বড়ো জনগোষ্ঠীৰ মাতৃভাষা হ'ল বড়ো ভাষা। এই জনগোষ্ঠীৰ মাজত বহুকেইটা উপাধি দেখিবলৈ পোৱা যায়।
বসুমতাৰী
বসুমতাৰী উত্তৰ-পূব ভাৰতৰ সংখ্যাগৰিষ্ঠ বড়ো লোকৰ মাজত পোৱা এটা উপাধি।১ বসুমতাৰী বিশ্বমুতীয়াৰী শব্দৰপৰা আহিছে, যাৰ অৰ্থ পৃথিৱীৰ লোক। বসুমতাৰীৰ শব্দৰ উৎপত্তি হৈছে পৃথিৱী দেৱী ব্বিছৱমুতি (ভূদেৱী)ৰ পৰা, যি আছিল বৰাহৰূপী বিষ্ণুৰ পত্নীৰ। ব্বিছৱমুতি হ'ল বড়ো মানুহৰ পৌৰাণিক মাতৃ।২
বসুমতাৰী উপাধিৰ উল্লেখযোগ্য ব্যক্তি
- ধৰণীধৰ বসুমতাৰী, ভাৰতীয় ৰাজনীতিবিদ।
- ৰজনী বসুমতাৰী, চলচ্চিত্ৰ পৰিচালক।
বড়ো
বড়ো হৈছে বড়ো জনগোষ্ঠীৰ লোকে ব্যৱহাৰ কৰা এটা উপাধি।৩ বড়ো মানে "মহান মানুহ।" ৪
বড়ো উপাধিৰ উল্লেখযোগ্য ব্যক্তি
- যমুনা বড়ো, ভাৰতীয় বক্সিং খেলুৱৈ।
- দুৰ্গা বড়ো, ভাৰতীয় ফুটবল খেলুৱৈ।
- অঙ্কুশিতা বড়ো, ভাৰতীয় বক্সিং খেলুৱৈ।
ব্ৰহ্ম
ব্ৰহ্ম হৈছে অসমৰ বড়োসকলে ব্যৱহাৰ কৰা উপাধি। এই উপাধিটো কালিচৰণ ব্ৰহ্মই প্ৰতিষ্ঠা কৰা ব্ৰহ্ম ধৰ্মৰ অনুগামীসকলে গ্ৰহণ কৰে।৫
ব্ৰহ্ম উপাধিৰ উল্লেখযোগ্য ব্যক্তি
- বিনেশ্বৰ ব্ৰহ্ম, শিক্ষাবিদ।
- চন্দন ব্ৰহ্ম, একবিংশ শতিকাৰ ৰাজনীতিজ্ঞ আৰু মন্ত্ৰী।
- কালিচৰণ ব্ৰহ্ম (১৮৬০–১৯৩৮), সমাজ সংস্কাৰক।
- কামেশ্বৰ ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সভাপতি।
- মদৰাম ব্ৰহ্ম (১৯০৩–১৯৯০), কবি।
- মনেশ্বৰ ব্ৰহ্ম, একবিংশ শতিকাৰ ৰাজনীতিজ্ঞ।
- নিৰ্মল কুমাৰ ব্ৰহ্ম, একবিংশ শতিকাৰ ৰাজনীতিজ্ঞ।
- প্ৰমিলা ৰাণী ব্ৰহ্ম (জন্ম ১৯৫১), বড়ো ৰাজনীতিজ্ঞ আৰু সমাজকৰ্মী।
- প্ৰেম সিং ব্ৰহ্ম (১৯৫২–২০০৭), প্ৰাক্তন বড়ো লিবাৰেচন টাইগাৰ্ছ ফোৰ্ছৰ নেতা, পিছত ৰাজনীতিক।
- ৰূপনাথ ব্ৰহ্ম (১৯০২–১৯৬৮), ৰাজনীতিজ্ঞ।
- শোভা ব্ৰহ্ম (১৯২৯–২০১২), চিত্ৰশিল্পী আৰু মূৰ্তিশিল্পী।
- সুকুমাৰ ব্ৰহ্ম, বৈদ্যুতিক অভিযন্তা আৰু অধ্যাপক।
- উপেন্দ্ৰনাথ ব্ৰহ্ম (১৯৫৬–১৯৯৯), সমাজ সচেতন কৰ্মী।
- উৰ্খাউ গৌড়া ব্ৰহ্ম (জন্ম ১৯৬৩), ৰাজনীতিজ্ঞ আৰু কবি।
দৈমাৰী
দৈমাৰী উত্তৰ-পূব ভাৰতৰ বড়ো লোকসকলৰ মাজত পোৱা এটা উপাধি।৬ দৈমাৰী দৈমা-আৰোই শব্দৰ পৰা আহিছে, যাৰ অৰ্থ নদীৰ লোক।৭
দৈমাৰী উপাধিৰ উল্লেখযোগ্য ব্যক্তি
- বিশ্বজিৎ দৈমাৰী, ভাৰতীয় ৰাজনীতিবিদ।
- জোলেন দৈমাৰী, ভাৰতীয় ৰাজনীতিবিদ।
- মিথিংগা দৈমাৰী, আলফাৰ প্ৰাক্তন সদস্য, অসমীয়া কবি।
- ৰঞ্জন দৈমাৰী, সশস্ত্ৰ বিচ্ছিন্নতাবাদী সংগঠন নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ডৰ প্ৰতিষ্ঠাপক সভাপতি।
- ৰিহন দৈমাৰী, ভাৰতীয় ৰাজনীতিবিদ।
মুছাহাৰী/বাঘলাৰী
মুছাহাৰী/বাঘলাৰী উত্তৰ-পূব ভাৰতৰ বড়ো লোকসকলৰ মাজত পোৱা এটা উপাধি।৮ মুছাহাৰী মুছা-আৰয় শব্দৰ পৰা আহিছে, যাৰ অৰ্থ বাঘ-লোক আৰু বাঘলাৰী হৈছে মোছাহাৰীৰ সংস্কৃত শব্দ।৯
মুছাহাৰী উপাধিৰ উল্লেখযোগ্য ব্যক্তি
- ৰঞ্জিৎ শেখৰ মুছাহাৰী - বি এছ এফৰ প্ৰাক্তন সঞ্চালক প্ৰধান, মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল।
- ইমানুৱেল মুছাহাৰী - প্ৰাক্তন বিধায়ক (তামুলপুৰ)।
নাৰ্জাৰী
নাৰ্জাৰী (মূলতঃ নাৰ্জিহাৰী) হ'ল বড়ো সম্প্ৰদায়ৰ ভিতৰত এটা বিশিষ্ট বংশ বা উপাধি, মূলতঃ ভাৰতৰ উত্তৰ-পূব অঞ্চলত বিশেষকৈ অসম ৰাজ্যত বাস কৰা এটা খিলঞ্জীয়া জনগোষ্ঠী। বড়ো সম্প্ৰদায়ৰ ভিতৰত নাৰ্জাৰী বংশৰ সাংস্কৃতিক, সামাজিক, আৰু ঐতিহাসিক গুৰুত্ব উল্লেখযোগ্য, আৰু ইয়াৰ ভিতৰত অন্যতম সন্মানীয় বংশ বুলি গণ্য কৰা হয়।
অসমত নাৰ্জাৰী বানানটো ইংৰাজীত Narzary হিচাপে লিখাৰ বিপৰীতে পশ্চিমবংগ আৰু নেপালত থকা বড়ো জনগোষ্ঠীৰ লোকে নাৰ্জীনাৰী, ইংৰাজীত Narjinari বা Narjinary হিচাপে লিখে।
নাৰ্জাৰী উপাধিৰ উল্লেখযোগ্য ব্যক্তি
- অঞ্জলি নাৰ্জাৰী, ভাৰতীয় বড়ো ভাষাৰ কবি।
- চৰণ নাৰ্জাৰী, ভাৰতীয় ৰাজনীতিবিদ।
- হলিচৰণ নাৰ্জাৰী, ভাৰতীয় ফুটবলাৰ।
- কমল সিং নাৰ্জাৰী, ভাৰতীয় ৰাজনীতিবিদ।
- মজেন্দ্ৰ নাৰ্জাৰী, ভাৰতীয় ৰাজনীতিবিদ।
- কনকেশ্বৰ নাৰ্জাৰী, ভাৰতীয় ৰাজনীতিবিদ।
- ৰণগৌৰা নাৰ্জাৰী, ভাৰতীয় ৰাজনীতিবিদ।
- ৰশ্মি নাৰ্জাৰী, ভাৰতীয় লেখিকা।
- নৱজিত নাৰ্জাৰী, ডান্স ইণ্ডিয়া ডান্স লি'ল মাষ্টাৰ ছিজন ৫ বিজয়ী।
স্বৰ্গীয়াৰী
স্বৰ্গীয়াৰী উত্তৰ-পূব ভাৰতৰ বড়ো লোকসকলৰ মাজত পোৱা এটা উপাধি। স্বৰ্গীয়াৰী স্বৰ্গ-আৰোই শব্দৰ পৰা আহিছে, যাৰ অৰ্থ স্বৰ্গ-লোক। এই বংশৰ সদস্যসকলক সকলোতকৈ উচ্চ বুলি গণ্য কৰা হৈছিল।১০
স্বৰ্গীয়াৰী উপাধিৰ উল্লেখযোগ্য ব্যক্তি
- প্ৰণীতা স্বৰ্গীয়াৰী - ভাৰতীয় নৃত্যশিল্পী।
- সুৰেন স্বৰ্গীয়াৰী - ভাৰতীয় ৰাজনীতিবিদ।
- কাতিন্দ্ৰ স্বৰ্গীয়াৰী - লিখক।
অন্যান্য
ওপৰত উল্লেখ কৰা কেইটাৰ বাহিৰেও বড়ো জনগোষ্ঠীৰ মাজত আৰু কেইবাটাও উপাধি আছে। তাৰে ভিতৰত কেইটামান হ'ল: গয়াৰী, ওৱাৰী, খাকলাৰী, লাহাড়ী, হাজোৱাৰী, খেৰকাটাৰী, সিবিংগাৰী, বিংগিয়াৰী, ৰামচিয়াৰী, মহিলাৰী, বিসমুতিয়াৰী আদি।
পৌৰাণিক কাহিনীত অনুসৰি কামৰ ওপৰত ভিত্তি কৰি বড়ো জনগোষ্ঠীৰ ব্যক্তিসকলৰ মাজত বাৰটা বিভিন্ন ধৰণৰ উপাধিৰ উৎপত্তি হৈছে। প্ৰতিটো উপাধিয়ে বিশেষ বংশৰ গোটটোক বুজায়। এইবোৰ হ’ল- স্বৰ্গীয়াৰী, ৰামচিয়াৰী, বসুমতাৰী, দৈমাৰী, বাঘলাৰী, মহিলাৰী, গোৱাৰী, চৈনাৰী, খাখলাৰী, ওৱাৰী, মুছাহাৰী, নাৰ্জাৰী।
বংশ বিভাজন হিচাপে উপাধি
বড়োসকলৰ কিছুমান গুৰুত্বপূৰ্ণ বংশ হ'ল১১-
- স্বৰ্গীয়াৰী: পুৰোহিত বংশ।
- বসুমতাৰী: মাটিধাৰী বংশ।
- নাৰ্জাৰী: মৰাপাট খেতি আৰু যোগানৰ লগত জড়িত বংশ।
- মোছাহাৰী: এই বংশটো গৰু-ম’হৰ সুৰক্ষাৰ লগত জড়িত।
- গোৱাৰী: এই বংশটো বাদামৰ খেতিৰ লগত জড়িত।
- ওৱাৰী: এই বংশটো বাঁহৰ যোগানৰ লগত জড়িত।
- খাখলাৰী: এই বংশটো খেৰাই পূজাৰ বাবে প্ৰয়োজনীয় খংখালা উদ্ভিদৰ যোগানৰ সৈতে জড়িত৷
- দৈমাৰী: এই বংশটো নদীৰ লগত জড়িত।
- লাহড়ী: এই বংশটো উৎসৱৰ বাবে বৃহৎ পৰিমাণৰ পাত সংগ্ৰহৰ লগত জড়িত।
- হাজোয়াৰী: পাহাৰ আৰু পাদদেশত বাস কৰা বড়োসকল।
- খেৰকাটাৰী: খেৰ আৰু ইয়াৰ যোগানৰ সৈতে জড়িত, এই উপাধিৰ বেছিভাগ লোক কামৰূপ জিলাত পোৱা যায়৷
- ছিবিংগাৰী: পৰম্পৰাগতভাৱে তিল পালন আৰু যোগানৰ লগত জড়িত।
- বিংগীয়াৰী: বাদ্যযন্ত্ৰৰ লগত জড়িত বড়োসকল।
- ৰামচিয়াৰী: কামৰূপৰ ৰামছা ঠাইৰ পাহাৰত বাস কৰা জনগোষ্ঠীৰ লোক।
- মহিলাৰী: এই বংশটো মহাল্লাৰ পৰা কৰ সংগ্ৰহ কৰাৰ লগত জড়িত। মহেলা আৰু মহালিয়া হ'ল মহিলাৰী বংশৰ ভিন্ন ৰূপ।
বড়ো জনগোষ্ঠী
মূল প্ৰবন্ধ: বড়ো জনগোষ্ঠী'বড়ো জনগোষ্ঠী' হৈছে অসমৰ ভৈয়ামৰ চীনা তিব্বতীয় জনগোষ্ঠী।১২ অসমৰ ভৈয়ামত বাস কৰা জনগোষ্ঠীসকলৰ ভিতৰত এওঁলোক সংখ্যাগৰিষ্ঠ। বড়ো সকলৰ মাতৃভাষা বড়ো ভাষা। বড়োসকল বৃহৎ মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত। প্ৰাচীন কালৰ হিমালয়ৰ উত্তৰে আৰু চীনৰ পশ্চিমে অৱস্থিত "বড" দেশৰ বাসিন্দাসকলৰ এই জনগোষ্ঠীটো খ্ৰীঃপূঃ প্ৰায় ১৫ শ শতিকা মানতেই সমগ্ৰ পূব ভাৰতত বিয়পি পৰে। মহাভাৰতত উল্লেখ কৰা কিৰাতসকলেই পূব ভাৰতৰ বড়োসকল। প্ৰাচীন কালত এই মূল "বড" দেশৰ বাসিন্দাসকলক "বডো-ফিচা" বা "বডোচা" ("বডো" মানে ভূমি আৰু "ফিচা" বা "চা" মানে সন্তান অৰ্থাৎ বড দেশৰ সন্তান) বুলি জনা গৈছিল আৰু সময়ৰ সোঁতত বড বা বড়ো হিচাপে জনাজাত হয়।
অসমৰ কোকৰাঝাৰ, চিৰাং, বাক্সা জিলা আৰু ওদালগুৰি জিলাত বড়োসকলৰ মূল বসতি। ইয়াৰোপৰি কাৰ্বি আংলং জিলা গোৱালপাৰা, কামৰূপ, নলবাৰী, শোণিতপুৰ, ঢেকীয়াজুলি, মংগলদৈ, বিশ্বনাথ চাৰিআলি আদি প্ৰায় সমূহ জিলাতে বড়ো লোক দেখা পোৱা যায়। এক সময়ত গোটেই গুৱাহাটী অঞ্চলেই বড়ো লোকেৰে ভৰি আছিল। তদুপৰি পশ্চিমবঙ্গ, মেঘালয়, নাগালেণ্ড, অৰুণাচল আনকি ভূটান-নেপালতো বড়ো জনগোষ্ঠী পোৱা যায়।
আৰু চাওক
- বড়ো জনগোষ্ঠী
- বড়ো-কছাৰী
- বড়ো সংস্কৃতি
- বড়ো ভাষা
- বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল
- বড়ো ৰোমান লিপি আন্দোলন
- বড়ো সাহিত্য সভা
- বড়ো লিবাৰেচন টাইগাৰছ ফ'ৰ্চ
- নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড
- কোকৰাঝাৰ সংঘৰ্ষ ২০১২
- বড়ো চুক্তি ২০২০
- আৰ্নাই
- দখনা
- বাথৌ ধৰ্ম
- বাথৌ পূজা
- বৈচাগু
- বাগৰুম্বা
- খেৰাই
- গাৰ্জা পূজা
- জৌ
তথ্যসূত্ৰ
- ↑ HOME. udalguri.gov.in
- ↑ Endle, Sidney. The Kacháris. www.gutenberg.org
- ↑ HOME. udalguri.gov.in
- ↑ Mosahary 1983, পৃ. 42
- ↑ Banerjee 2006, পৃ. 56–57
- ↑ HOME. udalguri.gov.in
- ↑ Endle, Sidney. The Kacháris. www.gutenberg.org
- ↑ HOME. udalguri.gov.in
- ↑ Endle, Sidney. The Kacháris. www.gutenberg.org
- ↑ Endle, Sidney. The Kacháris. www.gutenberg.org
- ↑ Brahma 1998, পৃ. 15–22
- ↑ LaPollo, Randy J. (ed.). Sino-Tibetan languages. Routledge. ISBN 9781135797171
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বড়ো জনগোষ্ঠীৰ উপাধিসমূহ” প্ৰবন্ধৰ সংশোধন ৫৫৬৬৪০ (২৪ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।