অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিথিংগা দৈমাৰী

মিথিংগা দৈমাৰী (ওৰফে দীপক দাস, ওৰফে কবি মেগন কছাৰী) ১৯৯২ চনত পূৰ্বৰ প্ৰচাৰ সম্পাদক সিদ্ধাৰ্থ ফুকনৰ আত্মসমৰ্পণৰ পিছত নিষিদ্ধ সংগঠন আলফাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক আছিল। তেওঁৰ জন্ম হৈছিল অসমৰ নলবাৰী জিলাৰ বৰমা গাঁৱত ১৯৬৭ চনৰ ১৭ মে'ত আৰু জন্ম নাম আছিল দীপক কছাৰী।

হালনাগাদ: ৪ মে’ ২০২৬ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

মিথিংগা দৈমাৰী (ওৰফে দীপক দাস, ওৰফে কবি মেগন কছাৰী) ১৯৯২ চনত পূৰ্বৰ প্ৰচাৰ সম্পাদক সিদ্ধাৰ্থ ফুকনৰ আত্মসমৰ্পণৰ পিছত নিষিদ্ধ সংগঠন সংযুক্ত মুক্তি বাহিনী, অসমৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক আছিল।১২৩ তেওঁৰ জন্ম হৈছিল অসমৰ নলবাৰী জিলাৰ বৰমা গাঁৱত১৪ ১৯৬৭ চনৰ ১৭ মে'ত৪৫ আৰু জন্ম নাম আছিল দীপক কছাৰী।৫

শিক্ষা

দৈমাৰীয়ে ১৯৮৬ চনত গুৱাহাটীৰ ভোলানাথ বৰুৱা মহাবিদ্যালয়ত নামভৰ্তি কৰে। কিন্তু সেই বছৰতে আলফাত যোগদান কৰি আণ্ডাৰগ্ৰাউণ্ডলৈ যোৱাৰ বাবে তেওঁ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিব নোৱাৰিলে। পিছলৈ তেওঁ এই সংগঠনৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক হয়।৪

গ্ৰেপ্তাৰ

২০০৩ চনৰ ডিচেম্বৰ মাহত অপাৰেচন অল ক্লিয়াৰৰ সময়ত ৰয়েল ভূটান আৰ্মীয়ে তেওঁক বন্দী কৰে।১২ ভূটান আৰ্মীয়ে তেওঁক ভাৰতীয় সেনাবাহিনীৰ হাতত গতাই দিয়ে আৰু ২০০৩ চনৰ ২০ ডিচেম্বৰত তেওঁক অসম আৰক্ষীৰ হাতত গতাই দিয়ে।২ ‘‘মই চৰকাৰৰ আগত আত্মসমৰ্পণ নকৰোঁ আৰু শেষলৈকে যুঁজিম,’’ নলবাৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ সম্মুখত হাজিৰ হোৱাৰ সময়ত দৈমাৰীয়ে আত্মপক্ষ সমৰ্থনত এনেদৰে কয়। তেওঁ আৰু কয় যে, ভূটানৰ এই অভিযান একেবাৰে অপ্ৰত্যাশিত আছিল।৬ ভাৰত চৰকাৰ আৰু আলফাৰ মাজত শান্তি আলোচনাৰ বাবে তেওঁ এতিয়া জেলৰ পৰা মুকলি কৰি দিয়া হৈছে।৫ গ্ৰেপ্তাৰৰ পিছত তেওঁৰ উত্তৰাধিকাৰী হৈছিল অপূৰ্ব বৰুৱা।

কবিতা

দৈমাৰীয়ে মেগন কছাৰী ছদ্মনামেৰে কবিতা ৰচনা কৰিছিল আৰু তেওঁৰ তিনিখন কবিতা সংকলন আছে। ২০০৬ চনত ফ্ৰেংকফৰ্টৰ বিশ্ব গ্ৰন্থমেলাত তেওঁৰ কিছুমান কবিতাৰ ইংৰাজীত মুকলি অনুবাদ কৰা হয়।১ Melodies and Guns (ISBN 9788174765802) হৈছে জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাই ইউবিএছপিডিয়ে প্ৰকাশ কৰা তেওঁৰ কবিতা সংকলন। মেমচাহাব পৃথিৱী হৈছে তেওঁৰ অসমীয়া কবিতা সংকলন৭) যিখন প্ৰদীপ আচাৰ্য আৰু মঞ্জীত বৰুৱাই "Melodies and Guns" নামেৰে ইংৰাজীলৈ অনুবাদ কৰিছে। গ্ৰন্থখনৰ প্ৰস্তাৱনা ড° গোস্বামীয়ে নিজেই লিখিছে।৩৫ ১৯৮০ চনত আলফাত যোগদান কৰাৰ আগৰে পৰাই তেওঁ কবিতা লিখি আহিছে।৩ "কেম্পত থকাৰ সময়ত তেওঁৰ পোহনীয়া জন্তু হিচাপে কেইটামান চৰাই আছিল। আত্মগোপনৰ নিশা যেতিয়া সকলোৱে পলাই গৈছিল, তেতিয়া তেওঁ সেইবোৰক লগত লৈ যাব বিচাৰিছিল। শুই থকা দেখি তেওঁ সিহঁত সাৰ পোৱালৈ অপেক্ষা কৰিছিল, কিন্তু সেয়াই বহুত দেৰি হৈছিল।" - ডাঃ মামনি ৰয়ছম গোস্বামীয়ে কয়।৫

কাব্য সংকলন

  • মেহচাহাব পৃথিৱী৮
  • ৰূপৰ নাকফুলি সোণৰ খাৰু৯
  • Melodies and Guns (ইংৰাজীলৈ অনূদিত)

পৰিয়ালৰ হত্যা

২০০০ চনত তেওঁৰ সমগ্ৰ পৰিয়াল - মাতৃ, ডাঙৰ ভাই, ভগ্নী, গৰ্ভৱতী ভনীয়েক – সকলোকে অচিনাক্ত বন্দুকধাৰীয়ে হত্যা কৰে১৫ যিটো তেতিয়াৰ অগপ চৰকাৰে কৰা গোপন হত্যাকাণ্ডৰ অংশ বুলি অভিযোগ উত্থাপন কৰা হয়।১

তথ্যসূত্ৰ

  1. ↑ (2007-01-13). Who's afraid of the ULFA?. Indianexpress.com
  2. ↑ Hussain, Wasbir. South Asia Intelligence review. Satp.org
  3. ↑ Borpujari, Utpal. (2006-08-16). ULFA leader creates poetry in the time of guns
  4. ↑ Melodies And Guns: Poems Of Megan Kachari. Flipkart.com
  5. ↑ Barooah Pisharoty, Sangeeta. (2006-11-06). Negotiating with guns and roses. দ্য হিন্দু
  6. ↑ (2003-12-22). Daimary says he won't surrender. Indianexpress.com
  7. ↑ Melodies and Guns: Poems of Megan Kachari. BookFinder.com
  8. ↑ Memsaheb Prithivi. Scientia Books
  9. ↑ Rupor Nakfuli Sunor Kharu (Poems by Megan Kachary). Scientia Books

সম্পৰ্কিত শ্ৰেণী

কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিথিংগা দৈমাৰী” প্ৰবন্ধৰ সংশোধন ৬০৪৪২১ (৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।