অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হলিচৰণ নাৰ্জাৰী

হলিচৰণ নাৰ্জাৰী (Halicharan Narzary; জন্ম: ১০ মে', ১৯৯৪) এজন অসমীয়া ফুটবল খেলুৱৈ। তেওঁ ভাৰতৰ ক্লাব ফুটবলৰ সৰ্বোচ্চ পেছাদাৰী প্ৰতিযোগিতা ইণ্ডিয়ান ছুপাৰ লীগত বেংগালুৰু এফ চিৰ হৈ ফৰৱাৰ্ড স্থানত খেলে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৩৫২ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

হলিচৰণ নাৰ্জাৰী (Halicharan Narzary; জন্ম: ১০ মে', ১৯৯৪) এজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ফুটবল খেলুৱৈ। তেওঁ ভাৰতৰ ক্লাব ফুটবলৰ সৰ্বোচ্চ পেছাদাৰী প্ৰতিযোগিতা ইণ্ডিয়ান ছুপাৰ লীগত বেংগালুৰু এফ চিৰ হৈ ফৰৱাৰ্ড স্থানত খেলে।

খেলুৱৈ জীৱন

যুৱ কেৰিয়াৰ

নাৰ্জাৰীয়ে প্ৰথমে অসমৰ কোকৰাঝাৰৰ নিজৰ গাঁৱত ফুটবল খেলা আৰম্ভ কৰে। প্ৰথমে তেওঁ নিজৰ বিদ্যালয়ৰ হৈ খেলিবলৈ লয়। স্কুল লীগত ভাল প্ৰদৰ্শন আবঢ়োওৱাৰ পাছত তেওঁ সমীপৱৰ্তী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (SAI)ৰ ছাত্ৰাবাসত নিজৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ পায়। তাৰ পাছতে তেওঁ মাহিলপুৰত অনুষ্ঠিত ১৬-অনূৰ্ধ্ব ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ হৈ খেলাৰ সুযোগ পায়। এই প্ৰতিযোগিতাৰ প্ৰদৰ্শনৰ ওপৰত ভিতই কৰি তেওঁ ভাৰতীয় ১৬-অনূৰ্ধ্ব ফুটবল দলৰ শিবিৰলৈ আমন্ত্ৰিত হয় আৰু ইয়াৰপৰাই তেওঁ ভাৰতীয় ১৯-অনূৰ্ধ্ব ফুটবল দলত সুযোগ পায়।১

পাইলান এৰ'জ

হলিচৰণ নাৰ্জাৰীয়ে ২০১০-২০১১ আই-লীগ চিজনৰ আগতে পাইলান এৰ'জ (তেতিয়াৰ AIFF XI) দলত যোগদান কৰে।২ ২০১১ চনৰ ১৫ মে'ত সেইবাৰৰ বিজয়ী খিতাপ অৰ্জন কৰা চালগাওকাৰ দলৰ বিৰুদ্ধে বিকল্প খেলুৱৈ হিচাপে তেওঁৰ পেছাদাৰী অভিষেক হয়। সেই খেলতে তেওঁ পেচাদাৰী স্তৰত জীৱনৰ প্ৰথম গ'ল দিয়ে।২৩ খেলখনত চালগাওকাৰ ৩-১ গ'লত জয়ী হয়।৩ ২০১১-২০১২ চিজনত প্ৰশিক্ষক সুখবিন্দৰ সিং আৰু সুজিত চক্ৰৱৰ্তীয়ে নাৰ্জাৰীক বেছিকৈ খেলাৰ সুযোগ দিয়া নাছিল। সেই চিজনত তেওঁ মাত্ৰ সাতখন আই-লীগ খেলত ভাগ ল'বলৈ পাইছিল আৰু ভাৰতীয় ফেডাৰেচন কাপ ২০১১তো অংশগ্ৰহণ কৰিবলৈ পোৱা নাছিল। ২০১২-২০১৩ চিজনত পাইলান এৰ'জৰ প্ৰথমখন খেলত নাৰ্জাৰীয়ে দিল্লী ইউনাইটেড দলৰ বিৰুদ্ধে গ'ল দিয়ে আৰু ডুৰাণ্ড কাপৰ সেই খেলখন পাইলান এৰ'জে ২-২ গ'লত ড্ৰ ৰাখিবলৈ সক্ষম হয়।৪

ডেম্পো

২০১৩ চনৰ ২৬ অক্টোবৰ তাৰিখে আন তিনিজন খেলুৱৈৰ সৈতে ঋণত(on loan) ডেম্পো দলৰ সৈতে চুক্তিবদ্ধ হয়।৫ ২০১৩ চনৰ ১ নৱেম্বৰ তাৰিখে আই-লীগত মোহন বাগানৰ বিৰুদ্ধে ডুলেৰ ষ্টেডিয়ামত তেওঁ ডেম্পোৰ হৈ প্ৰথম খেলে। তেওঁ খেলৰ ৫৫ মিনিটত ছাবষ্টিটিউট খেলুৱৈ হিচাপে খেলপথাৰত প্ৰৱেশ কৰে আৰু খেলখন গ'লশূন্যভাৱে অমীমাংসিত হৈ ৰয়।৬

ইণ্ডিয়ান ছুপাৰ লীগ

২০১৪ চনত প্ৰাৰম্ভিক বৰ্ষৰ ইণ্ডিয়ান ছুপাৰ লীগত তেওঁ গোৱা দলৰ হৈ অংশ লয়। ১৫ অক্টোবৰ তাৰিখে নিজৰ দলৰ হৈ প্ৰথমখন খেলত চেন্নাইয়িন এফ চি দলৰ বিৰুদ্ধে উন্নত খেল প্ৰদৰ্শন কৰি শ্ৰেষ্ঠ উদীয়মান ফুটবলাৰৰ সন্মান অৰ্জন কৰে। ২০১৫ চনত তেওঁ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ সৈতে চুক্তিবদ্ধ হয়। ২০১৮ চনৰ পৰা ২০২০ চনলৈ তেখেতে কেৰালা ব্লাষ্টাৰ্ছৰ হৈ, ২০১৯ চনত চেন্নাইয়িন এফ চিৰ হৈ আৰু ২০২০ চনৰ পৰা ২০২৩ চনলৈ হায়দৰাবাদ এফ চিৰ হৈ খেলিছিল। ২০২৩ বৰ্ষত তেওঁ অন্যতম আগশাৰীৰ ক্লাব বেংগালুৰু এফ চিৰ হৈ চুক্তিবদ্ধ হয়।

আন্তঃৰাষ্ট্ৰীয়

আন্তঃৰাষ্ট্ৰীয় খেলত তেওঁ আত্মপ্ৰকাশ কৰে ২০১১ চনৰ ৩১ অক্টোবৰ তাৰিখে ভাৰতীয় অনূৰ্ধ্ব-১৯ দলৰ হৈ ১৯-অনূৰ্ধ্ব টুৰ্কমেনিস্তান ফুটবল দলৰ বিৰুদ্ধে। খেলখনত ভাৰত ৩-১ গ'লৰ ব্যৱধানত জয়ী হয়।৭ ভাৰতীয় অনূৰ্ধ্ব-২৩ দলৰ হৈ তেওঁ আত্মপ্ৰকাশ কৰে ২০১২ চনৰ ২৫ জুন তাৰিখে ইৰাক অনূৰ্ধ্ব-২৩ দলৰ বিৰুদ্ধে। খেলৰ ৩৯ মিনিটত এওঁ খেলপথাৰত প্ৰৱেশ কৰে আৰু ভাৰত ১-২ গ'লৰ ব্যৱধানত পৰাস্ত হয়।৮ তেওঁ ভাৰতীয় ছিনিয়ৰ দলৰ হৈ ২৭ খন মেচত প্ৰতিনিধিত্ব কৰিছে।

কেৰিয়াৰ পৰিসংখ্যা

ক্লাব

পৰিসংখ্যাসমূহ ১১ মে' ২০১৩ লৈকে

ক্লাবচিজনলীগফেডাৰেচন কাপডুৰাণ্ড কাপএ এফ চিসকলো
ভাগগ'লভাগগ'লভাগগ'লভাগগ'লভাগগ'ল
পাইলান এৰ'জ২০১০-১১১১০০০০——১১
২০১১-২০১২৭০০০০০——৭০
২০১২-২০১৩২৫৫২২২১——২৯৮
কেৰিয়াৰ মুঠ৩৩৬২২২১০০৩৭৯

তথ্যসূত্ৰ

  1. ↑ I-League Scouting Report – Holicharan Narzary. Goal.com
  2. ↑ Deb, Debapriya. Pailan Arrows: Team Analysis and Season Preview 2011/12. The Hard Tackle
  3. ↑ Indian Arrows go down to Salgaocar. Indian Sports News
  4. ↑ Andrew is Sesa Goa’s hero. The Hindu
  5. ↑ Arrows players for Dempo. The Times of India
  6. ↑ Noronha, Anselm. Dempo SC 0–0 Mohun Bagan: The Goans were held to a disappointing draw. Goal.com
  7. ↑ India U19 3–1 Turkmenistan U19. The Asian Football Confederation
  8. ↑ Iraq U22 2–1 India U22. The Asian Football Confederation

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া ক্ৰীড়াবিদঅসমৰ ফুটবল খেলুৱৈভাৰতৰ ফুটবল খেলুৱৈবড়ো জনগোষ্ঠীৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হলিচৰণ নাৰ্জাৰী” প্ৰবন্ধৰ সংশোধন ৬৪০৩১২ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।