অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিনেশ্বৰ ব্ৰহ্ম

বিনেশ্বৰ ব্ৰহ্ম (২৮ ফেব্ৰুৱাৰী, ১৯৪৮ - ১৯ আগষ্ট, ২০০০) (बिनेश्वर ब्रह्म) এজন বড়ো সাহিত্যিক আৰু বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি। অসমৰ কোকৰাঝাৰ জিলাৰ ভাতাৰমাৰি গাঁৱত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ তাৰামণি ব্ৰহ্ম আৰু মাতৃ সনাথী ব্ৰহ্ম।

হালনাগাদ: ১৯ আগষ্ট ২০২৪ ৪১৬ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

বিনেশ্বৰ ব্ৰহ্ম (২৮ ফেব্ৰুৱাৰী, ১৯৪৮ - ১৯ আগষ্ট, ২০০০) (बिनेश्वर ब्रह्म) এজন বড়ো সাহিত্যিক আৰু বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি। অসমৰ কোকৰাঝাৰ জিলাৰ ভাতাৰমাৰি গাঁৱত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ তাৰামণি ব্ৰহ্ম আৰু মাতৃ সনাথী ব্ৰহ্ম।

শিক্ষা

বিনেশ্বৰ ব্ৰহ্মই ১৯৫৪ চনত শিক্ষা আৰম্ভ কৰে। তেওঁ ৩৬৫ নং ভাতাৰমাৰি প্ৰাথমিক বিদ্যালয়ত ১৯৫৪ চনৰ পৰা ১৯৫৯ চনলৈ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। তাৰ পিছত তেওঁ ১৯৫৯ চনৰ পৰা ১৯৬২ চনলৈ কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাধ্যমিক আৰু একেখন বিদ্যালয়ৰ পৰা ১৯৬২ৰ পৰা ১৯৬৭ লৈ উচ্চমাধ্যমিক শিক্ষা লাভ কৰে। তেওঁ ১৯৬৫ চনত হিন্দী ভাষাৰ বিশাৰদ ডিগ্ৰী লাভ কৰে। উচ্চ শিক্ষাৰ বাবে তেওঁ‌ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় যোগদান কৰে আৰু ১৯৭২ চনত বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

বিনেশ্বৰ ব্ৰহ্মই ১৯৬৮-৬৯ চনত দেৱৰগাওঁ ভেনচাৰ স্কুলত হিন্দী শিক্ষক ৰূপে কৰ্মজীৱন আৰম্ভ কৰে। তাৰ পিছত তেওঁ ১৯৭২ চনত কোকৰাঝাৰ বিদ্যাপীঠ হাই স্কুলত মাত্ৰ তিনিমাহ শিক্ষকতা কৰে। সেই বছৰতে তেওঁ ক্ষেত্ৰ প্ৰদৰ্শক (Field Demonstrator) হিচাপে অসমৰ কৃষি-উদ্যোগত কাম কৰিছিল। ১৯৭৮ চনত তেওঁ ভাৰতীয় সাৰ নিগমত কৃষি বিশেষজ্ঞ হিচাপে কাম কৰে। তেওঁ ১৯৭৯ চনত ভাৰতীয় খাদ্য নিগমৰ গুণৱত্তা নিয়ন্ত্ৰণ বিভাগৰ কাৰ্যকৰী ব্যৱস্থাপক হিচাপেয়ো কাৰ্য নিৰ্বাহ কৰিছিল। ১৯৯৮ চনৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈ তেওঁ ভাৰতীয় খাদ্য নিগমৰ গুৱাহাটীত অৱস্থিত আঞ্চলিক কাৰ্যালয়ত সংযুক্ত ব্যৱস্থাপক হিচাপে কাৰ্য নিৰ্বাহ কৰি আছিল।

সাহিত্য কীৰ্তি

  • আইনী আৰোজ - কবিতা (১৯৮৮)
  • বাৰ্ডৱি শিখলা - কবিতা (১৯৯৭)
  • আংনি গামি ভাতাৰমাৰি - গদ্য (১৯৯৮)
  • সপোন আৰু দিঠক - অসমীয়া উপন্যাস(১৯৯৮)
  • সীমা - চুটি গল্প

সামাজিক কাম-কাজ

বিনেশ্বৰ ব্ৰহ্ম বড়োসকলৰ এজন সক্ৰিয় সমাজ কৰ্মী আছিল। তেওঁ কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিল। তাৰ পিছত তেওঁ আকৌ ১৯৬৯-৭১ চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হয়। ১৯৭১ চনত তেওঁ অসমীয়া ভাষা আন্দোলনত অংশ গ্ৰহণ কৰিছিল আৰু আৰু তাৰ বাবে তেওঁ ডিব্ৰুগড়ত ৪৫ দিন জেলত থাকিবলগীয়া হৈছিল। তেওঁ ১৯৮৯ চনত এ.বি.ই.এফ.ৰ সাংগঠনিক সম্পাদক আছিল। ১৯৯০ চনৰ পৰা ১৯৯৩ চনলৈ সাধাৰণ সম্পাদক, ১৯৯৩ চনৰ পৰা ১৯৯৬ চনলৈ উপ-সভাপতি আৰু ১৯৯৬ চনৰ পৰা ২০০০ চনলৈ তেওঁ বড়ো সাহিত্য সভাৰ সভাপতি আছিল।

তেওঁ বড়ো ভাষা ৰোমান (ইংৰাজী) লিপিৰে লিখা কাৰ্যক তীব্ৰভাবে বিৰোধিতা কৰিছিল। তাৰ ঠাইত দেৱনাগৰী (হিন্দী) লিপিৰ ব্যৱহাৰৰ পোষকতা কৰিছিল। এই বিৰোধিতা কিছুমান নিষিদ্ধ সংগঠন যেনে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক বড়োলেণ্ড বাহিনী (National Democratic Front of Bodoland) আদিয়ে সহজভাবে লব পৰা নাছিল।

অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু বিভিন্ন বড়ো সংগঠনৰ মাজত শান্তি স্থাপন কৰিবলৈ তেওঁ অহোপুৰুষাৰ্থ কৰিছিল।১

মৃত্যু

১৯ আগষ্ট ২০০০ চনত গুৱাহাটীত বিনেশ্বৰ ব্ৰহ্মক ৰাষ্ট্ৰীয় গণতান্ত্ৰিক বড়োলেণ্ড বাহিনীয়ে(NDFB) হত্যা কৰে।১ তেওঁলোকে তেওঁৰ হত্যাৰ দায়িত্ব লয় আৰু বিনেশ্বৰ ব্ৰহ্মক "ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধি" বুলি আৰোপ লগায়।২

২০১০ চনত কোকৰাঝাৰত স্থাপন কৰা অসম চৰকাৰৰ চতুৰ্থ খন অভিযান্ত্ৰিক মহাবিদ্যালয়, বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।

তথ্য সংগ্ৰহ

  • Subungthini Thandwi: Bineshwar Brahma, Eleventh Edition, Subungthini Thandwi Mungkhlong Bineshwar BrahmaTrust Committee, 2011**

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Civil Society Initiatives - SATP
  2. ↑ Bodo group war to turn bloodier Rediff - January 17, 2001

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিকবড়ো জনগোষ্ঠীৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিনেশ্বৰ ব্ৰহ্ম” প্ৰবন্ধৰ সংশোধন ৪২৯১৪৫ (১৯ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।