অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যমুনা বড়ো

যমুনা বড়ো (Jamuna Boro; জন্ম: ৭ মে' ১৯৯৭) এগৰাকী ভাৰতীয় অপেছাদাৰী মহিলা বক্সাৰ। তেওঁ ৰাছিয়াৰ উলান-উড়েত অনুষ্ঠিত ২০১৯ চনৰ এআইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় ইণ্ডিয়া অপেন আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত তেওঁ সোণৰ পদক অৰ্জন কৰে।

হালনাগাদ: ৮ জুলাই ২০২৬ ৪০১ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

যমুনা বড়ো (Jamuna Boro; জন্ম: ৭ মে' ১৯৯৭) এগৰাকী ভাৰতীয় অপেছাদাৰী মহিলা বক্সাৰ। তেওঁ ৰাছিয়াৰ উলান-উড়েত অনুষ্ঠিত ২০১৯ চনৰ এআইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।১ গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় ইণ্ডিয়া অপেন আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত তেওঁ সোণৰ পদক অৰ্জন কৰে।২

তেওঁ পূব নুচা টেংগাৰাৰ লাবুয়ান বাজোত অনুষ্ঠিত ২৩ সংখ্যক প্ৰেচিডেণ্টছ কাপ ২০১৯ বক্সিং ইণ্টাৰনেচনেল অপেন টুৰ্ণামেণ্টতো সোণৰ পদক অৰ্জন কৰে।৩

ব্যক্তিগত জীৱন

অসমৰ শোণিতপুৰ জিলাত ১৯৯৭ চনৰ ৭ মে' তাৰিখে যমুনা বড়োৰ জন্ম হয়।৪৫ তেওঁ বেলশিৰী গাঁও নিৱাসী। যমুনা বড়োৰ ১০ বছৰ বয়সতেই তেওঁৰ দেউতাক পৰশু বড়োৰ মৃত্যু হয়। দেউতাকৰ মৃত্যুৰ পাছত তেওঁৰ মাতৃ নিৰ্মালি বড়োয়ে এগৰাকী পাচলি বিক্ৰেতা হিচাপে ঘৰ চলোৱা আৰম্ভ কৰে।৪৬

ক্ৰীড়া জীৱন

বড়োৱেজন স্মিথ নাৰ্জাৰীৰ প্ৰশিক্ষণত ৱুচু খেলুৱৈ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০০৯ চনত, ওদালগুৰিত অনুষ্ঠিত ৰাজ্যিক ৱুচু চেম্পিয়নশ্বিপৰ সময়ত, তেওঁক ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ (এছএআই) পৰ্যবেক্ষকসকলে দেখা পাইছিল। পিছলৈ তেওঁ বক্সিং খেলা আৰম্ভ কৰে আৰু গুৱাহাটীস্থিত এছএআই আঞ্চলিক উপ কেন্দ্ৰৰ বাবে নিৰ্বাচিত হয়।৭ বৰ্তমান তেওঁক এলিট মহিলা দলত অন্তৰ্ভুক্ত কৰা হৈছে।৪ ৫৬ সংখ্যক বেলগ্ৰেড মহিলা বক্সিং টুৰ্ণামেণ্টত তেওঁ ৰূপৰ পদক লাভ কৰে।৮৯ শেহতীয়াকৈ ২১ ৰ পৰা ২৫ জানুৱাৰী ২০১৯ লৈ কলকাতাৰ যতীন দাস পাৰ্কত অনুষ্ঠিত দ্বিতীয় 'বেংগল ক্লাছিক' অল ইণ্ডিয়া ইনভিটেশ্যনেল এলিট (পুৰুষ/ মহিলা) বক্সিং চেম্পিয়নশ্বিপ আৰু ২৭ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চ ২০১৯ লৈ জয়পুৰত অনুষ্ঠিত ৬৭ সংখ্যক সৰ্বভাৰতীয় আৰক্ষী কুস্তি ক্লাষ্টাৰত তেওঁ অংশগ্ৰহণ কৰিছিল। ২০ ৰ পৰা ২৪ মে' ২০১৯ লৈ গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় ইণ্ডিয়া অপেন আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত তেওঁ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়, য'ত তেওঁ ছেমি ফাইনেলত তেওঁৰ প্ৰতিদ্বন্দ্বী মীনা কুমাৰী মাইছনাম আৰু ফাইনেলত ৱাই সন্ধ্যাৰাণী দেৱীক পৰাস্ত কৰিছিল। তেওঁ পূব নুচা টেংগাৰাৰ লাবুয়ান বাজোত অনুষ্ঠিত ২৩ সংখ্যক প্ৰেচিডেণ্টছ কাপ ২০১৯ বক্সিং আন্তঃৰাষ্ট্ৰীয় অপেন টুৰ্ণামেণ্টতো সোণৰ পদক অৰ্জন কৰে আৰু ইয়াত তেওঁ ছেমি ফাইনেলত ইণ্ডোনেছিয়াৰ কাচে চেৰলিন আলিন লিলিৱাটি আৰু ফাইনেলত ইটালীৰ গিউলিয়া লামাগনাক ৫-০ অংকৰ ব্যৱধানত পৰাস্ত কৰে।৩ তেওঁ বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াত পঞ্জীভুক্ত আৰু অসম ৰাইফলছৰ কৰ্মচাৰী।

নৱেম্বৰ ২০১৯-ত, বড়োৱে ক্ৰীড়া ব্যৱস্থাপনা প্ৰতিষ্ঠান ইনফিনিটি অপ্টিমাল ছলিউচনছ (আই.ও.এছ.)ৰ সৈতে চুক্তিবদ্ধ হয় যি তেওঁৰ অনুমোদন আৰু বাণিজ্যিক স্বাৰ্থ পৰিচালনা কৰিব।১০

২০১৯ এআইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ

ৰাছিয়াৰ উলান-উদেত ৩ ৰ পৰা ১৩ অক্টোবৰ ২০১৯ লৈ অনুষ্ঠিত ২০১৯ এআইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰা দহজন বক্সাৰৰ ভিতৰত বড়ো আছিল অন্যতম।১১ ছেমিফাইনেলত তেওঁ চাইনিজ টাইপেইৰ হুয়াং হচিয়াও-ৱেনৰ হাতত পৰাজিত হয় আৰু ব্ৰঞ্জৰ পদকলাভ কৰি সন্তুষ্ট হ'ব লগা হয়।১২

পদকসমূহ

  • ২০১৯: ব্ৰঞ্জ – ৰাছিয়াৰ উলান-উদেত এআইবিএ বিশ্ব বক্সিং চেম্পিয়নশ্বিপ
  • ২০১৯: স্বৰ্ণ – ইণ্ডিয়া অপেন আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্ট, গুৱাহাটী
  • ২০১৯: স্বৰ্ণ – প্ৰেচিডেণ্ট কাপ বক্সিং ইণ্টাৰনেচনেল অপেন টুৰ্ণামেণ্ট, ইণ্ডোনেছিয়া
  • ২০১৮: ৰূপ – বেলগ্ৰেড বক্সিং চেম্পিয়নশ্বিপ, ছাৰ্বিয়া
  • ২০১৫: ব্ৰঞ্জ – বিশ্ব যুৱ বক্সিং চেম্পিয়নশ্বিপ; টাইপেই।
  • ২০১৩: স্বৰ্ণ – দ্বিতীয় ৰাষ্ট্ৰীয় কাপ আন্তঃৰাষ্ট্ৰীয় ছাব জুনিয়ৰ মহিলা টুৰ্ণামেণ্ট; জেৰেঞ্জানুন, ছাৰ্বিয়া।৪
  • ২০১২: স্বৰ্ণ – সপ্তম ছাব-জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপ; কলকাতা।৪
  • ২০১১: স্বৰ্ণ – দ্বিতীয় ছাব-জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপ; তামিলনাডু।৪
  • ২০১০: স্বৰ্ণ – প্ৰথম ছাব-জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপ; তামিলনাডু।৪

তথ্যসূত্ৰ

  1. ↑ Jamuna Boro settles for bronze in AIBA Women's World Boxing Championships. The New Indian Express
  2. ↑ Jamuna Boro settles for bronze in AIBA Women's World Boxing Championships. The New Indian Express
  3. ↑ Krishnan, G. (31 July 2019). Jamuna Boro sets her sights on Worlds gold. DNA India
  4. ↑ Elite Women. Indian Boxing Federation
  5. ↑ Indian Boxing Federation Boxer Details. www.indiaboxing.in
  6. ↑ शर्मा, दिलीप कुमार. (27 June 2017). मां बेचती हैं सब्ज़ी और बेटी इंटरनेशनल बॉक्सर. BBC News हिंदी
  7. ↑ (30 June 2017). Concern over govt's apathy towards Jamuna. দ্য আছাম ট্ৰিবিউন
  8. ↑ (29 April 2018). 56th Belgrade Winner – tournament bulletin. European Boxing Confederation
  9. ↑ (30 April 2018). Jamuna wins silver. The Sentinel (Guwahati)
  10. ↑ PTI. (15 November 2019). Five world-medallist boxers sign up with IOS
  11. ↑ (6 August 2019). Mary Kom, Sarita Devi among 10 women boxers selected for AIBA Women's World Boxing Championships. ANI News
  12. ↑ (12 October 2019). Jamuna Boro settles for bronze in AIBA Women's World Boxing Championships. The New Indian Express

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া ক্ৰীড়াবিদভাৰতৰ বক্সাৰবড়ো জনগোষ্ঠীৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যমুনা বড়ো” প্ৰবন্ধৰ সংশোধন ৬১৬১৩৮ (৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।