অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

বড়ো চুক্তি ২০২০

ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো জনগোষ্ঠীৰ নেতৃবৰ্গৰ মাজত ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে ঐতিহাসিক ত্ৰিপাক্ষিক বড়ো চুক্তি স্বাক্ষৰিত হয়। ভাৰত চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসম চৰকাৰৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ স্বাস্থ্য তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব…

হালনাগাদ: ২১ জুন ২০২৫ ৬৫৭ শব্দ · ৪ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো জনগোষ্ঠীৰ নেতৃবৰ্গৰ মাজত ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে ঐতিহাসিক ত্ৰিপাক্ষিক বড়ো চুক্তি স্বাক্ষৰিত হয়।১ ভাৰত চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসম চৰকাৰৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ স্বাস্থ্য তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। আনপিনে বড়ো নেতৃবৰ্গৰ ভিতৰত নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড চমুকৈ এনডিএফবিৰ গোবিন্দ বসুমতাৰী, ধীৰেন্দ্ৰ বড়ো, ৰঞ্জন দৈমাৰী, বি চাওৰাইগোৰা, অল বড়ো ষ্টুডেণ্ট ইউনিয়ন চমুকৈ এবচুৰ প্ৰমোদ বড়ো, বিটিচিৰ মুখ্য কাৰ্য্যবাহী বিষয়া হাগ্ৰামা মহিলাৰী আৰু ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেচন বা চমুকৈ ইউবিপিঅ'ৰ প্ৰতিনিধিয়ে চুক্তি ৰূপায়ণত অংশ লয়।২ এই চুক্তিখনৰ পিছত কেইবাদশকো চলি অহা সশস্ত্ৰ বড়ো সংগ্ৰামখনৰ সামৰণি পৰিব বুলি আশা কৰা হৈছে কিয়নো চুক্তিখন স্বাক্ষৰিত হোৱাৰ তিনিদিন পিছতেই এনডিএফবিৰ ১, ৬১৫ জন সংগ্ৰামীয়ে ৩০ জানুৱাৰী, ২০২০-ৰ দিনা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে আত্মসমৰ্পণ কৰে।৩

এই চুক্তিখন হৈছে বড়ো আৰু চৰকাৰৰ মাজত সম্পন্ন হোৱা তৃতীয়খন চুক্তি। ইয়াৰ পূৰ্বে ১৯৯৩ চনত আৰু ২০০৩ চনত বড়ো চুক্তি স্বাক্ষৰিত হৈছিল। ১৯৯৩ চনৰ চুক্তিখনৰ দ্বাৰা বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদ গঠন হৈছিল আৰু ২০০৩ চনৰ চুক্তিখনৰ জৰিয়তে অসমৰ চাৰিখন জিলা সামৰি বড়োলেণ্ড গঠন হৈছিল।৪৫

চুক্তিৰ খচৰাখন

  • বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টৰ নাম সলাই বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন বা চমুকৈ বিটিআৰ ৰখা হয়।
  • বিটিএডিৰ সীমাৰেখাত বাস কৰা আৰু অধিকাংশ জনজাতীয় লোকে বাস কৰা গাঁওসমূহ

অন্তৰ্ভুক্তিৰ বিষয়ে বিবেচনা কৰিবলৈ এখন আয়োগ গঠন কৰা হ’ব।

  • সেই একেখন আয়োগেই বিটিএডিৰ সীমাৰেখাত থকা অধিকাংশ অজনজাতীয় লোকৰ বসতি থকা গাঁওসমূহ বিটিচিত অন্তৰ্ভূক্তি সম্পৰ্কে চিন্তা-চৰ্চা কৰিব।
  • আয়োগখনে লগতে বিটিচিৰ সমষ্টি ৪০টাৰ পৰা ৬০টালৈ বৃদ্ধি কৰাৰ বিষয়ে বিবেচনা কৰিব।
  • নব্বৈ দিনৰ ভিতৰত বিটিচিক অধিক ন্যায়িক, কাৰ্য্যবাহিক আৰু প্ৰশাসনিক ক্ষমতা প্ৰদানৰ কাম আৰম্ভ হ’ব।
  • বিটিএডিৰ বাহিৰত বসবাস কৰা বড়োলোকৰ বাবে বড়ো-কছাৰী কল্যাণ পৰিষদ গঠন কৰা হ’ব।২

জিলাৰ পুনৰ্গঠন

চুক্তিৰ খচৰাখনৰ মতে অসমৰ নিন্মোক্ত জিলাসমূহ পুনৰ্গঠন কৰি বড়োলেণ্ডৰ অন্তৰ্ভূক্ত কৰা হ’ব:

গতিকে প্ৰস্তাৱিত বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়নত সৰ্বমুঠ জিলা হ’ব ৯ খন।৬

বিত্ত আৰু ধনৰ উৎস

  • বিত্তসম্পৰ্কীয় গোটেই কাম-কাজসমূহত বিটিআৰৰ চৰকাৰখনৰ সম্পূৰ্ণ হাত থাকিব।
  • কেন্দ্ৰীয় চৰকাৰৰ পৰা বিভিন্ন আঁচনিৰ জৰিয়তে ধন লাভ কৰিব।
  • কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা প্ৰত্যক্ষ ধনৰ সুবিধা লাভ কৰিবলৈ বিটিআৰক উত্তৰ পূৰ্বাঞ্চল পৰিষদ(North East Council)ৰ সুকীয়া সদস্য হিচাপে ঘোষণা কৰিবলৈ চৰকাৰে যাৱতীয় ব্যৱস্থা হাতত ল’ব।
  • নীতি আয়োগৰ আঁচনিৰ জৰিয়তেও ধনৰ যোগান ধৰা হ’ব।

ভাষা, পৰিচয় আদি

শিক্ষা

  • শিক্ষাৰ অধিকাৰ আইন, ২০০৯ৰ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে অৰ্থসাহায্য প্ৰদান কৰিব।
  • উচ্চ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্য্যায়লৈ সকলো শিক্ষানুষ্ঠান আধুনিকীকৰণৰ বাবে বিশেষ ৰাশি প্ৰদান কৰা হ’ব।
  • বড়ো মাধ্যমৰ বিদ্যালয়ৰ বাবে পৃথক সঞ্চালক গঠন কৰা হ’ব।
  • কেন্দ্ৰীয় চৰকাৰৰ অৰ্থসাহায্যৰে জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ প্ৰতি বিশেষ ব্যৱস্থাৰে ভৈৰৱকুণ্ড আৰু ওদালগুৰিত ৰাজা মহিৰঙ্গ ৰাষ্ট্ৰীয় জনজাতীয় বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব।
  • মানৱ সম্পদ উন্নয়ন দপ্তৰৰ দ্বাৰা এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব।
  • প্ৰতিটো ডেভেলপমেণ্ট ব্লকত বড়ো মাধ্যমৰ আবাসিক আদৰ্শ বিদ্যালয় স্থাপন কৰা হ’ব। আৰু এই বিদ্যালয়ৰ পাঠ্যক্ৰমসমূহ চিবিএছই/আইচিএইৰ দ্বাৰা অনুমোদিত হ’ব।

ভূমিৰ অধিকাৰ

  • বড়োলেণ্ডৰ ভূমিনীতিৰ বাবে অসম চৰকাৰৰ অসম ভূমি ৰাজহ আৰু নিয়মাৱলী আইন, ১৮৮৬ (১৯৪৭ত সংশোধিত)-খন প্ৰযোজ্য হব।
  • বড়োলেণ্ডৰ ভূমিনীতি নিৰীক্ষণ আৰু জনজাতীয় লোকসকলৰ ভূমিৰ সুৰক্ষা প্ৰদানাৰ্থে তৎকালীনভাৱে এখন ভূমি অধিকাৰ আয়োগ গঠন কৰা হ’ব।
  • সেই আয়োগখন গঠন কৰিবলৈ ভাৰত চৰকাৰে পাঁচকোটি টকা প্ৰদান কৰিব।
  • বড়োলেণ্ডৰ ভূমিনীতিৰ পৰিকাঠামোক সংবিধানৰ নৱম অনুসূচীৰ অন্তৰ্ভূক্ত কৰিবলৈ চৰকাৰে উপযুক্ত ব্যৱস্থা ল’ব।৮৬

চাকৰি আৰু সেৱা

  • প্ৰশাসনিক আৰু আন গ্ৰেড-১/গ্ৰেড-২ পোষ্টৰ নিযুক্তিৰ বাবে প্ৰতিযোগীতামূলক পৰীক্ষাৰ আয়োজন কৰিবলৈ বড়োলেণ্ড লোকসেৱা আয়োগ বা সমপৰ্য্যায়ৰ অনুষ্ঠান গঠন কৰা হ’ব।
  • গ্ৰেড-৩ আৰু গ্ৰেড-৪ পোষ্টসমূহত নিযুক্তিৰ বাবে বিটিচি চৰকাৰৰ হাতত পূৰ্ণ কৰ্তৃত্ব থাকিব।৮

ক্ষমাদান

ভাৰত চৰকাৰে নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ডৰ সদস্যৰ ওপৰত থকা সকলো ধৰণৰ গোচৰ উঠাই ল’ব। তদুপৰি কাৰাগাৰত থকা সংগঠনটোৰ সমৰ্থক বা পৰিয়ালৰ লোকসকলক মুকলি কৰি দিয়া হ’ব।

সহায় আৰু পুনৰ্সংস্থাপন

  • নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ডৰ সদস্যসকলৰ পুনৰ্সংস্থাপনৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা হাতত ল’ব।
  • সদস্যসকলৰ শিক্ষাগত অৰ্হতা অনুসৰি তেওঁলোকক বিভিন্ন পদত নিযুক্তি দিয়া হ’ব।
  • চৰকাৰী চাকৰিত যোগদান কৰিব নোৱাৰাসকলক ১৫লাখ টকাৰ সাহায্য প্ৰদান কৰা হ’ব।
  • সংগ্ৰামৰ সময়ত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়ালক ১০লাখ টকাৰ সাহায্য দিয়া হ’ব।৮

মধ্যস্থতাকাৰী

বড়ো চুক্তিখনৰ সফলতামূলক স্বাক্ষৰৰ আঁৰত দুজন মধ্যস্থতাকাৰীয়ে উল্লেখনীয় অৱদান আগবঢ়াইছিল। তেওঁলোক হৈছে ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ আৰু আৰু থুলুঙ্গা বসুমতাৰী। ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ হৈছে বড়ো ৰজা চিক্ৰা মেচৰ উনবিংশতিতম উত্তৰ পুৰুষ আৰু থুলুঙ্গা বসুমতাৰী হৈছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ স্নাতক। ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ অনুমতি লৈ নতুন দিল্লীৰ পৰা বেংককলৈ যাত্ৰা কৰে। তাৰ পৰা ২০১৯ৰ ৯ডিচেম্বৰৰ দিনা ম্যানমাৰৰ মান্দালয়লৈ যায়। আৰু তাৰ পৰা তিনিঘণ্টাৰ যাত্ৰাৰ অন্তত এনডিএফবি সংবিজিত গোটৰ নেতাসকলক লগ কৰি মূলসুঁতিলৈ উভটি আহিবলৈ মান্তি কৰায়। ইয়াৰ পিছত তেওঁলোকে বড়ো চুক্তিৰ খচৰাখন এনডিএফবি সংবিজিত গোটৰ ফালৰ পৰা ভাৰত চৰকাৰক অৰ্পণ কৰে আৰু চৰকাৰেও মীমাংসা কৰিবলৈ মান্তি হয়।৯১০

প্ৰতিক্ৰিয়াসমূহ

বড়ো চুক্তি ২০২০ খন স্বাক্ষৰিত হোৱাৰ পিছত বিভিন্ন পক্ষৰ পৰা প্ৰক্ৰিয়া অহা দেখা যায়।

পৰেশ বৰুৱাৰ পৰা

আলফা (স্বাধীন)-ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই এই চুক্তিখন বড়োসকলৰ হিতকাৰী বুলি উল্লেখ কৰি কয় যে চুক্তিখনে বড়োসকলৰ ভাষিক, সাংস্কৃতিক, ঐতিহাসিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিব। লগতে তেওঁ কয় যে এই চুক্তিখনে অসমখনক কোনোধৰণে বিভাজিত কৰা নাই।১১

নৱ শৰণীয়াৰ পৰা

কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ শৰণীয়াই বড়োলেণ্ডৰ ভিতৰৰ অবড়ো লোকসকলৰ অধিকাৰৰ হৈ চিন্তিত হৈ পৰা বুলি মত প্ৰকাশ কৰে।১২ লগতে তেওঁ এই চুক্তিখনে যাতে অসমখন বিভাজনৰ দিশে আগবঢ়াই লৈ নাযায় সেই বিষয়েও স্পষ্টীকৰণ বিচাৰে আৰু বড়োলেণ্ডত অসমীয়া ভাষাৰ স্থান অৱনমিত কৰা নহব বুলি দাবী জনায়।১৩ আকৌ NDTVৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত তেওঁ এই চুক্তিখন বৈষম্যমূলক তথা ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলিও ব্যক্ত কৰে।১৪

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰা

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কোনো আদিবাসী গাওঁ বিটিআৰৰ অন্তৰ্ভূক্ত নকৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।১৫ বিটিআৰ গঠনে আদিবাসীসকলৰ ভূমি আৰু ৰাজনৈতিক অধিকাৰ ধ্বংস কৰিব বুলি দাবী কৰি ইয়াৰ বিৰুদ্ধে আন্দোলন চলাই যোৱাৰ কথা ঘোষণা কৰে।১৬

নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ

বড়ো চুক্তি ২০২০ স্বাক্ষৰিত হোৱাৰ কিছুদিন পিছত ৭ ফেব্ৰুৱাৰী ২০২০-ত কোকৰাঝাৰত অনুষ্ঠিত হোৱা আনন্দ সমাৰোহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাগ লয়। তেওঁ নিজৰ ভাষণত বড়োসকলৰ শান্তিৰ হকে আগবঢ়োৱা এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে।১৭

তথ্যসূত্ৰ

  1. ↑ (January 27, 2020). bodo peace accord. india today
  2. ↑ (27-January-2020). Historic Comprehensive Bodo Settlement Agreement
  3. ↑ (30january, 2020). 1, 615 NDFB cadres lay down arms at surrender ceremony in Guwahati, deposit 178 weapons. india today
  4. ↑ (Feb 10, 2003). Memorandum of Settlement on Bodoland Territorial Council (BTC)
  5. ↑ (Jan 28, 2020). Centre signs Bodo Peace Accord, the third since 1993 in bid to bring peace to Assam: All you need to know about the agreement
  6. ↑ Ananta Ram Bharati. (January 28, 2020). What is Bodo Peace Accord? Read the full text of Draft Bodo Treaty
  7. ↑ (28january, 2020). MEMORANDUM OF SETTLEMENT
  8. ↑ (25 january, 2020). Full Text of ‘Draft Bodo Treaty”. Pratidin
  9. ↑ MANASH PRATIM DUTTA. (Jan 29, 2020). Young peace mediators pave way for united Assam
  10. ↑ Prabin Kalita. (30 Jan, 2020). How a prince, IIT grad helped govt seal Bodo peace accord
  11. ↑ Biju Kumar Deka. (27 january, 2020). 'Will Live in Unity in Our Land': ULFA-I Chief Paresh Baruah Welcomes Bodo Agreement
  12. ↑ Pranjal Baruah. (29.01.2020). MP worry on rights of non-Bodos
  13. ↑ (January 26, 2020). Bodo accord should not create turmoil: Kokrajhar MP Naba Sarania
  14. ↑ Non-Bodos Call The Fresh Bodoland Accord "Discriminatory". NDTV
  15. ↑ (February 3, 2020). No Adivasi village can be included in BTR: AASAA tells PM. The Hills Time
  16. ↑ (January 29, 2020). AASAA threatens massive protest against Bodoland Territorial Region move. The Sentinel
  17. ↑ (07-February-2020). Prime Minister attends celebrations on signing of Bodo Peace Accord at Kokrajhar in Assam

সম্পৰ্কিত শ্ৰেণী

চুক্তিস্বাধীনোত্তৰ অসমবড়ো জনগোষ্ঠী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বড়ো চুক্তি ২০২০” প্ৰবন্ধৰ সংশোধন ৫১৯৮৫২ (২১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।