উপেন্দ্ৰনাথ ব্ৰহ্ম (उपेन्द्रनाथ ब्रह्मा) (''জ. ৩১ মাৰ্চ, ১৯৫৭ ১- মৃ. ১ মে, ১৯৯০১)আলোচনা পৃষ্ঠা চাওক এজন বড়ো জনগোষ্ঠী ছাত্ৰনেতা আৰু ৰাজনৈতিক নেতা। সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিল।২ বড়োসকলৰ ৰাজনৈতিক আৰু সামাজিক উন্নতিৰ বাবে কাম কৰা উপেন্দ্ৰনাথ ব্ৰহ্মক সন্মানেৰে 'বড়োফা' (বড়োসকলৰ পিতৃ) বুলি আখ্যা দিয়া হৈছে।১
জন্ম
উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম হৈছিল কোকৰাঝাৰ জিলাৰ দতমাৰ বৰাগাৰি গাঁৱত। পিতৃৰ নাম মংলাৰাম ব্ৰহ্ম আৰু মাতৃ লেফাশ্ৰী ব্ৰহ্ম। পাঁচটা ল'ৰা-ছোৱালীৰ মাজত তেখেত আছিল সৰ্বকনিষ্ঠ আৰু ঘৰত তেখেতক থপেন বুলি মতা হৈছিল।
শিক্ষা
প্ৰথমে দতমা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি পাছত তেখেতে শক্তি আশ্ৰম হাই এণ্ড ভ'কেছনেল বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা দিয়ে।
কটন বিশ্ববিদ্যালয়ৰ পৰা ১৯৮১ চনত বি.এছ.চি পাছ কৰে। ইয়াৰ পাছতে তেখেতে 'গোঁসাইনিচিনা'ৰ 'নেহৰু ভ'কেছনেল হাইস্কুল'ত বিজ্ঞান বিষয়ৰ শিক্ষক হিচাপে যোগ দিয়ে আৰু একেসময়তে কোকৰাঝাৰ কলেজত বি.এ. ডিগ্ৰীৰ বাবে পঢ়িবলৈ লয়। ১৯৮৫ চনত বি.এ. ডিগ্ৰী লাভ কৰাৰ উপৰিও ১৯৮৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম.এছ.চি. পাছ কৰে। ১৯৮৬ চনত আয়কৰ বিভাগৰ চাকৰিত যোগ দিয়ে।
১৯৭৮-৭৯ চনৰপৰাই সক্ৰিয় ৰাজনৈতিক কাৰ্যত জড়িত উপেন্দ্ৰনাথ ব্ৰহ্ম ১৯৮৬ চনত 'সদৌ বড়ো ছাত্ৰ সন্থা'ৰ সভাপতি নিৰ্বাচিত হয় আৰু মৃত্যু হোৱাৰ আগলৈকে তেখেত এই পদতে অধিষ্ঠিত আছিল। পৃথক বড়ো ৰাজ্য দাবী আৰু আন্দোলনৰ নেতৃত্ব দিছিল।২
মৃত্যু
বড়ো আন্দোলনৰ সমাধানৰ বাবে হোৱা ত্ৰিপাক্ষিক আলোচনা কালত উপেন্দ্ৰনাথ ব্ৰহ্ম কৰ্কট ৰোগৰ বাবে ভেলোৰৰ চি.এম.চি. চিকিৎসালয়ত ভৰ্তি হয়। চিকিৎসালয়ৰপৰাই তেখেতে দ্বিতীয় আৰু তৃতীয় বৈঠকত যোগ দিয়ে। তেখেতৰ চিকিৎসাৰ খৰচ অসম চৰকাৰে বহন কৰিবলৈ বিচাৰিছিল যদিও তেখেতে অস্বীকাৰ কৰে। ১৯৯০ চনৰ ১ মে’ তাৰিখে তেজৰ কৰ্কট ৰোগতে এখেতৰ মৃত্যু হয়।১
উপেন্দ্ৰনাথ ব্ৰহ্ম ধৰ্মসূত্ৰে হিন্দু আছিল যদিও তেখেতে নিজৰ মৃতদেহ কবৰ দিয়াটোহে বাঞ্ছা কৰিছিল। তেখেতৰ ইচ্ছাক সন্মান জনাই ডতমা-ত তেখেতক কবৰ দিয়া হয়।১
ৰাজনৈতিক জীৱন
ছাত্ৰ জীৱনতে ৰাজনীতিৰ লগত জড়িত হোৱা উপেন্দ্ৰনাথ ব্ৰহ্ম ১৯৭৮-৭৯ চনত গোৱালপাৰা জিলাৰ বড়ো ছাত্ৰ সন্থাৰ সভাপতি নিৰ্বাচিত হয়। ১৯৮৩-৮৪ চনত সদৌ বড়ো ছাত্ৰ সন্থাৰ (ABSU) উপ-সভাপতি নিৰ্বাচিত হয় আৰু ১৯৮৮ চনত বাশবাৰীত পালন কৰা সদৌ বড়ো ছাত্ৰ সন্থাৰ বিংশতিতম অধিবেশনত সভাপতি পদলৈ নিৰ্বাচিত হয়।১
অসমৰ সামগ্ৰিক ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক প্ৰেক্ষাপটত বড়ো জনগোষ্ঠী সকলৰ প্ৰতিনিধিৰ অনুপস্থিতিৰ ওপৰত উপেন্দ্ৰনাথ ব্ৰহ্মই নিজৰ ভাষণত উল্লেখ কৰিছিল। এই অৱস্থাৰ উন্নতিৰ বাবে ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰে 'বড়োলেণ্ড' গঠনৰ দাবী তুলি আন্দোলন গঢ়ি তুলিছিল। বড়ো আন্দোলন ১৯৮৭ চনৰপৰা আৰম্ভ হৈছিল আৰু ১৯৮৮-৮৯ চনত এই আন্দোলন তীব্ৰ হৈ উঠে।১
১৯৮৯ চনত বড়ো আন্দোলনৰ সমাধানৰ বাবে কেন্দ্ৰীয়, ৰাজ্য চৰকাৰ আৰু 'সদৌ বড়ো ছাত্ৰ সন্থা'ৰ মাজত ত্ৰিপাক্ষিক আলোচনাৰ আৰম্ভণি হয়। এনে সময়তে উপেন্দ্ৰনাথ ব্ৰহ্ম ৰোগ চিকিৎসাৰ বাবে ভেলোৰৰ চি.এম.চি হস্পিটালত ভৰ্তি হয়। চিকিৎসা চলি থকা অৱস্থাতে তেখেতে দ্বিতীয় আৰু তৃত্বীয় আলোচনাত ভাগ লয়। উপেন্দ্ৰনাথ ব্ৰহ্মই পঞ্চম আলোচনাতো ভাগ লৈছিল। চিকিৎসা চলি থকা কালতো উপেন্দ্ৰনাথ ব্ৰহ্মই হস্পিটালৰপৰাই বড়ো আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল। ১
সন্মান
১৯৯০ চনৰ ৮ মে’ তাৰিখে তেখেতক আনুষ্ঠানিকভাৱে বড়োফা (বড়োসকলৰ পিতৃ) সন্মানেৰে বিভূষিত কৰা হয়। তেখেতৰ মৃত্যু দিৱসক বড়োফা দিৱস হিচাপে পালন কৰা হয়।১ তেখেতক কবৰ দিয়া স্থানত 'উপেন্দ্ৰনাথ ব্ৰহ্ম উদ্যান' গঢ়ি তোলা হৈছে। দহ বছৰীয়া মৃত্যুবাৰ্ষিকীত কোকৰাঝাৰত ২১ ফুট (৬.৪ মি.) ওখ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি এটা স্থাপন কৰা হয়।
অসম চৰকাৰে ২০২৩ চনৰ ২৭ মাৰ্চত তেখেতৰ প্ৰতি সন্মান জনাই তেখেতৰ জন্ম তিথি ৩১ মাৰ্চত ৰাজ্যিক পৰ্যায়ত 'ছাত্ৰ দিৱস' হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লয়। ৩
উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা
উপেন্দ্ৰনাথ ব্ৰহ্ম ন্যাসে উপেন্দ্ৰনাথ ব্ৰহ্মৰ সোঁৱৰণত উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা (Upendra Nath Brahma Soldier of Humanity Award) বঁটা প্ৰণয়ন কৰে। ২০০৩ চনৰপৰা এই বঁটা প্ৰদান কৰা হৈ আহিছে।৪
তথ্যসূত্ৰ
- ↑ Monjib Mochahari, Bodofa Upendra Nath Brahma, the Great visionary leader of Bodos!, Assam Times, 11 October, 2008; আহৰণ কৰা তাৰিখ: ১২-০৪-২০১২
- ↑ শিৱনাথ বৰ্মন, অসমীয়া জীৱনী অভিধান, প্ৰথম প্ৰকাশ (১৯৯২), চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাইভেট লিমিটেড, পৃ: ৩৩
- ↑ MALAKAR, HIROK JYOTI. (27 March, 2023). Student Divas: ৩১ মাৰ্চত 'ছাত্ৰ দিৱস', চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব ৫২ হাজাৰ টেবলেট
- ↑ Soldier of Humanity award for Niketu Iralu The Assam Tribune, 23-rd June, 2011; আহৰণ কৰা তাৰিখ: ১২-০৪-২০১২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উপেন্দ্ৰনাথ ব্ৰহ্ম” প্ৰবন্ধৰ সংশোধন ৫০৮২৮১ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।