অমৃত প্ৰীতম (Amrit Pritam) এগৰাকী ভাৰতীয় শব্দযন্ত্ৰী।১২ তেওঁ অস্কাৰ বঁটা বিজয়ী শব্দযন্ত্ৰী ৰেচুল পুকুট্টিৰ সৈতে চলচ্চিত্ৰত শব্দ ডিজাইনিঙৰ কাম কৰে। তেওঁ ঘাইকৈ অসমীয়া, হিন্দী, ইংৰাজী আৰু অন্যান্য ভাৰতীয় ভাষাৰ ছবিত শব্দযন্ত্ৰীৰ কাম কৰে। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ একাডেমী অফ মচন পিক্সাৰ আৰ্টছ এণ্ড ছাইন্সেছৰ সদস্য।৩ বৰ্তমান তেওঁ মুম্বাইত ঘৰ কৰিছে আৰু ইয়াতে তেওঁৰ এটা নিজা ষ্টুডিঅ’ আছে।
জন্ম আৰু পৰিচয়
১৯৭৫ চনৰ ৪ নৱেম্বৰ তাৰিখে অসমৰ যোৰহাটৰ কুশল নগৰৰ এক সাংস্কৃতিবান পৰিয়ালত অমৃত প্ৰীতম দত্তৰ জন্ম হৈছিল। পিতৃ দেৱপ্ৰসাদ দত্ত আৰু মাতৃ নলিনীবালা দত্ত। তেওঁৰ পিতৃ দেৱপ্ৰসাদ দত্ত এগৰাকী স্বাধীনতা সংগ্ৰামী তথা শিশুনাট্যকাৰ আৰু মাতৃ নলিনীবালা দত্ত এগৰাকী সত্ৰীয়া নৃত্যশিল্পী আৰু অভিনেত্ৰী আছিল। তেওঁ বৰগীত নিজে খোল বজাই পৰিবেশন কৰাৰ লগতে মাজুলীৰ ৰাসত অভিনয় কৰিছিল। দত্ত দম্পতীদ্বয়ে যোৰহাটৰ বিভিন্ন মঞ্চত অভিনয় কৰিছিল। অমৃত প্ৰীতমৰ ভগ্নী সুজাতা প্ৰিয়ম দত্ত এগৰাকী বিহুৱতী আছিল আৰু ভাতৃ ভগৱত প্ৰীতম অসমীয়া চলচ্চিত্ৰ আৰু দূৰদৰ্শন মাধ্যমৰ জনপ্ৰিয় অভিনেতা তথা সংগীত শিল্পী।
২০১১ চনৰ ১৬ জানুৱাৰী তাৰিখে অমৃত প্ৰীতমে গোপা বেজবৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু বিবাহসূত্ৰে তেওঁ দুটি সন্তানৰ পিতৃ।
শিক্ষা
অমৃত প্ৰীতমে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ ১৯৯৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৯৯ চনত গুৱাহাটীত অৱস্থিত ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত তিনিবছৰীয়া শব্দ অভিযান্ত্ৰিতাৰ পাঠ্যক্ৰমত নামভৰ্তি কৰে।
কৰ্মজীৱন

ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত ছাউণ্ড ৰেকৰ্ডিং আৰু ইঞ্জিনিয়াৰিঙৰ তিনি বছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰম গ্ৰহণ কৰি থাকোঁতে অমৃতে তেওঁৰ শিক্ষক ফাৰুক ইকবালৰ পৰা যথেষ্টখিনি সহায় পাইছিল আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত কলকতাৰ অনুপ মুখাৰ্জীৰ পৰা যথেষ্টখিনি জ্ঞান আয়ত্ত কৰিছিল। ইয়াৰ ফলত তেওঁৰ পাঠ্যক্ৰমৰ তৃতীয় বৰ্ষতে পাঁচখনকৈ অসমীয়া ছবি আৰু কেইবাখনো তথ্যচিত্ৰৰ সহকাৰী হিচাপে কাম কৰাৰ সুযোগ লাভ কৰিছিল। তেওঁ ২০০১ চনৰ মাৰ্চত শব্দযন্ত্ৰীৰ শিক্ষা সমাপ্ত কৰা সহপাঠী দেৱজিত চাংমাইৰ সৈতে ৰেলেৰ মুম্বাইলৈ যায়। ২০০৩ চনত তেওঁ কৰণ জহৰৰ ছবি 'কল হো না হো'ৰ জৰিয়তে বলিউডত প্ৰৱেশ কৰে। তাৰপিছত তেওঁ কেইবাখনো বিভিন্ন ভাষাৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ লগত জড়িত হৈ পৰে। অমৃত প্ৰীতম জড়িত থকা বিশেষ ছবি কেইখন হ'ল: 'গজিনী', 'শ্লামডগ মিলিয়নেয়াৰ', 'ব্লু', 'কল হো না হো', 'ড্ৰিমিং লাছা', 'বুম', 'নেচন' ইত্যাদি।৪
তেওঁ প্ৰায় ১৫ বছৰ মুম্বাইস্থিত ৰছুল পুকুট্টিৰ প্ৰখ্যাত ছাউণ্ড ষ্টুডিঅ' 'কেনাৰিছ পোষ্টছাউণ্ড'ত ছাউণ্ড ডিজাইনাৰ তথা মুখ্য শব্দ সম্পাদক পদত কৰ্মৰত হৈ আছিল। বৰ্তমান তেওঁ নিজাকৈ স্থাপন কৰা অত্যাধুনিক ছাউণ্ড ষ্টুডিঅ' এল চনিড' পষ্ট ছাউণ্ডৰ স্বত্বাধিকাৰী।
বঁটা আৰু সন্মান
অমৃত প্ৰীতমে 'গজিনী' ছবিৰ বাবে ইণ্টাৰনেছনেল ইণ্ডিয়ান ফিল্ম একাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও অল মালায়ালি মুভি এৱাৰ্ড, অপ্সৰা বঁটা, জী চিনে এৱাৰ্ড, টিভি এণ্ড ফিল্ম প্ৰদিউচাৰ্ছ এৱাৰ্ড, মহাৰাষ্ট্ৰ চৰকাৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা, অসম চৰকাৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা, গোৱা চৰকাৰৰ চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ২০১৫ চনত 'হাইৱে' ছৱিৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটালৈ মনোনীত হৈছিল। তদুপৰি এমপিএছই গোল্ডেন ৰীল বঁটাৰ বাবে বাবে তেওঁ দুবাৰ মনোনীত হৈছিল। ২০১০ চনত তেওঁ মালায়লম ছবি 'পাজাশ্ৰী ৰাজা'ৰ ছাউণ্ড ডিজাইনৰ বাবে ৰেচুল পুকুট্টিৰ সৈতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।৫২০১৬ চনত তেওঁ 'ইণ্ডিয়াছ দতাৰ' তথ্যচিত্ৰৰ ছাউণ্ড ডিজাইনৰ বাবে যুটীয়াভাৱে গোল্ডেন ৰীল বঁটা লাভ কৰিছিল।৬
তথ্যসূত্ৰ
- ↑ (19 October 2010). Expert's tips for 'sound' success - Slumdog technician to cut educative album. The Telegraph
- ↑ (15 May 2015). Sound-design is all about painting a picture with Sound. Pandolin
- ↑ (29 June 2017). Academy invites record 774 new members; 39 percent female, 30 percent people color. Hollywood Reporter
- ↑ সংগীতা শইকীয়া. অমৃত প্ৰীতম: শব্দৰে খেলা কৰা যুৱকজন. Your Story
- ↑ (19 October 2010). National Film Award news. NDTV
- ↑ (15 May 2015). Amrit Pritam wins Golden Reel award. Kothasobi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমৃত প্ৰীতম” প্ৰবন্ধৰ সংশোধন ৬১১১৯৩ (৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।