অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কনকেশ্বৰ নাৰ্জাৰী

কনকেশ্বৰ নাৰ্জাৰী (২ জানুৱাৰী ১৯৪৩ – ১২ অক্টোৱৰ ২০০৩) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু সদৌ বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক।

হালনাগাদ: ২৭ জুলাই ২০২৫ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কনকেশ্বৰ নাৰ্জাৰী (২ জানুৱাৰী ১৯৪৩ – ১২ অক্টোৱৰ ২০০৩) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু সদৌ বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক।

জন্ম

১৯৪৩ চনৰ ২ জানুৱাৰীত অসমৰ কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি থানাৰ অন্তৰ্গত টেঙাইগাঁও (গমৌবিল) নামৰ গাঁৱত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃৰ নাম নাৰায়ণ নাৰ্জাৰী আৰু মাতৃ দুইছলুং নাৰ্জাৰী আছিল। ২০০৩ চনৰ ১২ অক্টোবৰত কলিকতাৰ এখন ব্যক্তিগত নাৰ্চিংহোমত মৃত্যু হয়।১

প্ৰাথমিক শিক্ষা

তেওঁৰ প্ৰাৰম্ভিক শিক্ষা গোসাঁইনিচিনা গাঁৱৰ পৰা আৰম্ভ হৈছিল। তাত এম. ভি. স্কুল চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত সাপটগ্ৰাম এমালগেমেটেড একাডেমী পৰা ১৯৬৪ চনত মেট্ৰিক পৰীক্ষা আৰু ১৯৬৫ চনত পি.ইউ. পৰীক্ষাত উত্তীৰ্ণ হয়।

ছাত্ৰনেতা আৰু ৰাজনৈতিক জীৱন

স্কুলীয়া দিনৰে পৰা কনকেশ্বৰ নাৰ্জাৰী ছাত্ৰ সংগঠনৰ সক্ৰিয় সদস্য আছিল। তেওঁ ১৯৬৭ চনত এবছু গঠনৰ বাবে বিভিন্ন সভাত জড়িত হৈ পৰে। ২একে বছৰতে সদৌ বড়ো ছাত্ৰ সন্থা আনুষ্ঠানিকভাৱে গঠন হয় আৰু তেওঁ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পিছত তেওঁ অসমৰ ইয়ং প্লেইনছ ট্ৰাইবেল কাউন্সিলৰ আহ্বায়ক হয়। তেওঁ অসমৰ প্ৰগতিশীল সমভূমি জনজাতি পৰিষদৰ আহ্বায়ক হয়। তেওঁ পিছতলৈ ইউনাইটেড ট্ৰাইবেল নেচনেলিষ্ট লিবাৰেচন ফ্ৰণ্টৰ আহ্বায়ক হয়। ১৯৯৬ চনৰ ১৯ জুনত বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী হয়। ১৯৯৯ চনৰ ১৮ মাৰ্চত তেওঁক গ্ল’বেল ইকনমিক কাউন্সিলৰ দ্বাৰা জৱাহৰলাল নেহৰু লাইফ টাইম এচিভমেণ্ট বঁটা প্ৰদান কৰা হয়। তেওঁ মৃত্যুৰ সময়লৈকে ইউ. বি. এন. এল. এফ.ৰ অধ্যক্ষ আছিল। ৩৪

তথ্যসূত্ৰ

  1. ↑ (12 October 2014). Homage to Kanakeswar Narzary. Assam Times
  2. ↑ Absu celebrates foundation day | Guwahati News - Times of India. The Times of India
  3. ↑ Daimary, Bijoy Kr (2005) Ethnicity autonomy and sub_nationalism a study of Boro movement in Northeast India
  4. ↑ (24 October 2018). Sanswrang Sports Club Win Kanakwsar Narzary Memorial Trophy

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কনকেশ্বৰ নাৰ্জাৰী” প্ৰবন্ধৰ সংশোধন ৫২৮১০২ (২৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।