অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তি
১২ প্ৰবন্ধ
-
অৰুণ নাথ
অৰুণ নাথ অসমৰ এগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা, যিয়ে মঞ্চ, ভ্ৰাম্যমাণ থিয়েটাৰ আৰু পৰ্দা—তিনিও ক্ষেত্ৰত দীৰ্ঘদিন ধৰি অভিনয় কৰিছে। ১৯৮০ৰ দশকৰ পৰা আৰম্ভ কৰি নতুন সহস্ৰাব্দলৈকে তেওঁ বহু সংখ্যক অসমীয়া ছবিত অভিনয় কৰি অসমীয়া চলচ্চিত্ৰৰ বিকাশত উল্লেখযোগ্য অংশীদাৰিত্ব আগবঢ়াইছে।
-
সমৰেন্দ্ৰ নাৰায়ণ দেৱ
সমৰেন্দ্ৰ নাৰায়ণ দেৱ (Samarendra Narayan Dev) অসমৰ এজন চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, টেলিফিল্ম-নিৰ্মাতা, ধাৰাবাহিকৰ পৰিচালক, নাট্যকাৰ। ১৯৭১ চনত মুক্তিপ্ৰাপ্ত আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী অৰণ্য নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল৷ তেখেতে মুঠতে…
-
অমৃত প্ৰীতম
অমৃত প্ৰীতম (Amrit Pritam) এগৰাকী ভাৰতীয় শব্দযন্ত্ৰী। তেওঁ অস্কাৰ বঁটা বিজয়ী শব্দযন্ত্ৰী ৰেচুল পুকুট্টিৰ সৈতে চলচ্চিত্ৰত শব্দ ডিজাইনিঙৰ কাম কৰে। তেওঁ ঘাইকৈ অসমীয়া, হিন্দী, ইংৰাজী আৰু অন্যান্য ভাৰতীয় ভাষাৰ ছবিত শব্দযন্ত্ৰীৰ কাম কৰে।
-
ভূপেন উজীৰ
ভূপেন উজীৰ (Bhupen Uzir) হৈছে অসম, ভাৰতৰ এগৰাকী সংগীত শিল্পী, সুৰকাৰ, বাদ্যযন্ত্ৰী আৰু সংগীত পৰিচালক৷ তেখেতে জীৱন সুৰভি, ব’হাগৰ দুপৰীয়া, প্ৰতিদান, বুকুৰ মাজত জ্বলে, যৌৱনে আমনি কৰে, এই মৰম তোমাৰ বাবেকে ধৰি বিশখনৰো অধিক অসমীয়া ছবিৰ বাবে সংগীত পৰিচালনা কৰিছে৷ ২০২৩ চনত তেখেতক জীৱনজোৰা সাধনাৰ বঁটা…
-
পবিত্ৰ কুমাৰ ডেকা
পবিত্ৰ কুমাৰ ডেকা (Pabitra Kumar Deka, ২৯ জানুৱাৰী ১৯৪০ – ৫ জানুৱাৰী ২০১০) অসম, ভাৰতৰ এগৰাকী চলচ্চিত্ৰ আৰু সাংস্কৃতিক সাংবাদিক, স্তম্ভলেখক, প্ৰকাশক আৰু মাহেকীয়া আলোচনীৰ সম্পাদক, চলচ্চিত্ৰ সমালোচক আৰু চিত্ৰনাট্যকাৰ।
-
অসীম বোথ্ৰা
অসমৰ বিশ্বনাথ চাৰিআলিৰ পৰা ৪.৫ কি:মি: উত্তৰলৈ থকা বৰকুৰা গাৱত ১৯৪৮ চনৰ ১৩ মাৰ্চত জন্ম লোৱা অসীম বোথ্ৰা স্বৰ্গীয় নবিন চন্দ্ৰ বোথ্ৰা আৰু স্বৰ্গীয় মণিবালা বোথ্ৰাৰ ৪নং সন্তান। বিশ্বনাথ মহাবিদ্যালয়ত থকাৰ পৰাই সাংস্কৃতিক জগতৰ লগত ওতঃপ্ৰোত ভাবে জড়িত। ২০১৬ চনৰ ৩১ মাৰ্চ তাৰিখে তেখেতৰ মৃত্যু হয়।
-
দেৱজিত চাংমাই
দেৱজিত চাংমাই (Debajit Changmai) অসমৰ এজন শব্দযন্ত্ৰী। তেওঁ বৰ্তমান মুম্বাইৰ বাসিন্দা আৰু ৰাজকমল কলামন্দিৰ (ফিউচাৰ ৱৰ্কছ) ষ্টুডিঅ'ত কৰ্মৰত। দেৱজিতে ২০১১ চনত অভিষেক চৌবে পৰিচালিত ইস্কিয়া চলচ্চিত্ৰত কৰা শব্দ-সংযোজনৰ বাবে অ'ডিঅ'গ্ৰাফী শাখাত শ্ৰেষ্ঠ শব্দ-সংযোজনৰ ৫৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
মালবিকা বৰা
মালবিকা বৰা (Malabika Bora) অসম, ভাৰতৰ এগৰাকী কণ্ঠশিল্পী। তেওঁ ৫০ বছৰতকৈও অধিক কাল অসমীয়া সংগীত জগতৰ লগত জড়িত হৈ আছে৷ ১৯৭৩ চনত অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰা মালবিকা বৰাই পৰৱৰ্তী সময়ছোৱাত ২৮খন অসমীয়া কথাছবিত নেপথ্য কণ্ঠশিল্পীৰ ভূমিকা পালন কৰিছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ত টেবুল টেনিছ খেল আৰু…
-
নন্দ বেনাৰ্জী
নন্দ বেনাৰ্জী (Nanda Banerjee) অসমৰ এগৰাকী সুৰকাৰ, বাদ্যযন্ত্ৰী, সংগীতশিল্পী আৰু সংগীত পৰিচালক আছিল৷ একাধিক তথ্যচিত্ৰ, ধাৰাবাহিক, গীত সংকলনৰ লগতে তেখেতে 'স্নেহবন্ধন', 'জনকনন্দিনী' আদি অসমীয়া চলচ্চিত্ৰত সংগীত পৰিচালক হিচাপে কাম কৰিছিল ৷ শাস্ত্ৰীয় আৰু পাশ্চাত্য সংগীতত বিশেষভাৱে বিচৰণ কৰা…
-
চিন্ময় বাৰ্মা
চিন্ময় বাৰ্মা (Chinmoy Barma) হৈছে অসমৰ এজন পৰিচালক। ১৯৯৩ চনৰ ৭ আগষ্টত নলবাৰী জিলাত বাৰ্মাৰ জন্ম হয়।
-
দেৱজিৎ গায়ন
দেৱজিৎ গায়ন (Debajit Gayan) এগৰাকী অসমীয়া শব্দযন্ত্ৰী। খাছী চলচ্চিত্ৰ Iewduhত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০২১ চনত সৰ্ব্বশ্ৰেষ্ঠ অডিঅ'গ্ৰাফীৰ ২০১৯ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।২০১৫ চনত অৰং ছবিৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বটাঁ লাভ ৷ হান্দুক চলচ্চিত্ৰত শব্দ ৰূপাঙ্কনৰ বাবে ২০১৮ ত ২য় শৈলধৰ বৰুৱা…
-
পাৰ্থজিৎ বৰুৱা
পাৰ্থজিৎ বৰুৱা (Parthajit Baruah) অসম, ভাৰতৰ এগৰাকী তথ্যচিত্ৰ-নিৰ্মাতা, প্ৰযোজক, চলচ্চিত্ৰ-নিৰ্মাতা, চলচ্চিত্ৰ-সমালোচক, চলচ্চিত্ৰ-ইতিহাসকাৰ, গৱেষক, লেখক আৰু প্ৰবক্তা৷ তেওঁ এতিয়ালৈকে কেইবাখনো তথ্যচিত্ৰ নিৰ্মাণ কৰিছে৷ ২০১৪ চনত লক্ষ্মী ওৰাং– ৰাইজিং ফ্ৰম দ্য গ্ৰেভ শীৰ্ষক তথ্যচিত্ৰখনৰ জৰিয়তে চৰ্চালৈ…