অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

কোকৰাঝাৰ সংঘৰ্ষ ২০১২

২০১২ চনৰ জুলাই মাহত অসমৰ কোকৰাঝাৰত থলুৱা বড়ো আৰু বঙালীভাষী মুছলমানৰ মাজত সংঘৰ্ষ হৈছিল। প্ৰথম ঘটনাটো হৈছিল ২০ জুলাইৰ দিনা। ৮ আগষ্টলৈ ৭৭ জন লোকৰ মৃত্যু হৈছিল। ৪ লাখতকৈও অধিক লোকে ৪০০ খনতকৈও অধিক গাওঁৰ পৰা বিতাৰিত হৈ ২৭০ টা শৰণাৰ্থী শিবিৰত আশ্ৰয় লব লগীয়া হৈছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩১৩ শব্দ · ২ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

২০১২ চনৰ জুলাই মাহত অসমৰ কোকৰাঝাৰত থলুৱা বড়ো আৰু বঙালীভাষী মুছলমানৰ মাজত সংঘৰ্ষ হৈছিল।১২৩৪৫৬৭৮ প্ৰথম ঘটনাটো হৈছিল ২০ জুলাইৰ দিনা।৯ ৮ আগষ্টলৈ ৭৭ জন লোকৰ মৃত্যু হৈছিল।১০ ৪ লাখতকৈও অধিক লোকে ৪০০ খনতকৈও অধিক গাওঁৰ পৰা বিতাৰিত হৈ ২৭০ টা শৰণাৰ্থী শিবিৰত আশ্ৰয় লব লগীয়া হৈছিল।১১১২১২ ১১ জন লোক নিৰুদ্দেশ হৈছিল।১৩১৪

আঁৰৰ কথা

বড়ো আৰু মুছলমানসকলৰ মাজত ২০১২ চনৰ আগৰে পৰাই ভিতৰুৱা সংঘৰ্ষ চলি আছিল। মুছলমানসকলে নিজকে ব্ৰিটিছে পূৰ্ববংগৰ পৰা বনুৱা হিচাপে অনা মুছলমানৰ বংশধৰ বুলি দাবী কৰিছিল যদিও জনজাতীয় লোকসকলে মুছলমানসকল ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত শৰণাৰ্থী হিচাপে১৫ আৰু বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশৰ জৰিয়তে প্ৰৱেশ কৰা বুলি অভিযোগ কৰি আহিছিল।১৬১৭

কোকৰাঝাৰত সংঘৰ্ষ

২০১২ চনৰ ২০ জুলাইৰ দিনা অচিনাক্ত দুৰ্বৃত্তই জয়পুৰত চাৰিজন বড়ো যুৱকক হত্যা কৰাৰ পিছতে সংঘৰ্ষৰ সূত্ৰপাত হয়।১৮ ইয়াৰ পিছদিনাই মানে ২১ জুলাইৰ দিনা হোৱা আক্ৰমণত দুজন মুছলমানৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়।১৮ প্ৰায় আশীজন মানুহৰ মৃত্যু হয় য’ত অধিকাংই আছিল মুছলমান আৰু কেইজনমান বড়ো। চাৰি লাখতকৈয়ো অধিক লোকে ঘৰ-বাৰী এৰি শিবিৰত আশ্ৰয় লব লগা হয়। তাৰেও বেছিসংখ্যক আছিল মুছলমান।১৯২০ ভাৰতীয় সেনাক দেখা মাত্ৰেই গুলীওৱাৰ আদেশ দি নিয়োগ কৰা হ’ল।২১

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিক্ৰিয়া

কোকৰাঝাৰৰ সাংসদ চাঞ্চুমা খুংগুৰ বিচমূতিয়াৰীৰ অনুৰোধত ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে অসমৰ মূখ্যমন্ত্ৰী তৰুণ গগৈক মাতি নি শান্তি স্থাপনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।২২ ৰাজ্যিক আইনৰক্ষী বাহিনীৰ প্ৰচেষ্টাসত্ত্বেও সংঘৰ্ষ অব্যাহত থকাত ২৪ জুলাইৰ দিনা কেন্দ্ৰীয় চৰকাৰে পেৰামিলিটাৰী দল আৰু ভাৰতীয় সেনাৰ ১৩ টা দল প্ৰেৰণ কৰে। সেইদিনাই দেখামাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিয়া হয় আৰু কোকৰাঝাৰত অনিৰ্দিষ্টকালীন সান্ধ্য আইন বলৱৎ কৰা হয়। তদুপৰি সেইদিনাই কোকৰাঝাৰৰ ৰামপুৰ আৰু চাপৰকাটাত চাৰিজন যুৱকৰ পুলিচৰ গুলীত মৃত্যু হয়।২৩ ২৫ জুলাই ২০১২-ৰ পৰা কেন্দ্ৰীয় বাহিনীৰ সুৰক্ষাৰে ৰেল চলাচল পুনৰ আৰম্ভ হয়।

২৬ জুলাই ২০১২-ত কোকৰাঝাৰত অনিৰ্দিষ্টকালীন সান্ধ্য আইন আৰু চিৰাং আৰু ধুবুৰীত নিশা সান্ধ্য আইন ঘোষণা কৰা হয়১৩।২৬জুলাইৰ দিনা য়ে মৃতকৰ আত্মীয়লৈ ৬লাখকৈ টকা আৰু গৃহহাৰা লোকসকলক চৰকাৰী খৰচত নতুন ঘৰ দিয়াৰ কথা ঘোষণা কৰে।২৮জুলাই,২০১২ৰ দিনাখন হ’ম ছেক্ৰেটাৰী আৰ কে সিঙে কোকৰাঝাৰ জিলা ভ্ৰমণ কৰে১২২৪।

চিবিআই তদন্ত

৭ আগষ্ট ২০১২-ত ভাৰত চৰকাৰে ঘটনাটো অনুসন্ধান কৰাৰ দায়িত্ব চিবিআইক অৰ্পণ কৰে।২৫ ১৯ ছেপ্তেম্বৰত চিবিআইয়ে ২০ জুলাইৰ দিনা চাৰিজন বড়ো যুৱকক হত্যা কৰাৰ অপৰাধত চাৰিজন যুৱকক গ্ৰেপ্তাৰ কৰে। তেওঁলোক হ’ল মহম্মদ আদম আলী, মহম্মদ হাছেম আলী, মহম্মদ কোৰবাণ আলী শ্বেইখ আৰু মহম্মদ ইমৰাণ হুছেইন। লগতে বিপিপিএফৰ বিধায়ক প্ৰদীপ ব্ৰহ্মকো গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকে ঘটনাৰ লগত জড়িত বুলি স্বীকাৰ কৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছিল।২৬ পিছলৈ চিবিআইয়ে ঘটনাটোৰ মূল দোষী অসম আৰক্ষীৰ কনিষ্টবল মহিবুৰ ইছলামক গ্ৰেপ্তাৰ কৰে।২৭

তথ্যসূত্ৰ

  1. ↑ "Assam violence due to Bodo-Muslim feud". The Indian Express. 17 August 2012. Retrieved 2 July 2013
  2. ↑ "Media fueling the myth of Muslim infiltrators" . The Shillong Times. 13 August 2012. Retrieved 2 July 2013
  3. ↑ (28 July 2012). How to share Assam. Indian Express
  4. ↑ "As Tensions in India Turn Deadly, Some Say Officials Ignored Warning Signs. Asia Pacific. 28 July 2012. Retrieved 2 July 2013
  5. ↑ Key facts about Assam violence . hindustantimes.com. 26 July 2012. Retrieved 2 July 2013
  6. ↑ 'External elements' behind Assam violence: Govt. Zeenews.com, 6 August 2012. Retrieved 2 July 2013
  7. ↑ Demographic change and Assam violence . The Pioneer
  8. ↑ (28 July 2012). Assam violence: Home Minister (Sushil kumar Shinde) to visit state on Monday – Top 10 developments. NDTV
  9. ↑ (21 July 2012). 9 killed, curfew clamped in Kokrajhar. The Assam Tribune
  10. ↑ (8 August 2012). Assam violence: Four more bodies found, toll rises to 77. IBN
  11. ↑ Sandeep Joshi; K. Balchand; Sushanta Talukdar. (25 July 2012). Crack down on ring leaders, Centre tells Assam. The Hindu
  12. ↑ (28 July 2012). India's PM promises help to riot victims. Al Jazeera
  13. ↑ (26 July 2012). Assam Violence: Death Toll Rises to 44. Outlook
  14. ↑ (27 July 2012). Assam violence continues for fifth day, toll now 44. First Post
  15. ↑ (26 July 2012). Key facts about Assam violence. Hindustan Times
  16. ↑ Bhaumik, Subir. (26 July 2012). What lies behind Assam violence?. BBC News
  17. ↑ (27 July 2012). Assam violence: A history of conflict rooted in land. NDTV
  18. ↑ (21 July 2012). 9 killed, curfew clamped in Kokrajhar. Assam Tribune
  19. ↑ Bhaumik, Subir. Assam violence reverberates across India. www.aljazeera.com
  20. ↑ Killing for a homeland. The Economist
  21. ↑ Bhaumik, Subir. (2012-07-26). What lies behind Assam violence? - BBC News. BBC News
  22. ↑ (25 July 2012). Assam violence: MHA officials to speak to warring factions. IBN Live
  23. ↑ (24 July 2012). Assam violence: 4 killed in police firing; toll reaches 25. Business Standard
  24. ↑ (26 July 2012). Assam riots live: Tarun Gogoi attacks national media for negative role. FirstPost
  25. ↑ (8 August 2012). Kokrajhar erupts again, Centre orders CBI probe
  26. ↑ (19 September 2012). CBI Makes First Arrests in Assam Violence Case. The Outlook India
  27. ↑ Assam cop triggered Bodoland riots: CBI - Times of India. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাজনৈতিক-সাম্প্ৰদায়িক হিংসাত্মক ঘটনাস্বাধীনোত্তৰ অসমবড়ো জনগোষ্ঠী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোকৰাঝাৰ সংঘৰ্ষ ২০১২” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৫৭ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।