অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দেৱজিত চাংমাই

দেৱজিত চাংমাই (Debajit Changmai) অসমৰ এজন শব্দযন্ত্ৰী। তেওঁ বৰ্তমান মুম্বাইৰ বাসিন্দা আৰু ৰাজকমল কলামন্দিৰ (ফিউচাৰ ৱৰ্কছ) ষ্টুডিঅ'ত কৰ্মৰত। দেৱজিতে ২০১১ চনত অভিষেক চৌবে পৰিচালিত ইস্কিয়া চলচ্চিত্ৰত কৰা শব্দ-সংযোজনৰ বাবে অ'ডিঅ'গ্ৰাফী শাখাত শ্ৰেষ্ঠ শব্দ-সংযোজনৰ ৫৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

হালনাগাদ: ৫ এপ্ৰিল ২০২৪ ১৫৩ শব্দ · ১ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

দেৱজিত চাংমাই (Debajit Changmai) অসমৰ এজন শব্দযন্ত্ৰী। তেওঁ বৰ্তমান মুম্বাইৰ বাসিন্দা আৰু ৰাজকমল কলামন্দিৰ (ফিউচাৰ ৱৰ্কছ) ষ্টুডিঅ'ত কৰ্মৰত।১ দেৱজিতে ২০১১ চনত অভিষেক চৌবে পৰিচালিত ইস্কিয়া চলচ্চিত্ৰত কৰা শব্দ-সংযোজনৰ বাবে অ'ডিঅ'গ্ৰাফী শাখাত শ্ৰেষ্ঠ শব্দ-সংযোজনৰ ৫৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।২ তেওঁ অসমীয়া ভাষাৰ জীৱন বাটৰ লগৰীকে আদি কৰি ভালেকেইখন হিন্দী, তামিল আৰু তেলুগু ভাষাৰ ছবিত শব্দ সংযোজন কৰিছে।৩ ২০১৩ চনত চাংমায়ে বৰফি বোলছবিত কৰা শব্দ-সংযোজনৰ বাবে শ্ৰেষ্ঠ শব্দ-সংযোজনৰ অপ্সৰা অৰ্থাৎ ষ্টাৰ গীল্ড বঁটা লাভ কৰে।৪

জন্ম আৰু বংশ পৰিচয়

১৯৭৪ চনৰ ৩ ছেপ্টেম্বৰত শিৱসাগৰ জিলাৰ বেতবাৰীত দেৱজিৎ চাংমাইৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম গোপীনাথ চাংমাই আৰু মাতৃৰ নাম হিৰণ্য চাংমাই।

শিক্ষা

দেৱজিৎ চাংমায়ে শিৱসাগৰত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰে। ১৯৯৬ চনত তেওঁ পদাৰ্থ বিজ্ঞানক সন্মানীয় বিষয় হিচাপে লৈ যোৰহাট বিজ্ঞান মহাবিদ্যালয়ৰ পৰা স্নাতক উপাধি গ্ৰহণ কৰে।৫ ইয়াৰ পিছত তেওঁ গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ'ত ছাউণ্ড ৰেকৰ্ডিং আৰু ইঞ্জিনিয়াৰিয়াৰিংৰ তিনি বছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰম গ্ৰহণ কৰিছিল।১৩

কৰ্মজীৱন

১৯৯৯ চনত জ্যোতি চিত্ৰবনৰ শিক্ষা শেষ হোৱাৰ লগে লগে অসমত ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰ থকা সীমিত সুবিধাই দেৱজিতলৈ প্ৰত্যাহ্বান কঢ়িয়াই আনে। ২০০২ চনৰ মাৰ্চত শব্দযন্ত্ৰীৰ শিক্ষা সমাপ্ত কৰা আন এজন অমৃত প্ৰীতম দত্তৰ সৈতে তেওঁ ৰেলেৰ মুম্বাইলৈ ৰাওনা হয়। এই বিষয়ে তেওঁ কয়:

“মুম্বাইলৈ অহা দিনটোৰ কথা ভাবিলে আজিও মোৰ এয়া এক কল্পকাহিনী যেন লাগে। অমৃত আৰু মই কেনে দুঃসাহস কৰি মুম্বাইলৈ অহাৰ সিদ্ধান্ত লৈছিলো সেয়া অকল্পনীয়।”১

২০০১ চনত মুম্বাইৰ কৈলাস কমল ষ্টুডিঅ'ত ছিকন্দৰ ঘোষ আৰু অনুপ দেৰ তত্তাৱধানত চাংমায়ে শব্দযন্ত্ৰীৰ কাম আৰম্ভ কৰে। ২০০৬ চনৰ পৰা তেওঁ নিজাকৈ প্ৰকল্প গ্ৰহণ কৰিবলৈ লয়।৩

প্যাৰ কা ছাইড এফেক্টছ বোলছবিত শব্দ-সংযোজনেৰে কেৰিয়াৰ আৰম্ভ কৰা১ দেৱজিতে এতিয়ালৈকে ৬০ খনৰো অধিক বোলছবিত কাম কৰিছে।৪ ইয়াৰ ভিতৰত কমিনে, ডন ২, ৰীমা কাগতিৰ তলাশ্ব, চল' দিল্লী, হিৰ'ইন, আইশ্বা, প্ৰীতি জিণ্টাৰ ইস্ক ইন পেৰিছ, মীৰা নায়াৰৰ দ্য ৰিলাক্টেণ্ট ফাণ্ডামেণ্টেলিষ্ট, ৰোহন চিপ্পিৰ নৌটঙকী চালা, বিশাল ভৰদ্বাজৰ মাত্ৰো কি বিজলী কা মনডোলা, বৰ্ফি! আদি উল্লেখযোগ্য।৩

ব্যক্তিগত জীৱন

২০০৭ চনত ২৩ এপ্ৰিলত শিৱসাগৰৰে জীয়ৰী বৰ্ণালী চাংমাইৰ সৈতে দেৱজিতৰ বিয়া হয়। বৰ্তমান তেওঁলোকৰ এক পুত্ৰ সন্তানো (ৰিদ্ধিমান) আছে।

বঁটা আৰু সন্মান

২০২৪ চনত অসম চৰকাৰে তেওঁ ২০২৩ বৰ্ষৰ বাবে অসমৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা বঁটা প্ৰদান কৰে।৬ তেওঁ লাভ কৰা উল্লেখযোগ্য বঁটাসমূহ হৈছে:

বৰ্ষচলচ্চিত্ৰবঁটাশাখা
২০১১ইস্কিয়াৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ শব্দ সংযোজন
২০১২ধ্বনি বঁটা৪
২০১৩বৰ্ফি! অস্পৰা (ষ্টাৰ গীল্ড বঁটা)শ্ৰেষ্ঠ শব্দ-সংযোজন
২০১৫হাইদৰআইফা (ইণ্টাৰনেচনেল ইণ্ডিয়ান ফিল্ম একাডেমী) বঁটাশ্ৰেষ্ঠ শব্দ-মিশ্ৰণ

চলচ্চিত্ৰপঞ্জী

বৰ্ষচলচ্চিত্ৰপৰিচালকবিভাগভাষাতথ্য
২০০৬ৰংগ দে বসন্তিৰাকেশ ওমপ্ৰকাশ মেহৰাৰি-ৰেকৰ্ডিষ্টহিন্দী৭
২০০৬প্যাৰ কা চাইড ইফেক্টছসকেত চৌধাৰীঅডিও'গ্ৰাফাৰহিন্দী৭
২০০৯জীৱন বাটৰ লগৰীতিম'থী দাস হান্সেশব্দ সংযোজনঅসমীয়া
২০১১ইস্কিয়াঅভিষেক চৌবেশব্দ সংযোজনহিন্দী৭
২০১২বান্ধোন (চলচ্চিত্ৰ)জাহ্নু বৰুৱাশব্দ সংযোজনঅসমীয়া
২০১৩বৰ্ফি! অনুৰাগ বসুশব্দ সংযোজনহিন্দী
২০১৭মাজ ৰাতি কেতেকীসান্ত্বনা বৰদলৈশব্দ সংযোজনঅসমীয়া
২০১৭অন্তৰীণমঞ্জুল বৰুৱাশব্দ সংযোজনঅসমীয়া
২০১৮ভগা খিৰিকীজাহ্নু বৰুৱাশব্দ সংযোজনঅসমীয়া
২০১৯কানীনমঞ্জুল বৰুৱাশব্দ সংযোজনঅসমীয়া
২০১৯ৰত্নাকৰযতীন বৰাশব্দ সংযোজনঅসমীয়া

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (19 May 2011). তাৰ পাছত..? ট্ৰেইনৰ শ্লীপাৰ ক্লাছত উঠি আহিছিলো মুম্বাইলৈ. অসমীয়া খবৰ
  2. ↑ (19 May 2011). National Film Awards 2011: Winners' List. MSN India
  3. ↑ (25 October 2012). Sound Copletes The Visuals - Debajit Changmai. Pandolin
  4. ↑ (20 February 2013). দেৱজিতৰ সাফল্যত শিৱসাগৰতো আনন্দ. দৈনিক জনমভূমি
  5. ↑ (7 June 2011). Debajit Changmai thanks people of Assam for support. The Assam Tribune
  6. ↑ (16 January 2024). Assam CM Announces Names of Recipients for State's Highest Civilian Awards. pratidintime.com
  7. ↑ Filmography of Debajit Changmai. Gomolo.. Gomolo.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তিৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ভাৰত) বিজয়ীঅসম গৌৰৱ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱজিত চাংমাই” প্ৰবন্ধৰ সংশোধন ৪১৭১১৯ (৫ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।