অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দুৰ্গা বড়ো

দুৰ্গা বড়ো (Durga Boro) হ'ল ১৯৮৭ চনৰ ২৮ জানুৱাৰী তাৰিখে অসমৰ কোকৰাঝাৰত জন্মগ্ৰহণ কৰা এজন ফুটবল খেলুৱৈ। তেওঁ ইণ্ডিয়ান ছুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হৈ ফৰৱাৰ্ড স্থানত খেলে। ইয়াৰ উপৰিও তেওঁ আই-লীগত শ্বিলং লাজঙৰ হৈ খেলে।

হালনাগাদ: ২৯ ডিচেম্বৰ ২০২৩ ৩১৭ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

দুৰ্গা বড়ো (Durga Boro) হ'ল ১৯৮৭ চনৰ ২৮ জানুৱাৰী তাৰিখে অসমৰ কোকৰাঝাৰত জন্মগ্ৰহণ কৰা এজন ফুটবল খেলুৱৈ। তেওঁ ইণ্ডিয়ান ছুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হৈ ফৰৱাৰ্ড স্থানত খেলে। ইয়াৰ উপৰিও তেওঁ আই-লীগত শ্বিলং লাজঙৰ হৈ খেলে।

জন্ম আৰু বংশ পৰিচয়

কোকৰাঝাৰ চহৰৰপৰা ৬ কিলোমিটাৰ নিলগৰ গেন্দ্ৰাবিল নামৰ এখন সৰু গাঁৱত জন্ম আৰু ডাঙৰ-দীঘল হয়। পিতৃৰ নাম সুন্দৰছিং বড়ো আৰু মাতৃৰ নাম ফুলশ্ৰী বড়ো। দুৰ্গাৰ লগতে ঘৰখনৰ আটাইকেইটা সন্তানেই সৰুৰেপৰা খেল-ধেমালিৰ প্ৰতি আগ্ৰহী আছিল। তেওঁৰ জ্যেষ্ঠ ভাতৃ ৰাজেন্দ্ৰ বড়োৱে তিনিবাৰকৈ সুব্ৰত কাপ খেলাৰ লগতে ভগ্নী প্ৰতিমা বড়োৱেও ৰাষ্ট্ৰীয় পৰ্যায়ত আৰ্চাৰীত যথেষ্ট সুনাম অৰ্জন কৰিছে। কনিষ্ঠ ভাতৃ কপিল বড়োৱে গোৱা ফুটবল একাডেমীত ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।১

ক্ৰীড়াজীৱন

সৰু অৱস্থাতেই তেওঁ ফুটবল খেলা আৰম্ভ কৰে, কিন্তু তেওঁৰ প্ৰথম ডাঙৰ প্ৰতিযোগিতাখন আছিল ১৯৯৯ চনৰ সুব্ৰত কাপ, য'ত তেওঁ ১৪-অনূৰ্ধ্ব শাখাত কোকৰাঝাৰ HNMP স্কুলৰ হৈ অংশগ্ৰহণ কৰে।২ তেওঁ অসমৰ হৈ ১৪-অনূৰ্ধ্ব আৰু ১৬-অনূৰ্ধ্ব শাখাৰ সুব্ৰত কাপত খেলাৰ উপৰিও ২০০২ আৰু ২০০৩ চনৰ ১৬-অনূৰ্ধ্ব ভাৰতীয় শিবিৰৰো অংশ আছিল।৩

অইল ইণ্ডিয়া

২০০৪ চনত, দুৰ্গা বড়োৱে দুলীয়াজানস্থিত অইল ইণ্ডিয়া এফ চিৰ সৈতে চুক্তিবদ্ধ হয় আৰু দলৰ হৈ আই-লীগ দ্বিতীয় ডিভিজনত অংশগ্ৰহণ কৰে। অইল ইণ্ডিয়াৰ হৈ তেখেতে অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগতো অংশগ্ৰহণ কৰিছে।

চাৰ্চিল ব্ৰাডাৰ্ছ

দুৰ্গা বড়োৱে ২০০৯-১০ বৰ্ষত চাৰ্চিল ব্ৰাডাৰ্ছৰ হৈ আই-লীগত আত্মপ্ৰকাশ কৰে।

মুম্বাই টাইগাৰ্ছ

২০১২ চনৰ জুলাইত দুৰ্গা বড়ো মুম্বাইৰ নৱগঠিত ফুটবল ক্লাব মুম্বাই টাইগাৰ্ছ এফ চিৰ (প্ৰশিক্ষক- বিমল ঘোষ) লগত চুক্তিবদ্ধ হয়। ২০১৩ চনৰ ২৪ এপ্ৰিল তাৰিখে আই-লীগৰ দ্বিতীয় ডিভিজনৰ অন্তিম ৰাউণ্ডত লাংচনিং এফ চিৰ বিৰুদ্ধে টাইগাৰ্ছ ১-৩ ব্যৱধানত পৰাস্ত হয়, য'ত টাইগাৰ্ছৰ হৈ একমাত্ৰ গ'লটো আছিল দুৰ্গা বড়োৰ। ২৭ এপ্ৰিলত অন্তিমখন খেলত তেওঁ ভৱানীপুৰ এফ চিৰ বিৰুদ্ধে ইনজুৰী-টাইমত গ'ল দিয়ে আৰু টাইগাৰ্ছ ৩-৫ ব্যৱধানত পৰাস্ত হয়।৪

শ্বিলং লাজং

২০১৪ চনত মুম্বাই টাইগাৰ্ছ এফ চি বন্ধ হয় আৰু সেই বছৰৰ ৬ ফেব্ৰুৱাৰী তাৰিখে শ্বিলং লাজঙে মুম্বাই টাইগাৰ্ছৰপৰা ঋণ হিচাপে দুৰ্গা বড়োৰ লগত চুক্তিবদ্ধ হয়।৫

নৰ্থ ইষ্ট ইউনাইটেড

ইণ্ডিয়ান ছুপাৰ লীগৰ গুৱাহাটী ফ্ৰেন্সাইজি নৰ্থ ইষ্ট ইউনাইটেড দলে লীগৰ প্ৰাৰম্ভিক বৰ্ষৰ (২০১৪) বাবে বড়োৰ লগত চুক্তিবদ্ধ হয়। এই বৰ্ষৰ ২৭ নৱেম্বৰ তাৰিখে চেন্নায়ন দলৰ বিৰুদ্ধে খেলৰ ১০ মিনিটত তেওঁ এই লীগত নিজৰ প্ৰথমটো গ'ল দিয়ে।৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ জনসাধাৰণ, ১৫ অক্টোবৰ
  2. ↑ Durga to play for Churchill Brothers. Telegraph India
  3. ↑ আৰ্কাইভ কপি
  4. ↑ www.kolkatafootball.com/ileague_2nd_2013/index.h
  5. ↑ Chaudhari, Arunava. Shillong Lajong FC sign Striker Durga Boro
  6. ↑ (২৮ নৱেম্বৰ ২০১৪). ISL: NEUFC stuns Chennaiyin FC. The Hindu

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিবড়ো জনগোষ্ঠীৰ ব্যক্তিঅসমীয়া ক্ৰীড়াবিদঅসমৰ ফুটবল খেলুৱৈনৰ্থ ইষ্ট ইউনাইটেড এফ চিভাৰতৰ ফুটবল খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুৰ্গা বড়ো” প্ৰবন্ধৰ সংশোধন ৩৯৯৪৯০ (২৯ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।