বিশ্বজিৎ দৈমাৰী এজন ভাৰতীয় ৰাজনীতিবিদ। ১৯৭১ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে তেওঁ জন্ম লাভ কৰে। তেওঁ ২০২১ চনৰ পৰা অসম বিধানসভা অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ১২২০২১ চনত অসম বিধানসভাত নিৰ্বাচনত পানেৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি বিপুল ভোটত জয়লাভ কৰে। তেওঁ ২০২১ চনৰ পৰা বৰ্তমানলৈ ভাৰতীয় জনতা পাৰ্টী ৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০০৮ চনৰ পৰা ২০২০ চনলৈ বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ সদস্য হিচাপে ৰাজ্যসভাৰ সংসদ আছিল। তেওঁ প্ৰথমবাৰৰ বাবে ২০০১ চনৰ পৰা ২০০৬ চনলৈ অসম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ২০১৪ চনৰ পৰা ২০২০ চনলৈ দ্বিতীয় কাৰ্যকালৰ বাবে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট দলৰ পৰা সাংসদ আৰু ২০২১ চনত আকৌ কিছু দিনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ পৰা ৰাজ্যসভা সংসদ হিচাপে নিৰ্বাচিত হয়।৩ ২০২০ চনৰ নৱেম্বৰ মাহত বডোলেণ্ড ক্ষেত্ৰীয় পৰিষদ নিৰ্বাচনৰ পূৰ্বে দৈমাৰীয়ে বিপিএফ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টী দলত যোগদান কৰে।৪৫৬
ব্যক্তিগত জীৱন
তেওঁ অসমৰ বাক্সা জিলাৰ সুৱাগপুৰ নামৰ গাঁৱৰ সুৰেন্দ্ৰ দৈমাৰী আৰু ফেদাব দৈমাৰীৰ পৰিয়ালত দৈমাৰীৰ জন্ম হৈছিল। তেওঁ কোকৰাঝাৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰে। ১৯৯৯ চনৰ ৪ ডিচেম্বৰত তেওঁ মিনা ব্ৰহ্ম দৈমাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৭
অধিষ্ঠিত পদসমূহ
দৈমাৰীৰ ৰাজনৈতিক পদ:-৭
- ২০০১–২০০৬ – অসম বিধানসভাৰ সদস্য।
- ২০০৬–২০০৮ – অধ্যক্ষ, অসম এপেক্স ৱেভাৰছ এণ্ড আৰ্টিচনছ কো-অপাৰেটিভ ফেডাৰেচন লিমিটেড, অসম চৰকাৰ।
- ২০০৮ চনৰ এপ্ৰিলৰ পৰা ২০২১ নৱেম্বৰলৈ – ৰাজ্যসভালৈ নিৰ্বাচিত।
- ছেপ্টেম্বৰ ২০১০ – সদস্য, অধীনস্থ আইন প্ৰণয়ন সমিতি।
- ২০০৮ চনৰ মে’ৰ পৰা ২০০৯ চনৰ মে’লৈকে – পৰিবহণ, পৰ্যটন, আৰু সংস্কৃতিৰ সমিতিৰ সদস্য।
- ২০০৮ চনৰ মে’ৰ পৰা ২০০৯ চনৰ মে’লৈ – ৰে’ল মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য।
- ২০০৯ চনৰ আগষ্টৰ পৰা বৰ্তমানলৈকে – ৰে’ল মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য।
- ২০০৯ চনৰ আগষ্টৰ পৰা বৰ্তমানলৈকে – ৰাসায়নিক আৰু সাৰ সমিতিৰ সদস্য।
- ২০২১–বৰ্তমান – অসম বিধানসভাৰ সদস্য।
- ২০২১–বৰ্তমান – অসম বিধানসভাৰ অধ্যক্ষ।
তথ্যসূত্ৰ
- ↑ (2021-05-02). Biswajit Daimary's journey from tea stall to Rajya Sabha to Assam Assembly speaker. Times of India
- ↑ (2021-05-02). BJP legislator Biswajit Daimary becomes new Assam Speaker. Economic Times
- ↑ Election Commission of India - Press Release
- ↑ (11 November 2020). Assam MP Biswajit Daimary quits Bodoland People's Front ahead of Council polls. The Hindu
- ↑ (10 November 2020). 'BPF MP, MLA to join BJP month before BTC polls' · Guwahati News - Times of India. The Times of India
- ↑ Singh, Bikash. (23 February 2021). BJP's nominee Biswajit Daimary was elected unopposed to Rajya sabha. The Economic Times
- ↑ Detailed Profile: Shri Biswajit Daimary. Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্বজিৎ দৈমাৰী” প্ৰবন্ধৰ সংশোধন ৬১৮১৭৪ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।