৯৯৫–৯৯সঞ্চালক, তৰল প্ৰণোদন পদ্ধতি কেন্দ্ৰ, ত্ৰিবান্দ্ৰম
১৯৯৪–৯৬কাৰ্যসূচী সঞ্চালক, ILVP, বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ, ত্ৰিবান্দ্ৰম
১৯৮৮–৯৫প্ৰকল্প সঞ্চালক, ধ্ৰুৱীয় উপগ্ৰহ উৎক্ষেপণ যান, ত্ৰিবান্দ্ৰম
১৯৮৪–৮৮সহযোগী প্ৰকল্প সঞ্চালক, ধ্ৰুৱীয় উপগ্ৰহ উৎক্ষেপণ যান, ত্ৰিবান্দ্ৰম
১৯৮০–৮৪প্ৰধান, ইলেক্ট্ৰ'নিক্স চিষ্টেম, বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ, ত্ৰিবান্দ্ৰম
১৯৭৪–৮০প্ৰকল্প অভিযন্তা, এছ এল ভি-৩ প্ৰকল্প, ত্ৰিবান্দ্ৰম
১৯৭২–৭৪প্ৰকল্প প্ৰবন্ধক, টে'লিকমাণ্ড চিষ্টেম, বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ, ত্ৰিবান্দ্ৰম
১৯৬৭–৭২প্ৰধান, পেলোড একত্ৰীকৰণ শাখা, থুম্বা বিষুৱীয় ৰকেট উৎক্ষেপণ কেন্দ্ৰ, ত্ৰিবান্দ্ৰম

অধিসদস্যপদ/সদস্যপদ

  • অধিসদস্য, ভাৰতীয় ৰাষ্ট্ৰীয় অভিযান্ত্ৰিক একাডেমী
  • অধিসদস্য, এষ্ট্ৰ'নটিকেল ছ'ছাইটি অৱ ইণ্ডিয়া
  • অধিসদস্য, ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ভাৰত
  • সন্মানীয় অধিসদস্য, ইণ্ডিয়ান ছ'ছাইটি ফৰ ন'ন-ডেষ্ট্ৰাক্সন টেষ্টিং (ISNT)
  • সদস্য, চিষ্টেম ছ'ছাইটি অৱ ইণ্ডিয়া
  • সদস্য, ছায়েন্স এছ'ছিয়েশ্যন (২০০৪-০৬)
  • সদস্য, ইণ্টাৰনেছনেল একাডেমী অৱ এষ্ট্ৰ'নটিক্স (২০০৪)
  • জেষ্ঠ সহযোগী, নেচনেল ইনষ্টিটিউট অৱ এডভাঞ্চড্ ষ্টাডীজ্ (২০০৪-০৭)
  • সভাপতি, ইণ্টাৰস্পুটনিক ব'ৰ্ড (২০০৫)
  • সন্মানীয় অধিসদস্য, ভাৰতৰ বৈমাণিকী সমাজ (২০০৭)
  • সন্মানীয় জীৱনজোৰা অধিসদস্য, অভিযান্ত্ৰিক প্ৰতিষ্ঠান (ভাৰত) কলকাতা (২০০৮)
  • অধ্যক্ষ, ৰাষ্ট্ৰীয় এৰ'স্পেছ পৰীক্ষাগাৰৰ গৱেষণা পৰিষদ (২০০৭ চনৰ এপ্ৰিল মাহৰ পৰা ২০১০ চনৰ মাৰ্চ মাহলৈ)
  • সভাপতি, ইণ্টাৰনেছনেল একাডেমী অৱ এষ্ট্ৰ'নটিক্স (২০০৯)

গ্ৰন্থৰাজি

২০১৭ চনৰ আগষ্ট মাহত “অগ্নিপৰীক্ষাকল” নামেৰে তেওঁৰ আত্মজীৱনী প্ৰকাশ কৰা হয়।৩

বাহ্যিক লিংক

তথ্যসূত্ৰ

  1. ↑ (26 January 2009). Padma Vibhushan for Kakodkar, Madhavan Nair, Nirmala. দ্য হিন্দু
  2. ↑ Madhavan Nair at ISRO
  3. ↑ (4 August 2017). Madhavan Nair’s autobiography to be out tomorrow. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় বিজ্ঞানীভাৰতীয় অভিযন্তাপদ্মভূষণ বঁটা বিজয়ীপদ্মবিভূষণ বঁটা বিজয়ীভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগত জড়িত ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জি. মাধৱন নায়াৰ” প্ৰবন্ধৰ সংশোধন ৩৮৪১২৬ (২ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।