অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰীমা কাগতি

ৰীমা কাগতি (Reema Kagti, পূৰ্বৰ নাম ৰীমা কাকতি) এগৰাকী ভাৰতীয় বোলছবি জগতৰ চলচ্চিত্ৰ পৰিচালক, অভিনেত্ৰী, কাহিনীকাৰ আৰু চিত্ৰনাট্যকাৰ। হনিমুন ট্ৰেভেলছ্ প্ৰাইভেট্ লিমিটেড (Honeymoon Travels Pvt. Ltd.) নামৰ সমালোচকৰ দ্বাৰা প্ৰশংসিত হিন্দী বোলছবিখনৰ জৰিয়তে তেওঁ প্ৰথম ছবি পৰিচালক হিচাপে পদাৰ্পন কৰিছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

ৰীমা কাগতি (Reema Kagti, পূৰ্বৰ নাম ৰীমা কাকতি) এগৰাকী ভাৰতীয় বোলছবি জগতৰ চলচ্চিত্ৰ পৰিচালক, অভিনেত্ৰী, কাহিনীকাৰ আৰু চিত্ৰনাট্যকাৰ। হনিমুন ট্ৰেভেলছ্ প্ৰাইভেট্ লিমিটেড (Honeymoon Travels Pvt. Ltd.) নামৰ সমালোচকৰ দ্বাৰা প্ৰশংসিত হিন্দী বোলছবিখনৰ জৰিয়তে তেওঁ প্ৰথম ছবি পৰিচালক হিচাপে পদাৰ্পন কৰিছিল।

ব্যক্তিগত জীৱন

ৰীমাই মুম্বাইৰ ছ'ফিয়া কলেজৰ পৰা ইংৰাজী সাহিত্যত কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ছ'ফিয়া পলিটেকনিকত তেওঁ সামাজিক গণসংযোগ মাধ্যমৰ স্নাতকোত্তৰ শিক্ষাও গ্ৰহণ কৰিছিল।

কেৰিয়াৰ

ৰীমা কাগতিয়ে কেইবাগৰাকী যশস্বী পৰিচালকৰ সৈতে সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। ফাৰহান আখতাৰৰ দিল চাহতা হেঁই, লক্ষ্য; আশুতোষ গোৱাড়িকাৰৰ লগান; হনী ইৰাণীৰ আৰমান আৰু মীৰা নায়াৰৰ ভেনিটী ফেয়াৰ সেইবোৰৰ ভিতৰত উল্লেখযোগ্য।১

প্ৰতিস্থাৰ কালৰে পৰা ৰীমা Excel Entertainment Pvt. Ltd নামৰ প্ৰতিস্থানটোৰ সহযোগী হিচাপে কৰ্মৰত। ৰীমাই ফাৰহান আৰ জয়া আখতাৰক তেওঁলোকৰ সকলো বোলছবি আৰু বাণিজ্যিক চিত্ৰতে আজি পৰ্য্যন্ত সহযোগিতা আগবঢ়াই আহিছে।২

ৰীমাই ২০০৬ চনৰ হনিমুন ট্ৰেভেলছ্ প্ৰাইভেট্ লিমিটেড নামৰ ছবিখনৰ জৰিয়তে চলচ্চিত্ৰ পৰিচালনাৰ জগতত খোজ পেলাইছিল।৩ তেওঁৰ পৰৱৰ্ত্তী ছবি তলাশ এখন চাছপেঞ্চ্ ড্ৰামা আৰু এই ছবিখনত আমিৰ খান, ৰাণী মূখাৰ্জী আৰু কৰীণা কাপুৰে অভিনয় কৰিছে।৪

চলচ্চিত্ৰ জীৱন

অভিনেত্ৰী হিচাপে

বৰ্ষচলচ্চিত্ৰটোকা
২০০৮ৰ'ক অন! !
২০১২তলাশ

পৰিচালক

বৰ্ষচলচ্চিত্ৰটোকা
২০০৭হনিমুন ট্ৰেভেলছ্ প্ৰাইভেট্ লিমিটেড
২০১২তলাশ

কাহিনীকাৰ

বৰ্ষচলচ্চিত্ৰটোকা
২০০৭হনিমুন ট্ৰেভেলছ্ প্ৰাইভেট্ লিমিটেড
২০১১জিন্দেগী না মিলেগী দোবাৰা
২০১২তলাশ

চিত্ৰনাট্যকাৰ

বৰ্ষচলচ্চিত্ৰটোকা
২০০৭হনিমুন ট্ৰেভেলছ্ প্ৰাইভেট্ লিমিটেড
২০১১জিন্দেগী না মিলেগী দোবাৰা
২০১২তলাশ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2006-11-07). "Initially I had plans to make a dark film; in fact it was darker than an average film" - Reema Kagti. Bollywoodhungama.com
  2. ↑ Honeymoon Travels. Imagineindia.net
  3. ↑ আৰ্কাইভ কপি
  4. ↑ (2010-11-01). Aamir's Khan's next is suspense drama directed by Reema Kagti. Bollywoodhungama.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ চলচ্চিত্ৰ পৰিচালকহিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰীমা কাগতি” প্ৰবন্ধৰ সংশোধন ৩৮৩৫৬১ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।