অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কামেশ্বৰ ব্ৰহ্ম

ড॰ কামেশ্বৰ ব্ৰহ্ম (জন্ম: ১ ছেপ্টেম্বৰ ১৯৪০) এগৰাকী ভাৰতীয় সাহিত্যিক তথা শিক্ষাবিদ। তেওঁ ২০০৮ চনৰ পৰা ২০১৭ চনলৈ বড়ো সাহিত্য সভাৰ সভাপতি আছিল। তেওঁ অসমৰ গোঁসাইগাঁও মহাবিদ্যালয়ৰ প্ৰাপ্তন অধ্যক্ষ আছিল। ১৯৪০ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে অসমৰ কোকৰাঝাৰ জিলাৰ ভুমুকা গাঁৱত তেওঁৰ জন্ম হৈছিল।

হালনাগাদ: ২৫ ছেপ্তেম্বৰ ২০২৫ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ড॰ কামেশ্বৰ ব্ৰহ্ম (জন্ম: ১ ছেপ্টেম্বৰ ১৯৪০) এগৰাকী ভাৰতীয় সাহিত্যিক তথা শিক্ষাবিদ। তেওঁ ২০০৮ চনৰ পৰা ২০১৭ চনলৈ বড়ো সাহিত্য সভাৰ সভাপতি আছিল।১ তেওঁ অসমৰ গোঁসাইগাঁও মহাবিদ্যালয়ৰ প্ৰাপ্তন অধ্যক্ষ আছিল।২ ১৯৪০ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে অসমৰ কোকৰাঝাৰ জিলাৰ ভুমুকা গাঁৱত তেওঁৰ জন্ম হৈছিল। তেওঁ নিজৰ লিখনি আৰু কাম-কাজৰ জৰিয়তে বড়ো ভাষাৰ উন্নয়নৰ বাবে অৰিহণা আগবঢ়াইছিল।৩ তেওঁ অসম সাহিত্য সভাৰ লগতো জড়িত আছিল।৪ তেওঁ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ বিভিন্ন সামাজিক কাম-কাজৰ লগত জড়িত হৈ আছে।৫ ২০১৬ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষা জগতত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৬ পদ্মশ্ৰী লাভ কৰা তেওঁ দ্বিতীয় গৰাকী বড়ো ব্যক্তি।৩ বিখ্যাত বড়ো সাহিত্যিক তথা বড়ো সাহিত্য সভাৰ প্ৰাপ্তন সভাপতি বিনেশ্বৰ ব্ৰহ্ম তেওঁৰ কনিষ্ঠ ভাতৃ।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ (2016). Foundation stone of Bodo department in DU laid. Sentinel
  2. ↑ (2016). Padmashree Awardee Felicitated. Gossaigaon College
  3. ↑ (12 April 2016). President of Bodo Sahitya Sabha receives Padma Shri award. Voice of Greater Assam
  4. ↑ (2016). 4 from State get Padma Shree. The Assam Tribune
  5. ↑ (2016). Tribute paid to over 1600 Bodoland Martyr’s on the 11th Bodoland Day. Eastern Panorama
  6. ↑ (2016). Padma Awards. Ministry of Home Affairs, Government of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিবড়ো জনগোষ্ঠীৰ ব্যক্তিপদ্মশ্ৰী বঁটা বিজয়ীভাৰতীয় সাহিত্যিকভাৰতীয় শিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কামেশ্বৰ ব্ৰহ্ম” প্ৰবন্ধৰ সংশোধন ৫৪০২২৯ (২৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।