ৰশ্মি নাৰ্জাৰী (Rashmi Narzary) অসমৰ এগৰাকী সাহিত্যিক তথা অনুবাদক। ইংৰাজী ভাষাত ৰচিত শিশু সাহিত্যৰ গ্ৰন্থ 'হিচ স্বেয়াৰ অফ স্কাই'ৰ বাবে তেওঁ পৰিচিত। এই গ্ৰন্থখনৰ বাবে তেওঁ ২০১৬ চনৰ ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা লাভ কৰে।১২
জীৱন
ৰশ্মি নাৰ্জাৰীয়ে শৈশৱৰ কিছুকাল অতিবাহিত কৰিছিল শ্বিলঙৰ কেন্স টেৰেচ অঞ্চলত।১ চাৰি বছৰ বয়সতে তেওঁ তেওঁৰ প্ৰথম কবিতা লিখিছিল।৩ তেওঁ শ্বিলঙৰে পাইন মাউণ্ট বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। পাছলৈ তেওঁ অৰ্থনীতি আৰু মানৱ সম্পদ ব্যৱস্থাপনা বিষয়ত উচ্চশিক্ষা অৰ্জন কৰে। নাৰ্জাৰীয়ে এজন স্বতন্ত্ৰ সম্পাদকৰূপে ইউনিছেফ, অসম চৰকাৰৰ লগতে ব্যক্তিগত প্ৰতিষ্ঠানৰ সৈতে বিভিন্ন প্ৰকল্পত কাম কৰিছে।৪
নাৰ্জাৰীৰ বিবাহ হয় কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁওৰ হেমন্ত নাৰ্জাৰীৰ সৈতে।১ হেমন্ত নাৰ্জাৰী পেচাত এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।৩ বৰ্তমান তেওঁলোক গুৱাহাটীৰ নিবাসী। তেওঁলোকৰ দুটি সন্তান, সন্ধ্যা আৰু জয়ৰাজ, আছে।৩
সাহিত্যকৰ্ম
ৰশ্মি নাৰ্জাৰীয়ে ইংৰাজী ভাষাত মৌলিক লেখাৰ লগতে অসমীয়া ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদো কৰিছে। তেওঁৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ হৈছে 'ৱিংচ্' (২০০৫)।৩ ২০১২ চনত প্ৰকাশ পায় তেওঁৰ শিশু সাহিত্যৰ গ্ৰন্থ 'হিচ স্বেয়াৰ অফ স্কাই'। ২০১৬ চনত নাৰ্জাৰীৰ আন এখন চুটিগল্পৰ সংকলন 'মোজাইক' প্ৰকাশ পায়।৩ ইয়াৰোপৰি তেওঁৰ লেখা দ্য ছেণ্টিনেল, দ্য আছাম ট্ৰিবিউন আৰু আন কাকত-আলোচনীত প্ৰকাশ পাইছে।৫
'হিচ স্বেয়াৰ অফ স্কাই' গ্ৰন্থখন হৈছে কেইবাটাও শিশু উপযোগী পৰস্পৰ সংযোজিত চুটিগল্পৰ সংগ্ৰহ।৩ গ্ৰন্থখনৰ পটভূমি কোকৰাঝাৰ জিলাৰ এখনৰ গাঁৱৰ ১০ বছৰীয়া এটি শিশু, যাৰ নাম বাৰচাও।৬ লেখিকাই উল্লেখ কৰিছে যে এই গ্ৰন্থখনৰ প্ৰেৰণা লাভ কৰিছে তেওঁৰ স্বামী হেমন্ত নাৰ্জাৰী শৈশৱৰ পৰা।৩ এখন বড়ো গাঁৱৰ পটভূমিৰ অকৃত্ৰিমতা বজাই ৰাখিবলৈ লেখিকাই বড়ো ভাষাৰ শব্দও গ্ৰন্থখনত ব্যৱহাৰ কৰিছে।৩ এই গ্ৰন্থখনৰ বাবে তেওঁ ২০১৬ চনৰ ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা লাভ কৰে।২
তেওঁৰ উল্লেখযোগ্য অনুবাদ কৰ্মৰ ভিতৰত আছে ভবেন্দ্ৰ নাথ শইকীয়াৰ 'শৃংখল'কে ধৰি আন কেইবাটাও চুটিগল্পক 'দ্য চেইন এণ্ড আদাৰ ষ্টৰিচ্' (২০১২)৭ নামেৰে কৰা ইংৰাজী অনুবাদ আৰু 'শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট'ৰ 'কাম এণ্ড কুৱাইট, ফেট এণ্ড ৰ’বাষ্ট, ভেৰি মিচচিভিয়াচ্' (২০১২)৮ নামৰ ইংৰাজী অনুবাদ।
গ্ৰন্থপঞ্জী
- ৱিংচ্ (Wings, ২০০৫)
- হিচ স্বেয়াৰ অফ স্কাই (His Share of Sky, ২০১২)
- মোজাইক (Mosaic, ২০১৬)
অনূদিত গ্ৰন্থ
- দ্য চেইন এণ্ড আদাৰ ষ্টৰিচ্ (The Chain and Other Stories, ২০১২, মূল: ভবেন্দ্ৰ নাথ শইকীয়াৰ 'শৃংখল' আৰু অন্য গল্প)
- কাম এণ্ড কুৱাইট, ফেট এণ্ড ৰ’বাষ্ট, ভেৰি মিচচিভিয়াচ্ (Calm and Quiet, Fat and Robust, V-E-R-Y Mischievous!, ২০১২, মূল: ভবেন্দ্ৰ নাথ শইকীয়াৰ 'শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট')
তথ্যসূত্ৰ
- ↑ Barman, Rini. (16 September 2016). Sky’s the limit. Business Line
- ↑ বাল সাহিত্য পুৰস্কাৰ. সাহিত্য অকাডেমি
- ↑ Nath, Arundhati. (5 May 2017). Rashmi Narzary: The carefree world of a Bodo boy. Mint (newspaper)
- ↑ Rashmi Narzary: Profile. Leadstart Publishing Pvt. Ltd.
- ↑ His Share of Sky by Rashmi Narzary, 2012. Google Books
- ↑ FPJ Bureau. (17 June 2012). His Share of Sky. The Free Press Journal
- ↑ THE CHAIN and Other Stories by Bhabendra Nath Saikia. Goodreads
- ↑ CALM AND QUIET, FAT AND ROBUST, V-E-R-Y MISCHIEVOUS! by Bhabendra Nath Saikia. Goodreads
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰশ্মি নাৰ্জাৰী” প্ৰবন্ধৰ সংশোধন ৩০৪২১৬ (২০ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।